হায়দৰাবাদ: ইউটিউবৰ ভিডিঅ’ ক্ৰিয়েটৰসকলৰ বাবে ইউটিউব ইণ্ডিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এক নতুন নিয়ম ৷ ভিডিঅ’ ক্ৰিয়েটৰসকলে নিজৰ ভিডিঅ’ কন্টেন্ট অধিক আকৰ্ষণীয় কৰিবলৈ অতিৰঞ্জিত শিৰোনাম বা থাম্বনেইল ব্যৱহাৰ কৰা একাংশ ক্ৰিয়েটৰৰ বাবে এই সতৰ্কবাণী । গুগলে এটা ব্লগ পোষ্টত উল্লেখ কৰিছে যে ক্লিকবেটৰ শিৰোনাম বা থাম্বনেইল থকা ভিডিঅ’সমূহ, বিশেষকৈ ব্ৰেকিং নিউজ বা সাম্প্ৰতিক পৰিঘটনাৰ সৈতে জড়িত ভিডিঅ’সমূহ আঁতৰোৱা হ’ব ।
তেওঁলোকে কয় যে বহু ক্ৰিয়েটৰে ব্ৰেকিং নিউজ বা ‘দ্য প্ৰেচিডেণ্ট ষ্টেপছ ডাউন’ৰ দৰে বাক্যাংশকে ধৰি আকৰ্ষণীয় আৰু বিভ্ৰান্তিকৰ শিৰোনাম ব্যৱহাৰ কৰে, যিয়ে প্ৰায়ে দৰ্শকৰ মনত ভুল বুজাবুজিৰ সৃষ্টি কৰে আৰু শেষত বিভ্ৰান্তিকৰ তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ হয় । ইউটিউবৰ মতে, এনে শিৰোনামে দৰ্শকক অনুৎসাহিত আৰু হতাশ কৰি পেলাব পাৰে ৷ বিশেষকৈ যেতিয়া দৰ্শকসকলে কোনো গুৰুত্বপূৰ্ণ তথ্যৰ সন্ধানত থাকে ।
“আমি ইউটিউবত উগ্ৰ শিৰোনামৰ সৈতে মোকাবিলা কৰাৰ বাবে আমাৰ প্ৰচেষ্টা শক্তিশালী কৰিছো । ইয়াৰ অৰ্থ হ’ল আমি এনে ভিডিঅ’ৰ বিৰুদ্ধে আমাৰ বলবৎকৰণ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছো য’ত শিৰোনাম বা থাম্বনেইলে দৰ্শকক এনেকুৱা কিবা এটা প্ৰতিশ্ৰুতি দিয়ে যিটো আচলতে ভিডিঅ’টোৱে প্ৰদান নকৰে ৷ আমি আগন্তুক মাহত ভাৰতত এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিম ।"- গুগলে নিজৰ ব্লগ পোষ্টত এইদৰে কয় ।
লগতে তেওঁলোকে ঘোষণা কৰিছে যে ভিডিঅ’ ক্ৰিয়েটৰসকলৰ চেনেলৰ বিৰুদ্ধে কোনো নিষেধাজ্ঞা জাৰি নকৰাকৈয়ে এনে অতিৰঞ্জিত শিৰোনাম বা থাম্বনেইলৰ কৌশল ব্যৱহাৰ কৰা ভিডিঅ’সমূহ আঁতৰাই পেলোৱা হ’ব । অৱশ্যে ইউটিউবৰ নতুন নিয়ম অনুসৰি কোম্পানীয়ে কন্টেন্ট ক্ৰিয়েটৰসকলক তেওঁলোকৰ ভিডিঅ’সমূহ এডজাষ্ট আৰু এলাইন কৰিবলৈ সময় দিব ।
উল্লেখ্য যে, ইউটিউব প্লেটফৰ্মত অতিৰঞ্জিত শিৰোনাম বা থাম্বনেইলৰ সমস্যা সমাধানৰ বাবে কৰা এয়াই প্ৰথম প্ৰচেষ্টা নহয় । ইয়াৰ পূৰ্বে টেক জায়ান্টটোৱে ভিডিঅ’ ক্ৰিয়েটৰসকলৰ বাবে অতিৰঞ্জিত শিৰোনাম বা থাম্বনেইলৰ এৰাই চলিবলৈ এক শিক্ষামূলক কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল । এতিয়াৰে পৰা এনে শিৰোনাম ব্যৱহাৰ কৰিলে ভিডিঅ’ আঁতৰাই দিয়া হ’ব ।