তিনিচুকীয়া,১২ ছেপ্টেম্বৰ :অসম-অৰুণাচল সীমান্তত শেহতীয়াকৈ প্ৰৱেশ কৰিছে নিষিদ্ধ নগা উগ্ৰপন্থী এন এছ চি এন (আই এম)ৰ এটা দল । বিগত ১০ দিনৰ পৰা ৪ জনীয়া এন এছ চি এন (আইএম)ৰ দলটোৱে তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী ইনথেমত প্ৰৱেশ কৰি ধনদাবীকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ অব্যাহত ৰাখিছে । তিনিচুকীয়া আৰক্ষীয়ে স্পষ্ট কৰিছে এই কথা ।
NSCN(IM)ৰ বিৰুদ্ধে অভিযান
এই খবৰৰ ভিত্তিতে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে । মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰা আৰু পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াৰ নেতৃত্বত আৰক্ষীয়ে শিখ ৰেজিমেণ্টৰ সহায়ত বুধবাৰে নিশা ইনথেমত এক অভিযান চলায় । এই অভিযানত অভিযানকাৰী দলটোৱে এন এছ চি এন (আই এম)ৰ এজন কেডাৰসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ।
সংবাদমেলযোগে এই অভিযানৰ তথ্য প্ৰকাশ কৰে তিনিচুকীয়া আৰক্ষীয়ে । তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত উজনি অসমৰ আৰক্ষী মহা-পৰিদৰ্শক সত্যৰাজ হাজৰিকা, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ আৰু মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰা উপস্থিত থাকে । সংবাদমেলত তেওঁলোকে উল্লেখ কৰা মতে অভিযানত ৰংকেশ্বৰ চাংমা নামৰ মেয়াঅ'ৰ এন এছ চি এন (আই এম) কেডাৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । লগতে কেডাৰজনৰ পৰা ৩ টা গ্ৰেণেড, দুটা পইণ্ট ২২ পিষ্টল, দুটা পিষ্টলৰ মেগজিন আৰু অৰ্ধশতাধিক সজীৱ গুলী জব্দ কৰে ৷