গুৱাহাটী, ১৪ জুলাই :ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বৰ্তমান সময়তো ২১ খন জিলাৰ আঠ লক্ষাধিক লোক বানৰ কবলত আছে । এতিয়াও ৰাজ্যৰ ৬৫ টা ৰাজহ চক্ৰৰ ১৭০৫ খন গাঁও প্লাবিত হৈ আছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ ফলত বান পৰিস্থিতি এতিয়াও বহু কেইখন জিলাত ভয়াৱহ হৈ আছে ।
চলিত বাৰিষাৰ দ্বিতীয়টো বানে ৰাজ্যৰ বিভিন্ন জিলাত বিস্তৰ ক্ষতি সাধন কৰিছে । এতিয়ালৈকে বানত ৯১ গৰাকী লোকৰ মৃত্যু হৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত বানত এজন লোকৰ মৃত্যু হৈছে ।
- বানত মৃত্যু হোৱাৰ সংখ্যা ৯১ লৈ বৃদ্ধি :
ৰাজ্যজুৰি প্ৰলয়ৰ সৃষ্টি কৰা চলিত বাৰিষাৰ দ্বিতীয়টো বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯১ গৰাকীলৈ বৃদ্ধি পালে । শেহতীয়াকৈ এজন লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা লোকজন ধেমাজি জিলাৰ ।
- বানত কবলত ৰাজ্যৰ ২১ খন জিলা :
বৰ্তমান বানৰ কবলত আছে ৰাজ্যৰ ২১ খন জিলা । জিলা কেইখন হৈছে ক্ৰমে কাছাৰ, নলবাৰী, কামৰূপ, গোলাঘাট, মৰিগাঁও, ডিব্ৰুগড়, ধুবুৰী, নগাঁও, হাইলাকান্দি, ধেমাজি, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা, দৰং, কৰিমগঞ্জ, বৰপেটা, কামৰূপ মহানগৰ, বিশ্বনাথ, চিৰাং আৰু যোৰহাট ।
২১ খন জিলাৰ ৬৫ টা ৰাজহ চক্ৰৰ ১৭০৫ খন গাঁও এতিয়াও বানৰ কবলত আছে । ইয়াৰ ভিৰতৰ মৰিগাঁও জিলাৰ সৰ্বাধিক ২৪৪ খন গাঁও প্লাবিত হৈ আছে ।
লগতে পঢ়ক :কমা নাই বিভীষিকা : বাঢ়নী পানীত পৰি দুটি শিশুসহ বৃদ্ধৰ মৃত্যু - Assam Flood 2024
- বিপদসীমাৰ ওপৰৰে বৈ আছে কেইবাখনো নৈ :
ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো নৈ-উপনৈ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে । শেহতীয়া তথ্য মতে, বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ নদী নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত বিপদসীমাৰ ওপৰৰে বৈ আছে । সেইদৰে বুঢ়ীদিহিং নৈ খোৱাঙৰ চেনীমাৰিত আৰু দিচাং নৈ নঙলামূৰাঘাটত আৰু কুশিয়াৰা নৈ কৰিমগঞ্জত বিপদসীমাৰ ওপৰৰে বৈ আছে ।
- বানত ক্ষতিগ্ৰস্ত আঠ লক্ষাধিক লোক :
শেহতীয়া তথ্য মতে ২১ খন জিলাৰ ৮৪০০৫১ গৰাকী লোক বৰ্তমান বানৰ কবলত আছে । ইয়াৰ ভিতৰত ৩৪৩৪১৬ জন পুৰুষ, ২৯৭২৩৫ গৰাকী মহিলা আৰু ১৯৯৪০০ টি শিশু আছে । ইয়াৰ ভিতৰত কাছাৰ জিলাৰ সৰ্বাধিক ১৪৮৬০৯ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈ আছে ।
- বানৰ কবলত বিশাল কৃষিভূমি :
কালৰূপী বানত ৰাজ্যৰ শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে । শেহতীয়া তথ্য মতে, বৰ্তমান বানত ক্ষতিগ্ৰস্ত হোৱা কৃষিভূমিৰ পৰিমাণ হৈছে ২৯৩৮৭ হেক্টৰ । ইয়াৰ ভিতৰত কামৰূপ জিলাৰ সৰ্বাধিক ৩০৭০ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ।