অসম

assam

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 10:19 PM IST

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে ১০০ কোটিৰ পেকেজ অনুমোদন : ৰূপৰেখা প্ৰস্তুতৰ বাবে শিক্ষামন্ত্ৰীৰ বৈঠক - Dibrugarh University

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে বৈঠক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে অসম চৰকাৰৰ তৰফৰ প্ৰদান কৰিব 100 কোটি টকাৰ পেকেজ ৷

EDUCATION MINISTER IN DIBRUGARH
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)

ডিব্ৰুগড়, 7 আগষ্ট : উজনি অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ- ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে ৷ 1965 চনত প্ৰতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খনক কেন্দ্ৰীয় চৰকাৰে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰিছে ৷ বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ ভাল খবৰ দিলে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে ১০০ কোটিৰ পেকেজ (ETV Bharat Assam)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে অসম চৰকাৰৰ তৰফৰ প্ৰদান কৰিব 100 কোটি টকাৰ পেকেজ ৷ এই কথা এক সংবাদমেলযোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ সংবাদমেল অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয়, ডিব্ৰুগড়‌ বিশ্ববিদ্যালয় অসমৰ এখন পুৰণি বিশ্ববিদ্যালয় ৷ এই‌ বিশ্ববিদ্যালয়খনত ক্ৰমাগতভাৱে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু লগে লগে বহুখিনি প্ৰয়োজনীয়তাও আহি পৰিছে ৷ বিশ্ববিদ্যালয়খনত নাটনি থকা আন্তঃগাথঁনি আৰু লেবৰেটৰীৰ প্ৰয়োজনীতা পূৰণ কৰাৰ কাৰণে অসম চৰকাৰে 100 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনাইছে ৷ এই 100 কোটি টকাৰ ভিতৰত কি কি কাম হ'ব, লগতে একাডেমিক বিল্ডিং, হোষ্টেল, ষ্টাফ কোৱাৰ্টাৰ, লেবৰেটৰী, অন্যান্য সা-সামগ্ৰী আদিৰ ক্ষেত্ৰত আজি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰা হ’ল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযান আঁচনিৰ অধীনত এতিয়া নতুন শিক্ষা নীতি অনুযায়ী কিছু বিশ্ববিদ্যালয়ক মাল্টিডিচিপ্লিনেৰী এডুকেশ্বন এণ্ড ৰিচাৰ্ছ ইউনিভাৰ্ছিটি হিচাপে ন-ৰূপ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷ তাৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ো অন্তৰ্ভুক্ত হৈছে ৷ তাৰ কাৰণেও বিশ্ববিদ্যালয়খনে অতিৰিক্ত 100 কোটি টকা লাভ কৰিব ৷ সৰ্বমুঠ 200 কোটি বিশ্ববিদ্যালয়খনে লাভ কৰিব ৷ ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰিবৰ কাৰণে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আজি আলোচনাত বহা হয় বুলি মন্তব্য কৰে মন্ত্ৰী ডাঃ পেগুৱে ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এজন স্থাপত্যবিদক নিয়োগ কৰি এটা পৰিকল্পনা কৰি ল'ব যাতে আঁচনিসমূহৰ ৰপায়ণত কোনো সমস্যা ‌নহয় ৷ আঁচনি সমূহৰ এটা সু-সমন্বয় থাকিব ৷ ছোৱালী হোষ্টেলৰ ক্ষেত্ৰত আসন বৃদ্ধি কৰাৰ কাৰণে দিয়া প্ৰস্তাৱ, নতুন একাডেমিক বিল্ডিং, নতুন বয়জ হোষ্টেলো, ক্ৰীড়া আন্তঃগাঁথনি ‌বৃদ্ধি কৰা, লেবৰেটৰীৰ উন্নত মানৰ কৰা আদিৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ল ৷ খুব কম সময়ৰ ভিতৰত কাম আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উদ্বোধন

ABOUT THE AUTHOR

...view details