সাহিত্য সভাৰ সভাপতি নিৰ্বাচন হোৱাতকৈ মনোনীত হোৱাই ভাল । কিন্তু সংবিধান অনুসৰি নিৰ্বাচনী পদ্ধতি অৱলম্বন কৰা হৈছে । এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতিৰ ।
গোলাঘাট :"অসম সাহিত্য সভাৰ বিশেষ পদবী সভাপতিৰ বাবে নিৰ্বাচন হোৱাতকৈ মনোনীত সভাপতি হোৱাই ভাল । কিন্তু অসম সাহিত্য সভাৰ সংবিধান অনুসৰি নিৰ্বাচনী পদ্ধতি অৱলম্বন কৰা হৈছে ।" সোমবাৰে বোকাখাতত এই কথা কয় অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডঃ সূৰ্যকান্ত হাজৰিকাই ।
বোকাখাত নাট্য মন্দিৰত বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছত সাংবাদিকৰ আগত অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বিষয়ে তেওঁ কেইবাটাও কথা প্ৰকাশ কৰে । তেওঁ কয়, "ইতিমধ্যে অসম সাহিত্য সভাৰ যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই প্ৰক্ৰিয়া সমাপ্ত হৈছে । অসম সাহিত্য সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ দুখন বৈঠক অনুষ্ঠিত হৈছিল । প্ৰথম বৈঠকৰ আলোচনাত আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাছিলো । পৰবৰ্তী পৰ্যায়ত হোৱা দ্বিতীয়খন বৈঠকত মূল সিদ্ধান্ত লোৱা হৈছিল ।"
সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কয়, "পূৰ্বতে তিনিটা কাৰ্যকালত সৰ্বসন্মতিক্ৰমে এককভাৱে সভাপতি নিৰ্বাচিত হৈছিল যদিও সেই সময়ত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে । সেই সময়ত অসমৰ বিভিন্ন শাখা সাহিত্য সভাই এই বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত পুনৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"
সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য, "মই ব্যক্তিগতভাৱে কম যে সভাপতিগৰাকী নিৰ্বাচনৰ বিপৰীতে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হ'লে বেছি সন্মানীয় হয় । কিন্তু সংবিধানত অন্তৰ্ভুক্ত থকাৰ বাবে এই প্ৰক্ৰিয়া কৰিবলগীয়া হৈছে ।"
আনহাতে, অসম সাহিত্য সভাৰ ইতিহাস সুঁৱৰি তেওঁ কয়, "অসম সাহিত্য সভাই ১০৪ বছৰত ভৰি দিলে । কিন্তু তাৰ আগতে যদি আমি চাওঁ কলিকতাত যেতিয়া এ এছ এল ক্লাব গঠন কৰা হৈছিল তাৰ পৰবৰ্তী সময়ত অসমীয়া ভাষা উন্নতি সাধিনী সভা ১৮৮৮ খ্ৰীষ্টাব্দত গঠন কৰা হৈছিল । তাৰ পৰা আহি আহি অসম সাহিত্য সভা হৈছে । কাৰণ কলিকতাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ বাবে গৈছিল, তেখেতসকলে চিন্তা কৰিছিল যে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কাৰণে এটা সন্থাৰ প্ৰয়োজন । যাৰ পৰিপ্ৰেক্ষিতত অসমলৈ আহি অসম সাহিত্য সভা আৰম্ভ কৰিলে । গতিকে অসম সাহিত্য সভাৰ ইতিহাস চালে প্ৰায় ডেৰশ বছৰৰ অধিক হ'ব ।"
সাহিত্য সভাৰ বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, "এনে এটা বৃহৎ অৱস্থালৈ গতি কৰা অসম সাহিত্য সভাত এতিয়া আলোচনা-বিলোচনা, বিতৰ্ক হোৱাটো স্বাভাৱিক কথা আৰু মই ভাবো যে এটা সংস্থাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আলোচনা-পৰ্যালোচনাৰ প্ৰয়োজন আছে । কিন্তু মোৰ কাম্য যে বিতৰ্কবিলাক গঠনমূলক হ'ব লাগে আৰু দ্বিতীয়টো কথা যে বিতৰ্ক কৰিব লাগে বুলিয়েই বিতৰ্ক কৰাতকৈ এই বিতৰ্কৰ যোগেদি কি কৰিলে ভাল হয় তাৰ দিহা-পৰামৰ্শ আগবঢ়াব লাগে ।"