মৰাণ, ২৪ জুলাই: ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও বানে বিধ্বস্ত কৰি থৈ যোৱা ডিব্ৰুগড়ৰ খোৱাঙৰ বহু অঞ্চলত এতিয়াও দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বানাক্ৰান্তই ৷ অলপতে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে খোৱাং চেনিমাৰীত ৰিংবান্ধৰ বৃহৎ অংশ উটুৱাই নিয়াৰ পাছত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছিল ৷
খোৱাং চেনিমাৰী, কাৱৈমাৰী, গৰৈমাৰী, দলনিকুৰ, গেৰগেৰী, চমুৱা গাঁও, চেৰেপাখাটীকে ধৰি ১০ খনৰো অধিক গাঁৱৰ কেইবাশ পৰিয়াল আক্ৰান্ত হৈছিল বানত ৷ এতিয়া পানী কমিল যদিও বহু লোকে বিগত ২২ দিনে পথৰ কাষত, মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে ৷ বানে বহু লোকৰ হেঁপাহৰ ঘৰখন তচনচ কৰি যোৱাত উপায়হীন হৈ পৰিছে বানাক্ৰান্ত ৷
আনহাতে, খোৱাং চেনিমাৰীৰ ভগ্ন ৰিংবান্ধক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । বুঢ়ীদিহিঙৰ পানী পুনৰ বৃদ্ধি পোৱাৰ লগে লগে এই গাঁও সমূহত ভয়াৱহ বানৰ আশংকাই দেখা দিছে । ৰাইজে নদী-দ্বীপৰ মাজত আৱদ্ধ হৈ থকাৰ দৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । এই লোকসকল বৰ্তমান বৰ্হিজগতৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে ।