অসম

assam

ETV Bharat / state

এখন ফেৰীয়ে যাত্ৰীৰ ভৰসাৰ থলী হৈ পৰিছে সোৱণশিৰিৰ বুকুত - FERRY SERVICES IN SUBANSIRI RIVER - FERRY SERVICES IN SUBANSIRI RIVER

Subansiri River : লখিমপুৰৰ পৰা ঘূণাসূঁতি সংযোগী পথত সোৱণশিৰিৰ ঘাগৰ পাৰঘাটত চলিছে মাথো এখন ফেৰী ৷ জৰুৰীকালীন সময়ত সহায় কৰিবলৈ নাই দ্বিতীয় এখন ফেৰীৰ ব্যবস্থা ৷ বালিত পোত খাই দিনক দিনে জহি-খহি উঁৱলি গৈছে গদাধৰ নামৰ আন এখন জল পৰিবহণ বিভাগৰ ফেৰী ৷ পিছে বিভাগীয় কৰ্তৃপক্ষৰ নাই কোন সঁহাৰি ৷ চাওক বিতং খবৰ...

FERRY SERVICES IN SUBANSIRI RIVER
সোৱণশিৰিৰ বুকুত বিপদসংকুল যাতায়াত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 8:04 PM IST

লখিমপুৰ ৭ জুলাই:এখন ফেৰীয়ে এতিয়া ভৰসা লখিমপুৰীয়া ৰাইজৰ ৷ কোনো দুৰ্ঘটনা বা আন কোনো জৰুৰীকালীন অৱস্থা সংঘটিত হ’লে পাবলৈ নাই আন কোনো ফেৰী ৷ যাৰবাবে জন প্ৰতিনিধিৰ ওপৰত খড়্গহস্ত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ঘটনাটোনো প্ৰকৃততে কি তাক জানিবলৈ, চাওক আমাৰ এই প্ৰতিবেদন ৷

এখন ফেৰীৰে চলিছে যাতায়াত (ETV Bharat Assam)

প্ৰাপ্ত তথ্য অনুসৰি, লখিমপুৰ জিলাৰ সোৱণশিৰি নৈৰ বুকুৰ ঘাগৰ-ঘূণাসুঁতি ঘাটত যাতায়াতৰ মাধ্যম হিচাপে আছে মাথোঁ এখন ফেৰী ৷ যিখন কেতিয়াবা বিকল হ’লে নাইবা কোনো আকস্মিক দুৰ্ঘটনা সংঘটিত হ’লে উদ্ধাৰ কৰিবলৈ ঘাটত অভাৱ দ্বিতীয় এখন ফেৰীৰ ৷ মাথোঁ এখন ফেৰীয়ে হৈ পৰিছে যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ আশা ভৰসাৰ থল ৷ আনহাতে, কিন্তু নৈৰ পাৰৰ বালিত দীৰ্ঘদিনে পোত খাই থকা অৱস্থাত আছে আভ্যন্তৰীণ জল পৰিবহনৰ গদাধৰ নামৰ বহু লাখটকীয়া ফেৰীখন ৷ তাকে লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত ৷

লগতে পঢ়ক:হেৰুৱাজনক সুৱঁৰি উচুপি উঠিল মেদৰটাৰীবাসী - Ferry sinks in Dhubri

উল্লেখ্য যে, 2021 চনৰ 8 ছেপ্টেম্বৰৰ দিনা ৰাজ্য কঁপাই যোৱা নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল এগৰাকী চিকিৎসককে ধৰি আন কেইবাগৰাকীও ব্যক্তিয়ে ৷ উক্ত ঘটনাতে সদায়ৰ বাবে হেৰাই গৈছিল গুৱাহাটীৰ পৰিমিতা দাস নামৰ সম্ভাৱনাপুষ্ট এগৰাকী অধ্যাপিকা ৷ এই ঘটনাৰ পিছতে অধিক তৎপৰ হৈছিল ৰাজ্য চৰকাৰৰ জল পৰিবহণ বিভাগ ৷ বিভাগে নাও, ফেৰী চলাচলৰ ক্ষেত্ৰত বান্ধি দিছিল কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনা ৷ পিছে পৰৱৰ্তী সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হয় ৷

লগতে পঢ়ক:মা-কমলা ফেৰীতে শেষ যাত্ৰা কৰিলে গুৱাহাটীৰ পৰিমিতাই

লক্ষণীয় কথাটো এয়ে যে, এই ঘাটটোৰে দৈনিক শতাধিক যাত্ৰী পাৰাপাৰ হয় ৷ যদিহে যাত্ৰীসকলৰ ভৰসাৰ থল হিচাপে থকা একমাত্ৰ ফেৰীখন বিকল হৈ পৰে, তেন্তে দুৰ্ভোগ ভূগিবলগীয়া হ’ব যাত্ৰীসকলে ৷ বিপৰীতে কিন্তু গদাধৰ নামৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আন এখন ফেৰী প্ৰায় দুবছৰ ধৰি সোৱণশিৰিৰ পাৰৰ বালিত পোত খাই থকা পৰিলক্ষিত হৈছে, যাক লৈ কোনো কাণসাৰ নাই বিভাগৰ ৷ কেইবালাখ টকা মূল্যৰ ফেৰীখন এনেদৰে থোৱাৰ বাবে হাবি-জংঘলে আৱৰি ধৰাত জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে ৷

লগতে পঢ়ক:মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Ferry Stuck In Brahmaputra

আনহাতে, চৰকাৰে ঘাগৰ ঘূণাসুঁতি ঘাটৰ মহাইজানত বহু কোটিটকীয়া এখন দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছিল, যি খনৰ নিৰ্মাণৰ গতি অতি চালুকীয়া অৱস্থাতে আছে ৷ যাৰ বাবে নৈৰ বুকুৱেদি যাতায়াতৰ ক্ষেত্ৰত একপ্ৰকাৰ দুৰ্যোগৰ সন্মুখীন হৈছে দৈনিক পাৰাপাৰ হোৱা যাত্ৰীসকল ৷ সেয়ে এই যাত্ৰীসকলে অনতিপলমে বিভাগৰ লগতে চৰকাৰক এইক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক:ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত ২ ঘন্টা আবদ্ধ জাহাজ - Ship stranded in Brahmaputra

ABOUT THE AUTHOR

...view details