যোৰহাট/টীয়ক/ডিব্ৰুগড়:অসম-নাগালেণ্ড সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি । গাড়ীচোৰৰ বিৰুদ্ধে নাগালেণ্ডৰ ইয়াচাং চি বস্তিত অভিযান চলাবলৈ যোৱা টীয়ক আৰু মৰিয়নি চেলেংহাট আৰক্ষীৰ দলক নগা দুৰ্বৃত্তই আবদ্ধ কৰি আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে ।
জানিব পৰা মতে মঙলবাৰে নিশা টীয়ক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগাৰাম ফুকনসহ আৰক্ষীৰ এটি ১৬ জনীয়া দলে যোৰহাটত বিভিন্ন সময়ত গাড়ীচুৰি কাৰ্যৰ সৈতে জড়িত এটা চক্ৰক কৰায়ত্ত কৰিবলৈ নাগালেণ্ডৰ ইয়াচাং চি বস্তিত উপস্থিত হৈছিল । অসমৰ ভূমি বুলি আৰক্ষীৰ দলটোৱে ভুলবশতঃ নাগালেণ্ডৰ ভূমিত নিশা উপস্থিত হোৱাক লৈ বস্তিবাসীৰ সৈতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু আৰক্ষী দলটোক নগা দুৰ্বৃত্তই আবদ্ধ কৰে ।
এইবাৰ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসম আৰক্ষী (ETV Bharat Assam) ইফালে অভিযান চলাবলৈ যোৱাৰ সময়ত নগা দুৰ্বৃত্তই দলটোক আবদ্ধ কৰি আক্ৰমণ কৰে । দুৰ্বৃত্তৰ এই আক্ৰমণত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় । আঘাতপ্ৰাপ্ত জোৱানৰ নাম হৈছে বিদ্যুৎ দাস । ইতিমধ্যে ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।
অসম আৰক্ষী দলক ১৫ ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখিছিল নগাই
উল্লেখ্য যে টীয়ক আৰু চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত মঙলবাৰে গাড়ী চোৰৰ বিৰুদ্ধে এক অভিযান চলিছিল । সেই সময়তে দলটোক আবদ্ধ কৰে দুৰ্বৃত্তই । আনহাতে, বুধবাৰে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ তৎপৰতাত অভিযানকাৰী আৰক্ষী দলটোক নগাৰ কবলৰ পৰা উদ্ধাৰ কৰা হয় ।
এই ঘটনাই সীমান্ত অঞ্চলত উত্তেজনা সৃষ্টি কৰাৰ লগতে দুই ৰাজ্যৰ পৰিস্থিতি অধিক জটিল কৰি তোলাৰ আশংকা কৰা হৈছে বুলি সীমান্তৱৰ্তী ৰাইজে উল্লেখ কৰিছে ।
স্থানীয় লোকৰ এই সন্দৰ্ভত ভাষ্য, "অসমৰ ভূমিত নগা আৰক্ষী আহিলে ভাল সন্মান আৰু ব্যৱহাৰ লাভ কৰে আৰু নাগালেণ্ডত ইয়াৰ ব্যতিক্ৰম কিয় । আমি সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক দৃঢ় কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ ।"
ইফালে এই ঘটনাৰ পিছত উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া আৰু অন্যান্য বিভাগীয় কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰতা বৃদ্ধি কৰাৰ লগতে এই ঘটনাক জিলা আৰক্ষী অধীক্ষকে গুৰুত্বসহকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
আনহাতে, অসম আৰক্ষীৰ যোৰহাট জিলাৰ অতিৰিক্ত উপ আৰক্ষী অধীক্ষক লুণা সোণোৱালৰ নেতৃত্বত এটি দল বুধবাৰে ঘটনাস্থলীত উপস্থিত হৈ ১৬ জনীয়া দলটোক উদ্ধাৰ কৰে ।
সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ টীয়কত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "উক্ত ঘটনাৰ বিষয়ে আমি অৱগত হোৱাৰ লগে লগে নাগালেণ্ডৰ মুককচুং আৰক্ষীৰ সৈতে বাৰ্তালাপ কৰি সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰো । ইতিমধ্যে আৰক্ষীৰ দলটোক সুকলমে অসমলৈ ঘূৰাই অনা হৈছে । অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সমাধান তথা এনে পৰিস্থিতি যাতে পুনৰ উদ্ভৱ নহয় তাৰ বাবে নাগালেণ্ড চৰকাৰৰ সৈতে আলোচনা হ'ব ।"
মূৰত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী জোৱানজন : ডাঃ নিৰ্মল চাহেৱালা
নগা দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত 11 APBN ৰ আৰক্ষী জোৱান বিদ্যুৎ দাস বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে । অৱশ্যে অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা আৰক্ষী জোৱানজনৰ অৱস্থা বৰ্তমান উন্নত হোৱাৰ লগতে সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ।
ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা বিদ্যুৎ দাসৰ চিকিৎসা সংক্ৰান্তত আদিত্য নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী তথা চিকিৎসক ডাঃ নিৰ্মল চাহেৱালাই সংবাদ মাধ্যমৰ আগত কয়, "আজি পুৱা অতি বেয়া অৱস্থাত আদিত্য নাৰ্ছিং হোমলৈ অনা হৈছিল আৰক্ষী জোৱান বিদ্যুৎ দাসক । দাৰে আক্ৰমণ কৰাৰ ফলত তেওঁৰ লাওখোলাৰ হাড় ফাটি ভিতৰলৈ সোমাই গৈছে । মগজুত যথেষ্ট ৰক্তক্ষৰণ হৈছে । এটা জটিল অস্ত্ৰোপচাৰ কৰি হাড়ডাল আগৰ ঠাইলৈ অনাৰ লগতে তেজ বাহিৰলৈ অনা হ'ব । মগজুত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে । অস্ত্ৰোপচাৰ কৰিলে সকলো ঠিক হ'ব বুলি আশা কৰা হৈছে । অস্ত্ৰোপচাৰ নকৰিলে মগজু ডেমেজ হোৱাৰ সম্ভাৱনা আছে, সেয়ে অস্ত্ৰোপচাৰ কৰিব লাগিব ।"
কিদৰে ঘটনা সংঘটিত হৈছিল নিজ মুখেৰে ক'লে বিদ্যুৎ দাসে
নগা দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা আৰক্ষী জোৱান বিদ্যুৎ দাসে ডিব্ৰুগড়ত চিকিৎসালয়ৰ বিছনাৰ পৰাই ঘটনাৰ ভয়ংকৰ বিৱৰণ দি কয়, "আমি ছাৰৰ লগত বাইক চোৰক ধৰিবলৈ গৈছিলোঁ । তাত যোৱাৰ লগে লগে আমাক ঘেৰি ধৰিলে আৰু পাছফালৰ পৰা মাৰি দিলে । এতিয়া অলপ সুস্থ হৈছোঁ ।"
উল্লেখ্য যে বিগত ৭ বছৰে আৰক্ষী বিভাগত কাম কৰি আহিছে বিদ্যুৎ দাসে ।