গুৱাহাটী: বুধবাৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে সামুদ্ৰিক ঘূৰ্ণী বতাহ 'ডানা' । 'ডানা'ৰ প্ৰভাৱ অসমতো পৰিব বুলি উল্লেখ কৰে বৰঝাৰস্থিত গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অৱশ্যে বৰ্তমান পৰ্যন্ত এই ক্ষেত্ৰত কোনো ধৰণৰ সতৰ্কবাণী জাৰি কৰা নাই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আই এম ডিয়ে সদৰী কৰা তথ্য মতে বৃহস্পতিবাৰৰ নিশা বা ২৫ অক্টোবৰৰ পুৱাৰ ভাগত সামুদ্রিক ঘূর্ণী বতাহ 'ডানা'ৰ ওড়িশাত প্ৰৱেশ কৰিব ।
লগতে পৰৱৰ্তী সময়ত পশ্চিমবংগৰ উপকুলীয় অঞ্চলত প্ৰৱেশ কৰিব । আই এম ডিয়ে ঘূৰ্ণী বতাহৰ গতিবেগ প্রতি ঘণ্টাত ১০০ৰপৰা ১১০ কিলোমিটাৰ হোৱাৰ লগতে ভূমিস্পৰ্শৰ সময়ত ইয়াৰ বেগ ১২০ কিলোমিটাৰলৈ বৃদ্ধি পাব বুলি আশংকা কৰিছে । সামুদ্রিক ঘূর্ণী 'ডানা'কলৈ সতৰ্ক হৈছে ওড়িশা আৰু পশ্চিমবংগ চৰকাৰ । ওড়িশা আৰু পশ্চিমবংগ চৰকাৰে উপকূলীয় অঞ্চলৰপৰা তাৰ বাসিন্দাসকলক স্থানান্তৰ কৰা কাম তীব্ৰতৰ কৰি তুলিছে ।
বংগোপসাগৰত সৃষ্টি হোৱা তীব্র চাপৰ প্ৰভাৱত 'ডানা' ঘূৰ্ণীৰ উদ্ভৱ হৈছে আৰু ই অচিৰেই তীব্ৰ ৰূপ ধাৰণ কৰাৰ আশংকাৰ সৃষ্টি হৈছে । দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ঘূৰ্ণী বতাহে ওড়িশাৰ কণিকা পাৰ্ক আৰু ধামৰা বন্দৰৰ মাজৰ উপকূলত প্রথমে আঘাত হনা আশংকা আছে । 'ডানা'ৰ প্রভাৱ ওড়িশাতেই আটাইতকৈ বেছি পৰাৰ লগতে ইয়াৰ প্ৰভাৱত তীব্ৰ ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ আশংকা কৰা হৈছে ।
পশ্চিমবংগতো 'ডানা'ৰ ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন সতর্কতামূলক ব্যৱস্থা লোৱা হৈছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 'ডানা'ৰ প্ৰভাৱত অসমৰ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, কামৰূপ, কামৰূপ মহানগৰ, কৰিমগঞ্জ, পশ্চিম কাৰ্বি আংলং, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও আৰু গোলাঘাট জিলাত বৰষুণ হ'ব । ইপিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গুৱাহাটীত অহা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ দিনৰ ভাগত ঘন কুঁৱলী পৰিব ।