নিউজ ডেস্ক, 2 জুলাই:সোমবাৰে পৰা দেশত কাৰ্যকৰী হৈছে তিনিখনকৈ নতুন আইন । ইয়াৰ দ্বাৰা ভাৰতৰ ন্যায় ব্যৱস্থাৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ লগতে ইয়াৰ দ্বাৰা সাধাৰণ লোকৰ বাবে আইন ব্যৱস্থা সহজ হৈ পৰিব বুলি আশা কৰা হৈছে । সেয়ে সমগ্ৰ ৰাজ্যতে সোমবাৰৰে পৰা বলৱৎ হোৱা তিনিখন নতুন আইন সম্পৰ্কত অনুষ্ঠিত কৰা হৈছে সজাগতা সভাৰ -
মৰাণহাট আৰক্ষীৰ উদ্যোগত
মৰাণহাট আৰক্ষী থানাৰ উদ্যোগত নতুনকৈ প্ৰৱৰ্তিত 3 খন আইন সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাখনি মৰাণৰ নাট্যমন্দিৰত আয়োজিত হয় আৰু সজাগতা সভাখনত উপস্থিত থাকে চৰাইদেউ জিলাৰ উপ-আৰক্ষী অধীক্ষক মৃণাল কুমাৰ দাস, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাপৰি বৰগোঁহাই, মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিদাস কলিতা ৷
উপস্থিত আৰক্ষী-প্ৰশাসনৰ লোকে নতুনকৈ প্ৰৱৰ্তিত আইন কেইখন সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷ সভাত মৰাণৰ বহুসংখ্যক নাগৰিক, গাঁওৰক্ষী বাহিনীৰ সদস্য, সংবাদকৰ্মী আদি উপস্থিত থাকে ৷
ধেমাজি আৰক্ষীৰ উদ্যোগত
ধেমাজি আৰক্ষীৰ উদ্যোগত ধেমাজি আৰক্ষী থানাৰ সভাগৃহত অনুষ্ঠিত হয় তিনিখনকৈ অপৰাধমূলক আইন কাৰ্যকৰী কৰা সম্পৰ্কত এখন সজাগতা সভাৰ ৷ এই তিনিখন আইনৰ পৰা জনসাধাৰণ কেনেদৰে উপকৃত হ’ব বা অপৰাধীৰ শাস্তিৰ বিধান এতিয়াৰে পৰা কেনেধৰণৰ হ’ব সকলোবোৰ কথা বিস্তৃতভাৱে অৱগত কৰে সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ধেমাজিৰ কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তা, স্বাস্থ্য বিষয়া আদিয়ে ৷ উপস্থিত আৰক্ষীৰ লোকসকলে এই আইন অনুসৰি এতিয়াৰে পৰা আইনী প্ৰক্ৰিয়া খৰতকীয়া হ’ব বুলি উল্লেখ কৰে ৷
লগতে ভুক্তভোগীয়ে এতিয়াৰে পৰা যিকোনো আৰক্ষী থানাতে এজাহাৰ দাখিল কৰিব পাৰিব বুলি উল্লেখ কৰাৰ লগতে নতুন আইন অনুসৰি অপৰাধমূলক যিকোনো ঘটনা আৰক্ষীৰ তদন্তৰ বাবে ভিডিঅ’গ্ৰাফী কৰাটো বাঞ্ছনীয় বুলি জনায় ৷ একেদৰে বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি এতিয়াৰে পৰা মহিলাক প্ৰৱঞ্চনা কৰিব নোৱাৰিব বুলিও ধেমাজি আৰক্ষীয়ে জনায় ৷
হোজাই আৰু লংকা আৰক্ষীৰ উদ্যোগত
নতুনকৈ কাৰ্যকৰী হোৱা আইন সন্দৰ্ভত সাধাৰণ ৰাইজক অৱগত কৰাৰ উদ্দেশ্য হোজাই আৰক্ষী থানাত জিলা অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী আৰু লংকা আৰক্ষী থানাত জিলা DSP শ্যামন্ত শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় সজাগতা সভা । পৃথকে পৃথকে অনুষ্ঠিত হোৱা উক্ত দুয়োখন সজাগতা সভাত লংকা আৰু হোজাইৰ নাগৰিক সমাজ, বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীসহ আৰক্ষী বিষয়াসকল উপস্থিত থাকে । নতুন আইন তিনিখনৰ অধীনত ৰাইজ কেনেকৈ উপকৃত হ’ব সেই সন্দৰ্ভত সভাদুখনত বিতংকৈ বুজোৱা হয় ।
মৰিগাঁও আৰক্ষীৰ উদ্যোগত
নতুনকৈ বলৱৎ হোৱা তিনিখন সন্দৰ্ভত মৰিগাঁৱত অনুষ্ঠিত হয় সজাগতা সভাৰ । মৰিগাঁও সদৰ আৰক্ষী থানাৰ নাগৰিক সমিতিৰ উদ্যোগত মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই আইন সজাগতা অভিযানত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ৷
তেওঁ কয়, "আজিৰে পৰা সমগ্ৰ দেশত তিনিখন নতুন আইন বলৱৎ হৈছে । বিশেষকৈ ভাৰতীয় দণ্ড বিধি আইনৰ সলনি ভাৰতীয় ন্যায় সংহিতা প্ৰণয়ন কৰা হৈছে । ইয়াৰ জৰিয়তে আৰক্ষীয়ে কেনেদৰে বিচাৰ কৰিব, অপৰাধৰ সংজ্ঞা নিৰূপণ আদি সামৰি লোৱা হৈছে । চি আৰ পিচিৰ পৰিৱৰ্তে ভাৰতীয় নাগৰিক সংহিতা প্ৰণয়ন কৰা হৈছে ।"
"একেদৰে মহিলা আৰু শিশু ন্যায়ৰ বেলিকাও আইনৰ সংশোধনী ব্যৱস্থাই গুৰুত্ব আৰোপ কৰিছে । যাতে দোষীয়ে শাস্তি পায় আৰু ভুক্তভোগীয়ে ন্যায় লাভ কৰে । মৃত্যু পৰ্যন্ত শাস্তিৰ ব্যৱস্থা ৰখা হৈছে । ভুক্তভোগী পৰিয়ালৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে এই আইনৰ যোগেদি ।" তেওঁ কয় ৷
মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ, সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ প্ৰমুখ্যে বহুকেইগৰাকী আগশাৰী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
কাৰ্বি আংলং আৰক্ষীৰ উদ্যোগত