টীয়ক, ১৫ ফেব্ৰুৱাৰী :বৃহস্পতিবাৰে টীয়কৰ লাহদৈগড়ৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তাৰ পাচত মুখ্যমন্ত্ৰী শৰ্মাই বুজ লয় নিৰ্মাণৰত লাচিত মৈদাম সংস্কৃতিক প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ । লাচিতৰ মূৰ্তি নিৰ্মাণৰ কাম ইতিমধ্যে ৯০ শতাংশ সম্পূৰ্ণ হৈছে ৷ অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত লাহদৈগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তেতিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে এই প্ৰকল্পৰ শুভ উন্মোচন কৰিব ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লাহদৈগড় পৰিদৰ্শনৰ সময়ত অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে স্থানীয় কেইবাগৰাকীও বিধায়ক-নেতা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । ইপিনে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ জনাই যে অসমখন চান্দা আৰু আন্দোলনৰ বাবে বহু পিচ পৰি আছে । কিন্তু বৰ্তমান ২০১৪ চনৰ পৰা ক্ৰমাৎ সেই অপ-সংস্কৃতি হ্ৰাস হৈছে ৷ সেয়ে অসমৰ বিভিন্ন স্থানত বৃহৎ বৃহৎ প্ৰকল্পৰ কাম চলাই অসমখনৰ ছবি অহা সময়ছোৱাত সলনি কৰি আৰু অধিক আকৰ্ষণীয় কৰি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷