অসম

assam

ETV Bharat / state

মই অখিল গগৈৰ পত্নীক অপমান কৰা নাই : বদৰুদ্দিন আজমল - BADRUDDIN AJMAL APOLOGISES

অৱশেষত সেও মানিলে বদৰুদ্দিন আজমলে ৷ এক ভিডিঅ’ বাৰ্তাযোগে অখিল গগৈৰ পত্নীক ক্ষমা খোজে আজমলে ।

Badruddin Ajmal apologises for remarks on Akhil Gogoi's wife
অৱশেষত সেও মানিলে বদৰুদ্দিন আজমলে (@BadruddinAjmal)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 12:04 PM IST

গুৱাহাটী :অৱশেষত সেও মানিলে এ আই ইউ ডি এফ প্ৰধান তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে । বিধায়ক অখিল গগৈৰ পত্নীক ‘বুঢ়ী’ বুলি কটু মন্তব্য কৰিছিল ৷ তাৰ পাচতে দেওবাৰে আজমলে কৰা অমাৰ্জিত মন্তব্যৰ বাবে ৰাজ্যজুৰি গৰিহণাৰ পাত্ৰও হৈছিল ৷ ইয়াৰ পাচতে সেও মানিলে এ আই ইউ ডি এফ প্ৰধান তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে ।

এই ঘটনাকলৈ ইটোৰ পিছত সিটো গোচৰ তৰা হৈছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে । পিছে ইমান গৰিহণাৰ পিছতো চেতনা ঘূৰি অহা নাছিল আজমলৰ । কিন্তু হঠাতে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ'যোগে ক্ষমা খোজে বদৰুদ্দিন আজমলে ।

অৱশেষত সেও মানিলে বদৰুদ্দিন আজমলে (ETV Bharat)

আজমলে বিধায়ক অখিল গগৈৰ পত্নীক বৌ বুলি সম্বোধন কৰি কয়, ‘‘অখিল গগৈৰ পত্নীক অপমান কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছে । এয়া একাংশ সংবাদ মাধ্যমৰ অপ্ৰচাৰ । কাৰণ মই অখিল গগৈৰ পত্নীক অপমান কৰাৰ কথা কোৱা নাই । যদি কৈছো বা মোৰ কথাত তেওঁ ‌আৰু অন্য নাৰী সমাজে মোক বেয়া পাইছে তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো । ইয়াৰ বাবে মই কোনো লাজ নাপাও ।"

লগতে পঢ়ক :বুঢ়ী বাবেই বুঢ়ী বুলি কৈছোঁ: অসংবেদনশীল আজমল

তেওঁ কয়, ‘‘ মোৰ সকলো মহিলাৰ প্ৰতি সম্মান আছে । সকলো মহিলা মোৰ বৌ, ভনী আদিৰ দৰে ।‌ মহিলাক মই অপমান নকৰো ।’’ উল্লেখ্য যে, সোমবাৰে গুৱাহাটীত বদৰুদ্দিন আজমলক তেওঁৰ বিৰুদ্ধে গোচৰ তৰা বিষয়ত প্ৰশ্ন কৰাত খঙত টিঙিৰি-তুলা হৈ পৰিছিল আজমল ।

আজমলে কৈছিল, “বুঢ়ী মহিলাক বুঢ়ী বুলি ন'কৈ, জীয়ৰী বুলি ক'ম নেকি ? বুঢ়ী বাবেই বুঢ়ী বুলি কৈছো । ধুনীয়া, সুন্দৰী, মিছ ইণ্ডিয়া বুলি ক'লো ৷ কেছ উঠাই ল'ব নেকি এতিয়া ? মই কোৱা কথাটো উঠাই ল'লে এতিয়া কেছটো উঠাই ল'ব নেকি ?"

লগতে পঢ়ক :অখিল গগৈৰ পত্নী বুঢ়ী ! আজমলৰ বিৰুদ্ধে জাতীয় নাৰী বাহিনীৰ এজাহাৰ দাখিল - AJMAL ON AKHIL GOGOIS WIFE

ABOUT THE AUTHOR

...view details