অসম

assam

ETV Bharat / state

ষ্টক ট্রেডিং প্ৰৱঞ্চকৰ পৰা কিদৰে বচাই ৰাখিব নিজক ? - Stock market fraud - STOCK MARKET FRAUD

Online trading fraud : ষ্টক মাৰ্কেটত বিনিয়োগ কৰাৰ পূৰ্বে সচেতন হওক ৷ সামাজিক মাধ্যমত জাল পাতি বহি আছে প্ৰৱঞ্চক ৷ প্ৰলোভনত ভোল গৈ নেহেৰুৱাব সাঁচতীয়া ধন ৷ অসম আৰক্ষীয়েও জনাইছে আহ্বান ৷

Online trading fraud
ষ্টক ট্রেডিং প্ৰৱঞ্চকৰ পৰা কিদৰে বচাই ৰাখিব নিজক ? (Getty Images Photo)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 6:39 PM IST

গুৱাহাটী, ১৬ জুন: শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ গৈ বিভিন্ন সময়ত প্ৰৱঞ্চকৰ জালত পৰা যায় বিনিয়োগকাৰী ৷ শেহতীয়াকৈ এনে বহু ঘটনা সংঘটিত হৈছে, য’ত প্ৰৱঞ্চকক চিনিব নোৱাৰি জালত ভৰি দিয়ে বহুলোকে ৷ বহুতে হেৰুৱাইছে সাঁচতীয়া ধন ৷

শ্বেয়াৰ বজাৰৰ নামত বিভিন্ন প্ৰলোভনেৰে সামাজিক মাধ্যমত প্ৰৱঞ্চনাৰ জাল পাতি বহি আছে দুষ্কৃতিকাৰী ৷ সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বহুতেই কম বিনিয়োগৰ বিনিময়ত অধিক লাভৱান হোৱাৰ আশাত ভৰি দিয়ে সেই জালত ৷ শ্বেয়াৰ বজাৰৰ সঠিক জ্ঞান লাভ নকৰাকৈ এনে জালত ভৰি দি সৰ্বস্বান্ত হৈছে বহুলোক ৷

লগতে পঢ়ক:জি এছ টিৰ নামত জালিয়াতিৰে লুণ্ঠন কোটি টকা

এই সন্দৰ্ভত শেহতীয়াকৈ তৎপৰ হৈছে আৰক্ষী ৷ ইতিমধ্যে অসম আৰক্ষীৰ অফিচিয়েল পেজত পোষ্ট কৰিছে কিছু সতৰ্কবাণী ৷ অসম আৰক্ষীৰ পেজত লিখা হৈছে, "হোৱাটছ এপ আৰু টেলিগ্ৰামত সক্ৰিয় হৈ থকা ষ্টক ট্ৰেডিং কেলেংকাৰীৰ পৰা সাৱধান ! যিকোনো সন্দেহজনক কাৰ্যকলাপ দেখিলে তৎক্ষণাৎ www.cybercrime.gov.in ত জনাওক" ৷ এই কেপশ্যনেৰে অসম আৰক্ষীয়ে সাধাৰণ জনতাৰ বাবে কিছু সতৰ্কবাণী লিখিছে ৷

প্ৰৱঞ্চকে কিদৰে প্ৰলোভিত কৰিব আপোনাক ?

  • স্কেমাৰে আপোনাৰ বিশ্বাসী কোম্পানী এটাক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰি যোগাযোগ কৰিব আপোনাক ৷
  • আপোনাক একাউণ্ট এটা খুলিবলৈ আৰু প্ৰাৰম্ভিক ধন জমা কৰিবলৈ ক’ব ৷
  • প্ৰৱঞ্চকে ভুৱা মুনাফা দেখুৱাই আৰু অলপ টকা আদায় দি আপোনাৰ বিশ্বাস অৰ্জন কৰিবলৈ চেষ্টা কৰিব ৷
  • আপোনাক আনকি ১ কোটি টকাৰ অধিক পৰিমাণৰ ধন বিনিয়োগ কৰিবলৈও প্ৰলোভিত কৰিব ।
  • প্ৰৱঞ্চকে কাৰিকৰী সমস্যা বা ছিকিউৰিটি ডিপ'জিত দাবী কৰি অতিৰিক্ত ধন বিচাৰে ।
  • যেতিয়া আপুনি টকা উলিয়াবলৈ চেষ্টা কৰে, তেতিয়া আপুনি গম পাব যে এয়া এক কেলেংকাৰী ।

লগতে পঢ়ক:আন্তৰ্জাতিক চক্ৰৰ কৱলত পৰি চাইবাৰ অপৰাধত জড়িত হৈছে ভাৰতীয়

এনে‌ ষ্টক ট্ৰেডিং কেলেংকাৰীৰ পৰা হাত সাৰিবলৈ কি কৰিব আপুনি ?

  • কোম্পানীৰ সৈতে থকা সকলো উৎসৰ পোনপটীয়াকৈ পৰীক্ষা কৰক ।
  • ব্যক্তিগত তথ্য প্ৰদান কৰা বা ধন জমা কৰা পৰিহাৰ কৰিব ৷
  • যিকোনো সন্দেহজনক কার্যকলাপ দেখিলে তৎক্ষণাৎ www.cybercrime.gov.in জনাওক ।

লগতে পঢ়ক :টিণ্ডাৰ, বাম্বলৰ দৰে অনলাইন ডেটিং এপে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ ব্যক্তিগত তথ্য...

ABOUT THE AUTHOR

...view details