টংলা : ওদালগুৰিৰ টংলা দুই ভাতৃক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ লগত জড়িত থকা সন্দেহত আৰক্ষীয়ে তেওঁলোকৰ সতীয়া ভাতৃক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে সম্প্ৰতি অপৰাধৰ লগত জড়িত অস্ত্ৰ জব্দ কৰি প্ৰমাণ সংগ্ৰহ কৰি আছে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি এই কথা জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, ওদালগুৰিৰ টংলাত শনিবাৰে পুৱা নৈৰ পাৰৰ হাবিৰ মাজত উদ্ধাৰ হয় দুই ছাত্ৰৰ মৃতদেহ । মৃতদেহ দুটা একেটা পৰিয়ালৰে ক্ৰমে পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুই ভাতৃ আছিল । ইয়াৰ পাছতেই এই নৃশংস হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তাবী চাঞ্চল্যৰ সৃষ্টি হয় । শুকুৰবাৰৰ পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল ককাই-ভাই । আন দিনাৰ দৰেই পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ ওলাই গৈছিল গৌৰৱ আৰু কৌশিক নামৰ দুই ভাই ৷ তাৰ পিছৰে পৰা দুয়ো নিৰুদ্দেশ হৈ আছিল ।
Reference murder of two young boys in Tangla Udalguri - the accused, who is related to the victims has been detained by police and the weapon of offence has been seized and evidence being collected per procedure. IGP BTR and SP Udalguri would brief the media in detail about the…
— GP Singh (@gpsinghips) December 21, 2024
নৃশংস ঘটনা
ওদালগুৰিৰ জিলাৰ টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুই ভাতৃ ক্ৰমে কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা নিৰুদ্দেশ হোৱা ঘটনাৰ পিছতে হুৱা-দুৱা লাগে অঞ্চলটোত । দুয়োৰে ঘৰ টংলাৰ যোৰ পুখুৰীত । পুৱা বিদ্যালয়লৈ দুয়োজনে ঘৰৰ পৰা ওলাই আহিছিল যদিও বিদ্যালয় নাপালেগৈ । চলি থকা পৰীক্ষাত দুই ভাতৃক অনুপস্থিত দেখি বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে পৰিয়ালক ফোন কৰি খবৰ লয় । তাৰ পিছতে পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে । বিভিন্ন স্থানত খবৰ লয় যদিও শনিবাৰে পুৱালৈ কোনো সন্ধান ওলোৱা নাছিল দুই ছাত্ৰৰ । শুকুৰবাৰে টংলা আৰক্ষী থানাত পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশাও ধাৰাবাহিক অনুসন্ধান চলায় ।
দুই শিশুৰ মৃতদেহ উদ্ধাৰ
শেষত শনিবাৰে পুৱা নিৰুদিষ্ট দুই ককাই-ভাইৰ মৃতদেহ উদ্ধাৰ হয় টংলাৰ বানচিৰিয়াত নদীৰ পাৰৰ নিৰ্জন হাবিতলীয়া ঠাইত । ডিঙিত আঘাতৰ চিন দেখি দুয়োকে দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে । ইফালে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ তদন্তৰ খাতিৰত মন্তব্য কৰাৰ পৰা বিৰত আছে আৰক্ষী ৷ ঘটনাস্থলীত উপস্থিত হোৱা এগৰাকী স্থানীয় লোকে কয়, "টংলাৰ বাবে আজি এক ক'লা দিন ৷ ইমান নৃশংস ঘটনা ইয়াত কেতিয়াও ঘটা নাই ৷ এয়া এক পৰিকল্পিত হত্যা । কাৰণ কোনো ধৰণৰ ধন দাবী আদিও কৰা নাছিল । আমি ইযালৈ আহি গম পাইছো যে দেৱ শিশু দুটিৰ পিতৃয়ে দুগৰাকীকৈ বিয়া কৰাইছিল । পাৰিবাৰিক কাৰণতো হ'ব পাৰে এই হত্যাকাণ্ড । সেয়ে আৰক্ষীয়ে দ্ৰুত তদন্ত চলাই দোষীক ধৰি উপযুক্ত শাস্তি দিব লাগে । পিতৃৰ প্ৰথমা পত্নী আৰু তেওঁৰ সন্তান ক'ত আছে, এইবোৰো তদন্তৰ আওতাত সোমোৱাব লাগে ৷"
ইয়াৰ পাচতেই বিয়লিলৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই সতীয়া ভাতৃক আটক কৰাৰ কথা ব্যক্ত কৰে ৷
লগতে পঢ়ক :নগা উগ্ৰপন্থী সংগঠনে মুকলি কৰিলে নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক - CHARAIDEO KIDNAPPING CASE