অসম

assam

ETV Bharat / state

আয়ুষ্মান আৰোগ্য মন্দিৰ নে জিৰণি গৃহ ? - POOR CONDITION OF HEALTH CENTRE

ধেমাজিত স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতি । চিকিৎসাৰ নামত স্বাস্থ্যকেন্দ্ৰত ব্যাপক অৰাজকতা । চিকিৎসকৰ অভাৱত হাহাকাৰ ৰোগীৰ ।

Ayushman Arogya Mandir is running due to lack of doctors in Dhemaji
ধেমাজিত স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 21, 2024, 12:10 PM IST

ধেমাজি: স্বাস্থ্যই পৰম ধন বুলি লিখা চৰকাৰী আয়ুষ্মান আৰোগ্য কেন্দ্ৰ অৰ্থাৎ চৰকাৰী চিকিৎসাৰ নামত স্বাস্থ্যকেন্দ্ৰত ব্যাপক অৰাজকতা । গ্ৰামাঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্যক ধেমাজি স্বাস্থ্য বিভাগে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । কেবল ফাঁকিৰেই যেন চলি আছে চৰকাৰী কৰ্মসংস্কৃতি !

স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ কৰা মতে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনৰ বৃহত্তৰ লক্ষীপথাৰৰ স্বাস্থ্য খণ্ডত আয়ুষ্মান আৰোগ্য মন্দিৰ স্বাস্থ্য কেন্দ্ৰটোত নাথাকে স্বাস্থ্য কৰ্মী । ধেমাজি জিলাৰ প্ৰায় ৪৫ খন গাঁৱৰ জনসাধাৰণৰ বাবে এই লক্ষীপথাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ চিকিৎসালয় স্থাপন কৰা হৈছিল ৷

ধেমাজিত স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতি (ETV Bharat Assam)

জৰুৰীকালীন সেৱাৰ বাবে চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীৰ বাবে চৰকাৰী আৱাসগৃহৰ ব্যৱস্থা আছে যদিও কৰ্মচাৰীয়ে সেই সুবিধা গ্ৰহণ নকৰি নিজৰ কৰ্মক্ষেত্ৰত বিভিন্ন অজুহাত দেখুৱাই অনুপস্থিত থাকে । জানিব পৰা মতে স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসক-নাৰ্চকে ধৰি ১৫জন কৰ্মচাৰী থাকিব লাগে যদিও ৫/৬জনহে উপস্থিত থাকে । যাৰ ফলত চিকিৎসাৰ অভাৱত সামান্য অসুখ হ’লেই সুদুৰ ১০/১২ কিঃমিঃ অতিক্ৰম কৰি ৰোগীয়ে ধেমাজি সদৰলৈ আহিবলগীয়া হয় ।

এইক্ষেত্ৰত গুৰুত্ব নাই জিলাখনৰ সংশ্লিষ্ট স্বাস্থ্য বিভাগৰ । খোদ স্বাস্থ্যকৰ্মীয়ে কয়,“চাৰিখন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰটোত আছে ১৫জন কৰ্মচাৰী । এতিয়া পাঁচজনহে আছে । তেওঁলোক কোনো কোনো ছুটীত আছে । কোনোৱে ট্ৰেইনিঙত আছে ৷" ইফালে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয়,"ডাক্তৰজন প্ৰায়ে উপস্থিত নাথাকে । আমাক স্থায়ী ডাক্তৰ এজন লাগে ৷ ৰোগী আহি বিমুখ হ’বলগীয়া হয় । জিলাখনৰ ভিতৰুৱা পিছপৰা অঞ্চলটোৰ একমাত্ৰ এইখন চিকিৎসা কেন্দ্ৰত স্থায়ী চিকিৎসক এজন লাগে ।"

প্ৰশ্ন হয় এয়া ৰোগমুক্তিৰ মন্দিৰ নে ৰোগ ব্যাধি বাহ লোৱা জনসাধাৰণক উপহাস কৰা এটা চৰকাৰী জিৰণি ঘৰ ?

লগতে পঢ়ক:নামৰূপত আবতৰীয়া দেৱালী: মোদী-হিমন্ত-তৰংগৰ প্ৰশংসাত পঞ্চমুখ নামৰূপবাসী - CELEBRATION AT BVFCL CAMPUS

ৰূপজ্যোতি কুৰ্মীৰ মানৱীয়তাত আপোনজনক ওভতাই পালে বলৱন্ত চৌধুৰীয়ে - BIHAR MAN RESCUED IN ASSAM

ABOUT THE AUTHOR

...view details