অসম

assam

সমুখত হেঁপাহৰ ৰঙালী; ফুলাম গামোচা বোৱাত ব্যস্ত শিপিনী - Bohag Bihu 2024

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 12:18 PM IST

Handmade Assamese Gamocha : আহি আছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ ৰঙালীৰ বাবে টিংখাঙত শিপিনীয়ে বৈ উলিয়াইছে জাপে-জাপে ফুলাম গামোচা ৷ বহিঃৰাজ্যৰ পাৱাৰলুমত উৎপাদিত গামোচাক প্ৰত্যাহ্বান অসম শিপিনীয়ে বৈ উলিওৱা গামোচাৰ ৷

সমুখত হেঁপাৰ ৰঙালী; ফুলাম গামোচা বোৱাত ব্যস্ত শিপিনী
সমুখত হেঁপাৰ ৰঙালী; ফুলাম গামোচা বোৱাত ব্যস্ত শিপিনী

আহি আছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু

ডিব্ৰুগড়, ২৮ মাৰ্চ : আহি আছে অসমীয়াৰ অতিকৈ হেঁপাহৰ ৰঙৰ ৰঙালী বিহুটি । নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ৰাজ্যবাসী সাজু হৈছে বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ । গাত তৰণি নোহোৱা হৈছে চহা অসমীয়াৰ ৷

ব’হাগ বুলি ক'লেই প্ৰথমে মনলৈ আহে ফুলাম বিহুৱান খনিৰ কথা । ব'হাগ মানেই যেন শিপিনীৰ ব্যস্ততাৰ অন্ত নাই । গ্ৰাম্য চহা অসমীয়া মহিলাসকল এতিয়া ব্যস্ত হৈছে হেঁপাহৰ বিহুৱান বৈ উলিওৱাত । ইয়াৰ মাজতে টিংখাঙত শিপিনীয়ে বৈ উলিয়াইছে জাপে-জাপে ফুলাম গামোচা ।

টিংখাঙৰ শলগুৰি পঞ্চায়তৰ অন্তৰ্গত লাকী গ্ৰাম্য সংগঠন আৰু একতা গ্ৰাম্য সংগঠনৰ মহিলাসকল এতিয়া ব্যস্ত জাপে-জাপে ফুলাম গামোচা বৈ উলিওৱাত । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তত্বাৱধানত অঞ্চলটোৰ বহু মহিলা এতিয়া নিয়োজিত হৈ পৰিছে গামোচা উৎপাদনত ।

বহিঃৰাজ্যৰ গামোচা নিষিদ্ধ হোৱাৰ পাচৰে পৰা দুগুণ উদ্যমেৰে হস্তশিল্পৰ প্ৰতি মনোনিৱেশ কৰাৰ লগতে নিজকে স্বাৱলম্বী কৰি তোলাত সফল হৈছে এইসকল মহিলা শিপিনী । গামোচাৰ লগতে শিপিনীৰ যাদুকৰী হাতৰ পৰশত প্ৰস্তুত কৰি উলিয়াইছে নানাৰঙী চাদৰ, মেখেলাও । উৎপাদিত গামোচা তথা চাদৰ-মেখেলাসমূহে ইতিমধ্যে ভাল চাহিদা লাভ কৰিছে ৷ লগতে ইয়াৰ উচিত মূল্য পাবলৈ সক্ষম হৈছে এইসকল মহিলাই ।

উল্লেখ্য যে, বহিঃৰাজ্যত পাৱাৰলুমত উৎপাদিত গামোচা ৰাজ্যত বন্ধ কৰাৰ বাবে সময়ে সময়ে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও আজিও অসমৰ বজাৰত উভৈনদী পাৱাৰলুমৰ গামোচা । ফলত থলুৱা শিপিনীয়ে উৎপাদন কৰা গামোচাৰ চাহিদা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে যদিও এইসকল উদ্যমী মহিলাই নিজৰ চেষ্টা অব্যাহত ৰাখিছে ।

লগত পঢ়ক :বসন্তৰ সুবাস বিলাইছে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা মাধৈ-মালতীয়ে - madhai malati flowers preserved

ABOUT THE AUTHOR

...view details