বাইহাটা : ব্যস্ততাৰ অন্ত নাই ৷ কাৰণ সমাগত ভোগালী বিহু । আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আসমীয়াই আদৰিব ভোগৰ উৎসৱ ভোগালীক । কোনো যদি মেজি, ভেলাঘৰ সজাত ব্যস্ত, আন কোনো আকৌ ব্যস্ত মাটিৰ বাচত প্ৰস্তুত কৰাত । ইফালে আকৌ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পিঠা-পনা বনোৱাত ব্যস্ত জীয়াৰী-বোৱাৰীসকল । মুঠতে সীমাহীন ব্যস্ততা প্ৰতিগৰাকী কৃষিজীৱি অসমীয়াৰ গৃহত ।
ইয়াৰ সমান্তৰালকৈ বাইহাটাৰ কমলপুৰৰ মৃৎশিল্পীসকলো ব্যস্ত হৈ পৰিছে ভোগালীত ব্যৱহাৰ হ’ব লগা মাটিৰ বাচন বৰ্তন বনোৱাত । টেকেলি, পাতচৰু, কলহ আদিকে ধৰি বিভিন্ন মাটিৰ সামগ্ৰী বনোৱাত ব্যস্ত হৈ পৰিছে এই মৃৎশিল্পীসকল । কাৰণ মাটিৰ বাচনত থোৱা গাখীৰ, দৈ, মাখন আদিৰ সোৱাদেই কিছু সুকীয়া ৷
কমলপুৰ সমষ্টিৰ অন্তৰ্গত হাঠীয়ানা গাঁৱৰ হীৰা সম্প্ৰদায়ৰ লোকসকলে অতীজৰ পৰা নিৰ্মাণ কৰি আহিছে মাটিৰ বাচন । পুৰুষানুক্ৰমে এই হাঠীয়ানা গাঁৱৰ মৃৎশিল্পীসকলে বিহুৰ বাবে মাটিৰ বাচন-বৰ্তন বনোৱাৰ কাম কৰি আহিছে । কিন্তু এই হীৰা সম্প্ৰদায়ৰ লোকসকল আজিও বঞ্চিত চৰকাৰী আঁচনিৰ পৰা । অনুসূচিত জাতিৰ লোক হৈয়ো আজিলৈকে তেওঁলোকে পোৱা নাই চৰকাৰী কোনো সুবিধা । সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে গাঁৱৰ একাংশ মৃৎশিল্পীয়ে ৷