অসম

assam

ETV Bharat / state

অনলাইন ট্ৰেডিং গোচৰ: ধন বিনিয়োগকাৰীক তলব চি বি আইৰ

ট্ৰেডিং এফএক্স নামৰ ট্ৰেডিং কোম্পানীত বিনিয়োগ কৰা লোকসকলক তলব চি বি আইৰ ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Trading scam
ধন বিনিয়োগকাৰীক তলব চি বি আইৰ (ETV Bharat)

ডিব্ৰুগড় : অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে ইতিমধ্যে ৰাজ্যত আলোড়নৰ সৃষ্টি কৰিছে । ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত বহুকেইজন গ্ৰেপ্তাৰ হৈছে । অনলাইন ট্ৰেডিং সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন থানাত গোচৰো ৰুজু হৈছে আৰু অসম আৰক্ষীৰ পিছত চি বি আয়ে সমগ্ৰ বিষয়টোত তদন্ত অব্যাহত ৰাখিছে । গুৱাহাটীৰ সমান্তৰালকৈ ডিব্ৰুগড়তো চি বি আইয়ে বাহৰ পাতি তদন্ত অব্যাহত ৰাখিছে । তাৰ মাজতে শুকুৰবাৰে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয় চি বি আইৰ এটা দল ।

ডিব্ৰুগড়ত চি বি আইৰ দল

ডিব্ৰুগড় সদৰ থানাত ৰুজু হৈ থকা বিশাল ফুকন আৰু ৰঞ্জিত কাকতিকে ধৰি অন্যান্য ট্ৰেডিং সম্পৰ্কীয় গোচৰৰ তদন্তৰ বাবে উপস্থিত হয় দলটো । সদৰ থানাত চি বি আইৰ দলটোৱে সন্ধিয়ালৈকে গোচৰসমূহৰ বুজ লয় । শুকুৰবাৰৰ দিনটোত চি বি আইৰ দলটোৱে আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ বুজ লোৱাৰ লগতে ডিব্ৰুগড় আৰক্ষীয়ে অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰত জব্দ কৰা বাহনসমূহো পৰীক্ষা কৰে । সমান্তৰালকৈ অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাৰ ভুক্তভোগী তথা বিনিয়োগকাৰীক চি বি আয়ে সোধাপোছাৰ বাবে ডিব্ৰুগড় সদৰ থানালৈ তলব কৰে ।

ধন বিনিয়োগকাৰীক তলব চি বি আইৰ (ETV Bharat)

বিনিয়োগকাৰীক তলব

বিশেষকৈ ট্ৰেডিং এফএক্স (Trading FX) নামৰ কোম্পানীটোৰ মূল মাষ্টাৰমাইণ্ড ৰঞ্জিত কাকতি বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আছে । ৰঞ্জিত কাকতিৰ বিৰুদ্ধে বহু কেইজনে এজাহাৰ দাখিল কৰিছিল । সেয়েহে 'Trading FX' কোম্পানীটোৰ মূল মাষ্টাৰমাইণ্ড ৰঞ্জিত কাকতিৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়া লোকসকলৰ পৰা তথ্য সংগ্ৰহৰ চেষ্টা কৰে চি বি আয়ে । চি বি আইৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয় 'Trading FX'ৰ বহু কেইজন বিনিয়োগকাৰী ।

ৰঞ্জিত কাকতি কোন ?

'Trading FX' নামৰ কোম্পানীটোৰ মূল মাষ্টাৰমাইণ্ড ৰঞ্জিত কাকতি অসমৰ দায়িত্ব আছিল । ৰঞ্জিত কাকতিৰ সম্পৰ্কলৈ আহি কোম্পানীটোত অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি চাহ শ্ৰমিকেও বিনিয়োগ কৰিছিল । ৰঞ্জিত কাকতিয়ে ৫০০ টকাৰ পৰা লাখ টকা পৰ্যন্ত ধন বিনিয়োগ কৰাইছিল । কম ধন বিনিয়োগ কৰি অধিক লাভৱান হোৱাৰ সপোন দেখুৱাই কোটি কোটি টকা সংগ্ৰহ কৰি অৱশেষত বন্ধ কৰি দিলে কোম্পানীটো । ইয়াৰ পাছতে সমগ্ৰ ঘটনাক লৈ সামাজিক মাধ্যমত চৰ্চা চলাৰ পাছতে মুখ্যমন্ত্রীৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰঞ্জিত কাকতিক ।

৩ ছেপ্টেম্বৰত ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা কাকতিক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় সদৰ আৰক্ষীয়ে 'Trading FX' নামৰ অনলাইন ট্ৰেডিং কোম্পানীৰ প্ৰবঞ্চনাৰ ঘটনাক লৈ নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত চলাইছিল । ডিব্ৰুগড় আৰক্ষীয়ে ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰা পাছতে বহুকেইজন ভুক্তভোগীয়ে বিনিয়োগ কৰা ধন বিচাৰি আৰক্ষীৰ কাষ চাপিছিল আৰু এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিতে চি বি আয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :অনলাইন ট্ৰেডিং: তন্ন তন্নকৈ তদন্ত কৰিবলৈ আহি পালে চি বি আই

ABOUT THE AUTHOR

...view details