অসম

assam

ETV Bharat / state

TMPK-MMK-TMMKৰ সভাত আক্ৰমণ এমএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্যৰ সমৰ্থকৰ - attack tmpk tmmk joint meeting

TMPK MMK TMMK Joint meeting: জোনাইত টিএমপিকে, এমএমকে, টিএমএমকে জোনাই জিলা সমিতিৰ যুটীয়া সভা চলি থকা অৱস্থাতে আক্ৰমণ ৷ মূৰ্কংচেলেক কৃষ্টি ভৱনৰ খিৰিকী, আইনা দৰ্জা ভাঙি পেলাই আক্ৰমণকাৰীয়ে ৷ জোনাই থানাত এজাহাৰ দাখিল জাতীয় সংগঠনৰ ৷

Murkongselek Missing Krishti Bhawan
জোনাইত টিএমপিকে, এমএমকেৰ সভা

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 9:19 PM IST

জোনাই, ১৩ মাৰ্চ :টিএমপিকে, এমএমকে, টিএমএমকে জোনাই জিলা সমিতিৰ এখন যুটীয়া সভা মঙলবাৰে মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱন চৌহদত অনুষ্ঠিত হয় । এই সভাখন চলি থকা অৱস্থাতে প্ৰায় ৪০-৫০ জনীয়া এটা দলে সভাস্থলীত প্ৰৱেশ কৰি আক্ৰমণ কৰে ৷ উক্ত আক্ৰমণৰ ফলত টিএমপিকে জোনাই জিলা সমিতিৰ সম্পাদক মিগম দলে, সহকাৰী সম্পাদক জান দলে, কাৰ্যালয় সম্পাদক ৰাহুল পেগু, এম এম কেৰ সদস্য হৰিশ নৰহ, টি এম এম কেৰ সদস্যা বিনিতা চাৰহ, টি এম পি কেৰ আঞ্চলিক সদস্য কুলেশ্বৰ বড়ি, ভাস্কৰ দলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

তদুপৰি আক্ৰমণকাৰীৰ দলটোৱে মূৰ্কংচেলেক কৃষ্টি ভৱনৰ খিৰিকী, আইনা, দৰ্জা ভাঙি ৰাজহুৱা সা সম্পত্তি নষ্ট কৰাৰো অভিযোগ উঠিছে ৷ লগ লগে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে, এই আক্ৰমণত জড়িত ব্যক্তিসকলক অনতি পলমে কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে জোনাই জিলা সমিতিৰ এম এম কে সভাপতি ববীকান্ত পেগু, সম্পাদক সদানন্দ পেগু আৰু টিএমপিকেৰ সভাপতি সঞ্জয় কুম্বাং, সম্পাদক জান দলেই ৷

উল্লেখ্য যে দুৰ্নীতিৰ গোচৰত মিচিং জনগোষ্ঠীৰ প্ৰাক্তন নেতা তথা এমএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদকক আৰক্ষীয়ে আটক কৰাত তেওঁৰ সমৰ্থকে মূৰ্কংচেলেক কৃষ্টি ভৱনত প্ৰবেশ কৰি টিএমপিকে, এমএমকে, টিএমএম কে জোনাই জিলা সমিতিৰ যুটীয়া সভাস্থলীত প্ৰবেশ কৰি আক্ৰমণ কৰাৰ লগতে মূৰ্কংচেলেক কৃষ্টি ভৱনৰ খিৰিকী, আইনা, দৰ্জা ভাঙি ৰাজহুৱা সা সম্পত্তি নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনকেইটাই ৷

এজাহাৰত উজনি বিজয়পুৰ গাঁৱৰ জগদিশ মেদক, হিতেশ মেদক, ডিচি মিলি, হেমেন মেদক, জিন্টু মেদক, কায়ুম মেদক, ক্ৰিপেছ মেদক, নুমলেশ্বৰ মেদক, বিমলা মেদক, কমলচন মেদক, শ্যামল মেদক, বাহিৰ জোনাই গাঁৱৰ কবিতা (কলাৱতী) মেদক, ৰামধন গাঁৱৰ ইজু দলে, লুহিজান গাঁৱৰ অমল ৰেগন, চিগা গাঁৱৰ দিগন্ত টাৱ, দিম্পল কুলি, কাৰদংচুক গাঁৱৰ কৰবী পেগু, কেমি গাওঁ পঞ্চায়তৰ লক্ষী নেপালী বস্তিৰ গীতাঞ্জলী বড়ি পাতিৰ, পুৰণা জেলম গাঁৱৰ ৰুচিন দলে, উজনি বিজয়পুৰ গাঁৱৰ প্ৰিতম কুম্বাং, চেকাই গাঁৱৰ মনেশ্বৰ টায়েৰ নেতৃত্বত অহা প্ৰায় ৪০-৫০ জনীয়া অভিযুক্তৰ নাম উল্লেখ আছে ৷

লগতে পঢ়ক:উত্তাল ৰাজ্য: কা বাতিল নোহোৱা পৰ্যন্ত ৰাজ্য জ্বলোৱাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details