মৰিগাঁও, ৩ ফেব্ৰুৱাৰী:শুকুৰবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহা-বৰষুণৰ ফলত বোকাময় হৈ পৰে বাৰপূজীয়া বিশেষ অধিবেশনৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । আনকি বিজুলী-ঢেৰেকনি, বতাহ-বৰষুণৰ বাবে সকলোৱে দোকান পোহাৰে আশ্ৰয় ল'বলৈ বাধ্য হয় সকলো ৷
ইফালে অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ অধিৱেশনৰ তৃতীয় দিনাৰ দিনৰ কাৰ্যসূচীত উদুলি-মুদুলি হৈ পৰে পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । প্ৰথম কাৰ্যসূচী ৰূপে বণাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে ।
আনহাতে, মূল মণ্ডপত অনুষ্ঠিত হয় শিক্ষাবিদ ভোগনাথ দেউৰী সোঁৱৰণী বুৰঞ্জী সন্মিলন । এই বুৰঞ্জী সন্মিলন উদ্বোধন কৰে গৱেষক সাহিত্যিকে ড৹ শৰৎ ফুকনে । এই সন্মিলনত সঞ্চালনা কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹মৃণাল কুমাৰ বৰাই । শিক্ষাবিদ মনেশ্বৰ দেউৰীয়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা সন্মিলনত আলোচক ৰূপে ক্ৰমে বুৰঞ্জীবিদ ড৹ হাতেম আলী, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান হাজৰিকা, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰে অংশগ্ৰহণ কৰে ।
আনহাতে, দুপৰীয়া মুকলি সভাখন উদ্ধোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰাই । ৰাজ্যখনৰ বৰেণ্য সাহিত্যিক সকলে অংশগ্ৰহণ কৰা এই মুকলি সভাত বহিঃৰাজ্যৰ তথা ওড়িশাৰ সংস্কৃত পণ্ডিত ড৹ সম্পদানন্দ মিশ্ৰ, ড৹ নগেন শইকীয়া, ৰংবং তেৰাঙৰ প্ৰমুখ্যে কেইবাগৰাকী প্ৰবীণ সাহিত্যিকে এই মুকলি সভাত বক্তব্য আগবঢ়ায় ।