অসম

assam

তেজপুৰত পুনৰ কিশোৰীৰ শ্লীলতাহানিৰ চেষ্টা: দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ - Molestation attempt at Tezpur

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 5:05 PM IST

Tezpur molestation case : তেজপুৰত পুনৰ এগৰাকী কিশোৰীক দুই দুৰ্বৃত্তৰ শ্লীলতাহানিৰ চেষ্টা । আৰক্ষীৰ জালত দুই দুৰ্বৃত্ত ।

Tezpur Molestation Case
তেজপুৰত পুনৰ কিশোৰীৰ শ্লীলতাহানিৰ চেষ্টা (ETV Bharat Assam)

তেজপুৰ, ২৭আগষ্ট :তেজপুৰ আৰক্ষীয়ে মঙলবাৰে গোটলুঙৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰে । তেজপুৰত এগৰাকী কিশোৰীক শ্লীলতাহানিৰ চেষ্টা চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই দুৰ্বৃত্তক ।

তেজপুৰত পুনৰ কিশোৰীৰ শ্লীলতাহানিৰ চেষ্টা (ETV Bharat Assam)

অতিৰিক্ত আৰক্ষী অধীক্ষক, অপৰাধ শাখাই এই সন্দৰ্ভত সংবাদ মাধ্যমক জনাই, "এগৰাকী কিশোৰীক গোটলুঙৰ সমীপত শাৰীৰিকভাৱে আক্ৰমণ কৰি ডিঙিৰ চেইন আৰু আঙুঠি কাঢ়ি লৈ যোৱাৰ অভিযোগ কৰে পৰিয়ালৰ লোকে । উক্ত স্থানটুকুৰা অপৰাধীৰ ৰম্যভূমি আৰু তাত ড্ৰাগছৰ ব্যাপক প্ৰচলন আছে । উক্ত স্থানত দাগী অপৰাধীৰ সংখ্যা বেছি । জে'লৰ পৰা ওলাই অহা লোকৰ সংখ্যাও বহু বেছি । অপৰাধীক ধৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।"

আনহাতে, অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জনাই, "মহাভৈৰৱ আৰক্ষী চকীৰ অধীনত সোমবাৰে এগৰাকী কিশোৰীক আক্ৰমণ কৰি ডিঙিৰ চেইন কাঢ়ি নিয়া দুই দুৰ্বৃত্ত ক্ৰমে জেচিমুদ্দিন আলী (২২) আৰু একিবুৰ ৰহমানক (১৯) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কিশোৰীগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হয় ।"

উল্লেখ্য যে এই সংক্ৰান্তত মহাভৈৰৱ আৰক্ষী চকীত 513/24 u/s 309 (4) / 74/3(5) BNS নম্বৰৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

ঘটনাৰ সূত্ৰপাত

সোমবাৰে নিশা তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীত পুনৰ এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । তেজপুৰত পুনৰ এগৰাকী কিশোৰীক দুই দুৰ্বৃত্তই শ্লীলতাহানিৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ উল্লেখ্য যে মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত গোটলুঙত সোমবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত এগৰাকী দশম শ্ৰেণীত পঢ়ি থকা কিশোৰীক দুই দুৰ্বৃত্তই অন্ধকাৰৰ সুযোগ লৈ শ্লীলতাহানিৰ অপচেষ্টা চলোৱাৰ অভিযোগ আৰক্ষীক উত্থাপন কৰে ৷

টিউচনৰ পৰা উভতি অহাৰ সময়তে এই ঘটনাটো সংঘটিত হয় আৰু কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত সমীপৰ একাংশ লোক ওলাই অহাত দুই দুৰ্বৃত্তই পলায়ন কৰে ৷ এই ঘটনাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালে মহাভৈৰৱ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷

উল্লেখ্য যে চাৰিদিন পূৰ্বেও একেটা অঞ্চলতে দুগৰাকী যুৱতীক দুই দুৰ্বৃত্তই শ্লীলতাহানিৰ অপচেষ্টা চলাইছিল । ইয়াৰে এজনক ৰাইজে কৰায়ত্ত কৰি মহাভৈৰৱ আৰক্ষীক গতাই দিয়ে । আনহাতে, পলাতক আন এক অভিযুক্ত মিৰাজ আলীক নিশা আৰক্ষীয়ে কৰায়ত্ত কৰাৰ সময়ত আৰক্ষীৰ বন্দুক কাঢ়ি পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীৰ গুলীত আহত হয় ৷

স্থানীয় লোকৰ প্ৰতিবাদ

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় একাধিক সংগঠনে পৰিস্থিতি উত্তাল কৰি তোলাৰ সময়তে সোমবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাত মহাভৈৰৱ আৰক্ষী চকীত যথেষ্টসংখ্যক লোকে ভিৰ কৰে ৷

লগতে পঢ়ক :নাৰী নিৰ্যাতন ৰোধত চৰকাৰ ব্যৰ্থতাকলৈ বিধানসভা চৌহদত কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ - Assam Assembly autumn session
লগতে পঢ়ক :নগাঁৱত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক আটক - Minority leader detained

ABOUT THE AUTHOR

...view details