বিলাসীপাৰা, 28 জানুৱাৰী:সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল-নেতাবোৰৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷বিলাসীপাৰাৰ চৰাঞ্চলত শনিবাৰে উপস্থিত হয় এআইইউডিএফ দলৰ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ৷ অঞ্চলটোত উপস্থিত হৈয়ে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদগৰাকীয়ে । ৰাহুল গান্ধীৰ নেতৃত্বত অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাই দলটোত কোনো প্ৰভাৱ নেপেলায় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ফাল্টু আখ্যা দিয়ে আজমলে ৷
বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত মণ্ডল বজাৰত অনুষ্ঠিত ৰাজহুৱা সভাত সহস্ৰাধিক ৰাইজক সাংসদজনে সম্বোধন কৰি কয়, "এইটো লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ বাবে আপোনালোকে মোক তিনিবাৰকৈ নিৰ্বাচিত কৰিছে । আসন্ন নিৰ্বাচনতো নিশ্চিতভাবে মোৰ সপক্ষে ভোট প্ৰদান কৰিব । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাকালীন সময়ত আমাক বিজেপি'ৰ "বি" টীম বুলি কৈছে, দৰাচলতে অসমৰ কংগ্ৰেছহে বিজেপি'ৰ "এ" টীম ।"
সভাত কংগ্ৰেছক তুলা ধূনা দি আজমলে কয়, "কংগ্ৰেছীয়ে মুছলমানৰ ভোট লৈ শাসনত বহে । শাসন দখল কৰিয়ে অসমত 30 লাখ বাংলাদেশী আহিছে বুলি কয় । গোৱালপাৰাত বৃহৎ আকাৰৰ ডিটেনশ্যন কেম্প বনাইছে । কংগ্ৰেছৰ শাসনকালতে নেলী হত্যাকাণ্ড সংঘটিত হৈছে । বিটিআৰত সংঘটিত হৈছে সংখ্যালঘু নিধন যজ্ঞ ।"