ETV Bharat / state

সলনি হ’ল টেট পৰীক্ষাৰ দিন, উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ - GAUHATI HIGH COURT

টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা । ১৫ দিনলৈ পিছুওৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

Gauhati High Court orders TET exam to be postponed by 15 days
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 21, 2024, 5:15 PM IST

গুৱাহাটী: শিক্ষা বিভাগে ২৯ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ‘টেট' তথা মকৰল (নিযুক্তি) পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ে পিছুওৱাৰ নিৰ্দেশ জাৰি কৰিছে । ‘টেট' তথা মকৰল (নিযুক্তি) পৰীক্ষা ন্যূনতম ১৫ দিন পিছুওৱাৰ সপক্ষে ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । প্ৰায় এবছৰ পূর্বে বিজ্ঞাপন প্রকাশ পোৱা এই ‘টেট তথা মকৰল পৰীক্ষা'ক লৈ চলা আইনী যুঁজৰ পাছত আদালত অনুমতিত শিক্ষা বিভাগে ২৯ ডিচেম্বৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ কৰিছিল ।

কিন্তু ইয়াৰ মাজতে যোৱা ৩ ডিচেম্বৰত এই পৰীক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ত ঘটোৱা সাল-সলনিক লৈ ৬১ গৰাকী প্ৰাৰ্থীয়ে পৰীক্ষাৰ দিন পিছুওৱাৰ আৰ্জিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে । এই আৰ্জিৰ ভিত্তিত শুকুৰবাৰে ৰাজ্যৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে অহা ২৯ ডিচেম্বৰত অনুষ্ঠিত কৰিব লগা ‘টেট তথা মকৰল (নিযুক্তি) পৰীক্ষা ন্যূনতম ১৫ দিন পিছুওৱাৰ সপক্ষে ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

উল্লেখ্য যে এই পৰীক্ষাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে প্রার্থীক অনলাইন প্ৰৱেশপত্র প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । শিক্ষা বিভাগৰ উল্লিখিত তাৰিখৰ নতুন জাননীযোগে প্রার্থীসকলে দশম শ্ৰেণীৰ পৰ্যায়ৰ গণিতৰ ১৫ নম্বৰৰ প্রশ্ন পূৰ্বৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে । তিনি ডিচেম্বৰৰ আগৰ কোনো জাননীত এই বিষয় অন্তৰ্ভুক্ত নাছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত আবেদনকাৰীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ অৰ্থে পর্যাপ্ত সময় নোপোৱাৰ আপত্তি দৰ্শাই পৰীক্ষা পিছুওৱাৰ বাবে আবেদন জনায় ।

৬১ গৰাকী প্ৰাৰ্থীয়ে পৰীক্ষাৰ দিন পিছুওৱাৰ আৰ্জিৰ এই শুনানিৰ পাছত শনিবাৰেও ন্যায়াধীশ মনীষ চৌধুৰীৰ বিচাৰপীঠত আবেদনখনৰ শুনানি হয় । শুনানিত ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই আদালতক পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি জনায় আৰু কয় যে প্রশ্নকাকতকে ধৰি যাৱতীয় সকলো কাম সম্পূৰ্ণ কৰা হৈছে । তথাপি আবেদনকাৰীৰ আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ ২৯ ডিচেম্বৰৰ পৰীক্ষাটো ন্যূনতম ১৫ দিন পিছুৱাবলৈ সাজু বুলি তেওঁ আদালতক জনায় ।

আনহাতে, এই প্রসংগতে ন্যায়াধীশ চৌধুৰীয়ে চৰকাৰী পক্ষক উদ্দেশ্যি কয় যে তেওঁ প্ৰক্ৰিয়াটো বিচ্যুত কৰিব বিচৰা নাই । যুক্তি আবেদনকাৰীৰ সপক্ষে আছে । ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰ পৰীক্ষাটো ১৫ দিন পিছুৱাবলৈ সাজু বুলি মহাধিবক্তাই আদালতক অৱগত কৰায় । এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তা শান্তনু বৰঠাকুৰে আদালতক জনায় যে আৰু চৰকাৰৰ এই স্থিতিত আবেদনকাৰীৰো কোনো আপত্তি নাই । অধিবক্তা শান্তনু বৰঠাকুৰে জনাই যে সেই মর্মে আদালতে চৰকাৰৰ স্পষ্ট স্থিতিৰ পাছত আবেদনখন নিষ্পত্তি কৰে‌ ।

লগতে পঢ়ক: চৰত কৰ্মৰত শিক্ষকৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে - Teachers Transfer Assam - TEACHERS TRANSFER ASSAM

কংগ্ৰেছৰ শাসনত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কি হৈছিল ? দিল্লীৰ পৰা কোনে বাধা দিছিল টেট শিক্ষক নিযুক্তিত ? - Appointment letter distribution - APPOINTMENT LETTER DISTRIBUTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.