নগাঁও,১৬ এপ্ৰিল:“নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক মই ভয় কৰোঁ । কেতিয়া গুলী মাৰি দিয়ে ঠিক নাই । সুৰেশ বৰাৰ পূৰ্বৰ ৰেকৰ্ড বৰ ভাল নহয় । মোক ৰাতি গুলীয়াই মাৰিলে মোৰ ল’ৰা ছোৱালী পিতৃহাৰা হ’ব ।” নগাঁৱত এ আই ইউ ডি এফৰ প্ৰাৰ্থী অমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই বিস্ফোৰক মন্তব্য দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ । মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ কেইবাঠাইত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাই বদৰুদ্দিন আজমলে ।
নগাঁৱৰ শিয়ালমাৰীতো এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দিয়া ভাষণৰ লগতে সংবাদ মাধ্যমৰ সন্মুখতো বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগতে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি লয় বদৰুদ্দিন আজমলে । সুৰেশ বৰাৰ পূৰ্বৰ ৰেকৰ্ডৰ কথা উল্লেখ কৰি তীব্ৰ সমালোচনা কৰে আজমলে । লগতে মাৰ্ঘেৰিটাৰ বাসিন্দা কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ৰাইজে নিৰ্বাচনৰ পাচত সাক্ষাতৰ বাবে বিচাৰিয়েই নাপাব বুলি কটাক্ষ কৰে বদৰুদ্দিন আজমলে ।
বিগত পাঁচ বছৰত সংসদত সংখ্যালঘুৰ কোনো সমস্যা দাঙি নধৰা বুলি উল্লেখ কৰি বৰ্তমান ৬৫ শতাংশ মিঞা ভোট থকা নগাঁও লোকসভা সমষ্টিৰ পৰা মিঞা প্ৰাৰ্থী হিচাপে অমিনুল ইছলামক জয়ী কৰিবলৈ পুনৰ আহ্বান জনায় বদৰুদ্দিন আজমলে । আনকি বিগত কিছুদিন ধৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ সমান্তৰালকৈ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও মূৰত টুপী পৰিধান কৰি ইফটাৰ তথা ঈদৰ নামাজত অংশগ্ৰহণ কৰা সন্দৰ্ভতো কটাক্ষ কৰে বদৰুদ্দিন আজমলে ।