অসম

assam

ETV Bharat / state

বানবিধ্বস্ত অসমৰ হৈ দিল্লীত মাত মাতিব কোনে ? ৰাহুল গান্ধীয়েই এতিয়া ভৰসা অসম প্ৰদেশ কংগ্ৰেছৰ... - RAHUL GANDHI NE VISIT - RAHUL GANDHI NE VISIT

Assam congress filed report to Rahul Gandhi : শিলচৰত সোমবাৰে পুৱা উপস্থিত হোৱা কংগ্ৰেছৰ যুৱৰাজ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক আদৰণি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ । অসমৰ বান পৰিস্থিতি সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ হৈ ভূপেন বৰাই ৰাহুল গান্ধীৰ ওচৰত দাখিল কৰে এখন প্ৰতিবেদন ৷

RAHUL GANDHI NE VISIT
ৰাহুল গান্ধীৰ উত্তৰ পূৱ ভ্ৰমণ (Source : X account of Bhupen Borah)

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 3:56 PM IST

গুৱাহাটী, 8 জুন: সোমবাৰে অসমত উপস্থিত হোৱা কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধীৰ দলপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিবেদনযোগে সবিশেষ জনালে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই ৷ অগ্নিগৰ্ভা মণিপুৰৰ প্ৰসংগত সোমবাৰে অসম আৰু মণিপুৰ ভ্ৰমণলৈ আহিছে ৰাহুল গান্ধী ৷

বিৰোধী দলপতি ৰাহুল গান্ধীক প্ৰতিবেদন দাখিল (ETV Bharat Assam)

সোমবাৰে পুৱা শিলচৰ বিমানবন্দৰত উপস্থিত হয় কংগ্ৰেছৰ যুৱৰাজগৰাকী ৷ বিমানবন্দৰতে নেতাগৰাকীক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ৷

পিছে কি আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবেদনত ? ৰাহুল গান্ধীক কি কি জনালে এপিচিচিয়ে ?

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটি প্ৰতিনিধিৰ দলে ৰাহুল গান্ধীক অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে এক প্ৰতিবেদনযোগে অৱগত কৰে ৷ দেওবাৰলৈকে শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে ৰাহুল গান্ধীক অৱগত কৰে ভূপেন বৰাই ৷ প্ৰতিবেদনযোগে ৰাহুল গান্ধীক ভূপেন বৰাই অৱগত কৰে যে,

  • দেওবাৰলৈকে বানৰ ফলত ৰাজ্যখনত মৃত্যু হৈছে মুঠ 58 গৰাকী লোকৰ
  • সমগ্ৰ ৰাজ্যতে আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে 53,429 গৰাকী লোকে
  • ৰাজ্যৰ মুঠ 3,535 খন গাঁৱৰ 23.9 লাখ লোক আক্ৰান্ত হৈছে বানত
  • মুঠ শস্যৰ 68,769 হেক্টৰ ভূমি ডুব গৈছে বানত
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 6 টা গঁড়সহ 114 টা জীৱ-জন্তুৰ মৃত্যু হৈছে
  • কাজিৰঙাত বিগত বছৰবোৰৰ তুলনাত বানৰ ফলত হোৱা প্ৰাণীৰ মৃত্যুৰ হাৰ এইবাৰ আটাইতকৈ বেছি ৷

লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাহুল গান্ধীক জনায় যে, অসমৰ ভিতৰত ধুবুৰীয়ে হৈছে সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা ৷ ইয়াত 7.95 লাখৰো অধিক লোকে বানৰ সৈতে যুঁজিবলগীয়া হৈছে ৷ ধুবুৰীৰ পিছতে আছে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু উজনি অসম ৷ ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰতে 1.50 লাখৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে ৷ ইফালে কৰিমগঞ্জ জিলাৰ অন্নপূৰ্ণা ঘাট, বদৰপুৰ ঘাট, কুশিয়াৰাত বিপদচিহ্নৰ ওপৰেৰে বৰাক নদী বৈছিল বিগত দিনকেইটাত ৷

লগতে পঢ়ক:শিলচৰ বিমানবন্দৰ পৰা পোনে পোনে জিৰিবামলৈ ৰাওনা ৰাহুল গান্ধী; ৰাহুলৰ ভ্ৰমণৰ পূৰ্বে জিৰিবামত গুলীয়াগুলী - Rahul Gandhi’s Visit To Manipur

যোৱা 5 টা বছৰত হোৱা অসম চৰকাৰৰ ভুল ব্যৱস্থাপনাই বিপুল ক্ষয়-ক্ষতিৰ কাৰক বুলি ৰাহুল গান্ধীক জনালে অসম প্ৰদেশ কংগ্ৰেছে ৷ ৰাহুল গান্ধীক নিজৰ প্ৰতিবেদনত ভূপেন বৰাই জনায় যে, পথ নাইবা মথাউৰিয়ে হওক, সকলোৰে আন্তঃগাঁথনিৰ এটা জীৱন আছে ৷ নিৰ্দিষ্ট কালৰ শেষত সেই আন্তঃগাঁথনিৰ নিৰ্দিষ্ট অংশৰ মেৰামতি বা নতুনকৈ নিৰ্মাণ কৰিব লাগিব ৷ উদাহৰণস্বৰূপে, পি এম জি এছ ৱাই গাঁৱৰ পথবোৰৰ জীৱনকাল 5 বছৰ ৷ তাৰপিছত উক্ত পথবোৰ মেৰামতি কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে ভূপেন বৰাই ৷

ভূপেন বৰাই ৰাহুল গান্ধীক লগতে জনায় যে, এটা মথাউৰিৰ জীৱনকাল প্ৰায় 20-25 বছৰ ৷ যোৱা 5 বছৰত ডাবল ইঞ্জিন বিজেপি চৰকাৰে মথাউৰিৰ মেৰামতি আৰু পুনৰ নিৰ্মাণক কোনো গুৰুত্ব দিয়া নাই ৷ এই 5 বছৰত অসমৰ বিজেপি চৰকাৰে কেন্দ্ৰৰ বিজেপি চৰকাৰক বান-সম্পৰ্কীয় সাহায্য আৰু পুনৰ নিৰ্মাণৰ বাবে 10,785 কোটি টকাৰ অনুমোদনৰ বাবে অনুৰোধ জনাইছিল ৷ কিন্তু অসমৰ বিজেপি চৰকাৰে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰা মাত্ৰ 250 কোটি টকা লাভ কৰিলে ৷

2018 চনৰ পৰা কোন চনত অসম চৰকাৰে কিমান ধন কেন্দ্ৰৰ পৰা লাভ কৰিলে, সেয়াও এপিচিচিয়ে দলীয় ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীক প্ৰতিবেদনৰ জৰিয়তে সদৰী কৰে ৷

কিমান টকাৰ অনুৰোধ কেন্দ্ৰলৈ ? পালে কিমান ?

চন অসমৰ কেন্দ্ৰলৈ অনুৰোধ লাভ কৰা টকা
2018-19 2,509 কোটি 0
2019-20 3,237 কোটি 0
2020-21 2,640 কোটি 44 কোটি
2021-22 1,088 কোটি 51 কোটি
2022-23 1,309 কোটি 60 কোটি

কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্য চৰকাৰে বিচৰাৰ দৰে ধন নিদিয়াৰ ফলত ৫৩ টা মথাউৰিৰ ক্ষতি হোৱাৰ লগতে আন বহুকেইটা মথাউৰিৰ অৱস্থা শোচনীয় হৈছে বুলি সদৰী কৰে ভূপেন বৰাই ৷

সমাধান

অসমৰ বান সমস্যাৰ সমাধানৰ চাবিকাঠি আছিল পাহাৰত ৷ পাহাৰত বৃহৎ পৰিসৰৰ বনাঞ্চল ধ্বংসৰ ফলত অসমৰ নদীত অপৰিসীম পলস পৰি আছে ৷ ফলস্বৰূপে অসমৰ নদীসমূহৰ বহন ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস হৈছে ৷ গতিকে বাৰিষাৰ বতৰত আৰু জলবায়ু পৰিৱৰ্তনৰ লগে লগে ব্যাপক বৰষুণ দেখিবলৈ পোৱা গৈছে ৷

আনহাতে, পানীৰ নিৰ্গমন নদীৰ বহন ক্ষমতাৰ বাহিৰত ৷ সেয়েহে দীৰ্ঘম্যাদী সমাধান হ’ল সমগ্ৰ উত্তৰ-পূব পানী ব্যৱস্থাপনা কৰ্তৃপক্ষ, যাক বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিবলৈ সংসদে উপযুক্তভাৱে ক্ষমতা প্ৰদান কৰিছে ৷ হ্ৰস্বম্যাদী সমাধান হৈছে মথাউৰিৰ দৰে বৰ্তমানৰ বান ব্যৱস্থাপনা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিকভাৱে সকাহ আৰু পুনৰ্বাসন প্ৰদান কৰা ৷

কেন্দ্ৰৰ ওচৰত বান সমস্যা দাঙি ধৰিবলৈ ৰাহুল গান্ধীক অনুৰোধ :

অসম প্ৰদেশ কংগ্ৰেছে অসমৰ বিষয়টোক বিশেষ ক্ষেত্ৰ হিচাপে লৈ সহায় কৰিবলৈ, অসমবাসীৰ হৈ দিল্লীত মাত মাতিবলৈ ৰাহুল গান্ধীক অনুৰোধ জনায় ৷ যাতে বানৰ ফলত হোৱা ভয়াৱহ লোকচানৰ পৰ্যাপ্ত সকাহ আৰু ক্ষতিপূৰণ কেন্দ্ৰৰ পৰা অসমে লাভ কৰে ৷ অসমৰ যন্ত্ৰণাৰ কণ্ঠক কেন্দ্ৰৰ ডাবল ইঞ্জিন চৰকাৰৰ ওচৰলৈ নি অসমবাসীক সকাহ দিবলৈ ৰাহুল গান্ধীক অনুৰোধ অসম প্ৰদেশ কংগ্ৰেছৰ ৷

লগতে পঢ়ক:২৮ খন জিলাৰ ৩৪৪৬ খন গাঁও এতিয়াও বানৰ কবলত; দেওবাৰে বানে প্ৰাণ ল’লে ৮ গৰাকীৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details