ডিফু, ২ এপ্ৰিল: অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হʼবলগীয়া ৬ নং ডিফু লোকসভা সমষ্টিত আজি অৰ্থাৎ মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত এক নতুন মাত্ৰা প্ৰদান কৰি বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিছʼৰ সমৰ্থনত ডিফুত প্ৰচাৰ অভিযান চলাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আজি দুপৰীয়া ভাগত ডিফুত হেলিকপ্টাৰযোগে উপস্থিত হোৱাৰ পিচতে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এক বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷
নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ডিফু সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিছʼৰ সমৰ্থনত ভোটদান কৰিবলৈ সমষ্টিবাসীক আহ্বান জনায় । প্ৰায় বিশ মিনিটজোৰা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত থকা অৰ্ধ লক্ষাধিক লোকক বিজেপি দলৰ প্ৰাৰ্থীক তিনিলাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰোৱাৰ বাবে আহ্বান জনায় । ৰেচন কাৰ্ড থকা সকলো লোকেই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰীকে দহ হাজাৰ তথা স্নাতক শাখাত ভৰ্তি হোৱা ছাত্ৰীক ১২,৫০০ আৰু স্নাতকোত্তৰ শাখাত ভৰ্তি হোৱা ছাত্ৰীক ২৫ হাজাৰৰো টকাৰ সাহায্য প্ৰদান কৰা হʼব বুলি ঘোষণা কৰে ।
লগতে কাৰ্বি আংলং জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম এই বছৰতে আৰম্ভ কৰা হʼব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে । কাৰ্বি আংলং আৰু ডিমা হাছাওত ভালেখিনি উন্নয়নমূলক কাম হোৱা বুলি মন্তব্য কৰি দুয়োখন জিলাতে বিশ হাজাৰ কোটি টকা উন্নয়নমূলক কামৰ বাবে মুকলি কৰি দিয়া বুলি উল্লেখ কৰে । জিলাখনলৈ ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ভ্ৰমণলৈ অহাৰ প্ৰসংগ উল্লেখ কৰি কাৰ্বি যুৱ মহোৎসৱলৈ এইবাৰ বেয়া বতৰৰ বাবে ৰাষ্ট্ৰপতি আহিব নোৱাৰিলে যদিও পৰৱৰ্তী বৰ্ষত কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতিক পুনৰ আমন্ত্ৰণ জনোৱা হʼব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।