গুৱাহাটী, 21 জুন : শুকুৰবাৰে ঘোষণা কৰা হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ৷ পুৱা 11 বজাৰ লগে লগে ঘোষণা কৰা হয় এই ফলাফল ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰে ফলাফলসমূহ ৷ পৰিষদৰ সচিবে এক নিৰ্দেশনাযোগে প্ৰকাশ কৰিছিল ফলাফল ঘোষণাৰ কথা ৷
মুঠ 51,648 গৰাকী আবেদনকাৰীৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 50,618 গৰাকী পৰীক্ষাৰ্থী ৷ অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলৰ ভিতৰত 151 গৰাকীয়ে প্ৰথম বিভাগ, 8,812 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 12,579 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ অৰ্থাৎ মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত 21,542 গৰাকীয়ে উত্তীৰ্ণ হয় ৷ উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে 42.56 শতাংশ ৷ ইয়াৰ বিপৰীতে 1,030 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰাৰ পিছতো কিন্তু অৱতীৰ্ণ নহ’ল পৰীক্ষাত ৷
উল্লেখ্য যে, উত্তীৰ্ণৰ হাৰ সৰ্বাধিক মৰিগাঁৱত আৰু সৰ্বনিম্ন বঙাইগাঁও জিলাত ৷ সেই অনুসৰি, 72.16 শতাংশৰে মৰিগাঁও জিলাই দখল কৰে শীৰ্ষস্থান, বিপৰীতে 16.87 শতাংশ উত্তীৰ্ণৰে তালিকাৰ অন্তিম স্থানত থাকে বঙাইগাঁও জিলা ৷ তাৰপিছতে 68.89 শতাংশ উত্তীৰ্ণৰে দ্বিতীয় স্থানত আছে ধেমাজি আৰু 65.92 শতাংশ উত্তীৰ্ণৰে তালিকাৰ তৃতীয় স্থান দখল কৰে কোকৰাঝাৰ জিলাই ৷
এই পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে ছেবাৰ ৱেবছাইট sebaonline.org ত নাইবা seba result এপত ফলাফলসমূহ লাভ কৰিব পাৰিব বুলি ইতিমধ্যে পৰিষদে জনাইছে ৷ একেদৰেই মাৰ্কশ্বিটসমূহো ডাউনলোড কৰিব পাৰিব ৷ চলিত বৰ্ষৰ মে’ আৰু জুনত অনুষ্ঠিত হৈছিল এই কম্পাৰ্টমেণ্টেল পৰীক্ষা ৷