অসম

assam

ETV Bharat / state

ফিজিঅ'থেৰাপিষ্টসকলৰ বাবে এখন পৰিষদৰ প্ৰয়োজন: ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য - ASSAM PHYSICON 2024

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪ । জটিল অৱস্থাৰ ৰোগীৰ বাবে ফিজিঅ’থেৰাপী প্ৰয়োজনীয় বুলি উল্লেখ কৰে জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই ।

Assam Physicon 2024 held in Guwahati with a two-day programme
দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 1:33 PM IST

গুৱাহাটী :"অসুস্থ মানৱ শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম হৈছে ফিজিঅ'থেৰাপী ।" গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত 'অসম ফিজিঅ’কন ২০২৪' শীৰ্ষক ফিজিঅ’থেৰাপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশ লৈ এনেদৰেই মন্তব্য কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই ।

জিএমচিএইচ প্ৰেক্ষাগৃহত আয়োজিত অধিৱেশনখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য, উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মা, এইমছৰ ফিজিঅ’ বিশেষজ্ঞ ডাঃ ভি পি গুপ্তা, স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মা, ডাঃ অনিল মহন্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে ।

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪ (ETV Bharat Assam)

জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই কয় যে জটিল অৱস্থাৰ ৰোগীৰ বাবে ফিজিঅ’থেৰাপী প্ৰয়োজনীয় । ফিজিঅ'থেৰাপিষ্টসকলৰ বাবে এখন পৰিষদৰ প্ৰয়োজন বুলি মন্তব্য কৰি এবছৰৰ ভিতৰতে সেইখন হৈ উঠিব বুলি আশা প্ৰকাশ কৰে । স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মাই এই চিকিৎসাত পূৰ্বতে কোনো ব্যৱস্থা নাছিল যদিও এতিয়া বহু সুযোগ আহিছে বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে দুদিনীয়া এই অধিৱেশনখনে বহু নতুন দিশ পোহৰলৈ আনিব ।

এইমছৰ ফিজিঅ’ বিশেষজ্ঞ ডাঃ ভি পি গুপ্তাই কয় যে ফিজিঅ'থেৰাপীয়ে উচিত মৰ্যাদা পাবলৈ এতিয়াও বহু দূৰ বাকী আছে । সেয়া পোৱাৰ বাবে চেষ্টা এতিয়াও অব্যাহত আছে । বহু শিক্ষানুষ্ঠান এতিয়া গঢ় লৈছে যদিও উন্নত মানদণ্ডৰ হৈ উঠা নাই ।

সকলো ফিজিঅ'থেৰাপিষ্টক নিজৰ পেছা ৰোগী আৰু সমাজৰ পৰা জ্ঞান লবলৈ তেওঁ লগতে আহ্বান জনায় । তাৰ পাছতেই আয়োজিত প্ৰথম দিনটোত দেশৰ বিভিন্ন ফিজিঅ'থেৰাপিষ্ট আৰু চিকিৎসক ডাঃ পি ভাস্কৰ ৰেড্ডী, ডাঃ ফিৰোজ আহমেদ, ডাঃ চিৰাগ বাৰ্মা, ডাঃ ঈষাণ বালি, ডাঃ হিমাংশু নাথ মাথুৰ প্ৰমুখ্য কৰি বহুকেইজন স্বনামধন্য ফিজিঅ’থেৰাপিষ্টে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰে ।

এই অনুষ্ঠানতে এখন স্মৰণিকা উন্মোচন কৰা হয় । অধিৱেশনৰ লগত সংগতি ৰাখি ৪ নৱেম্বৰত গুৱাহাটীৰ বহুকেইখন হাস্পতাল আৰু ফিজিঅ’থেৰাপি কলেজত প্ৰায় দহটা বিভিন্ন বিষয়ৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ বহু শিক্ষাৰ্থী আৰু কৰ্মৰত ফিজিঅ’থেৰাপিষ্টে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । প্ৰথম দিনৰ কাৰ্যসূচীৰ শেষত আবেলি বিশিষ্ট ব্যক্তিৰ সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

অধিৱেশনৰ দ্বিতীয় দিনাৰ অৰ্থাৎ আজিৰ কাৰ্যসূচীত দেশৰ বহুকেইজন বিশিষ্ট ফিজিঅ’থেৰাপিষ্টৰ বৈজ্ঞানিক পত্ৰ পাঠৰ সমান্তৰালকৈ ফিজিঅ’থেৰাপি চিকিৎসাৰ নতুন আৱিষ্কাৰ আৰু প্ৰযুক্তি সম্বন্ধে তথ্যৰ আদানপ্ৰদান কৰিব, যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ফিজিঅ’থেৰাপিষ্টসকলক বিশেষভাৱে সহায় কৰিব বুলি অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰচাৰ সম্পাদক ডাঃ প্ৰণৱ চক্ৰৱৰ্তীয়ে জনায় ।

অনুষ্ঠানটোত আয়োজক সমিতিৰ সচিব ডাঃ অভিজিৎ দত্ত, সভাপতি ডাঃ নিশাদ কুদ্দুচ, সাংগঠনিক সম্পাদক ডাঃ ৰিতুৰাজ বাইলুং সোণোৱাল, যুটীয়া সম্পাদক ডাঃ অংকুৰ জ্যোতি বৰাই অতিথিসকলক আদৰণি জনায় । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানো হ’ব । বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ সামৰণি পৰিব ।

লগতে পঢ়ক:গ্ৰন্থমেলাৰ গ্ৰন্থ বিপনীত নাই গ্ৰাহক

ABOUT THE AUTHOR

...view details