ডিব্ৰুগড় :স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব । এইবাৰ ডিব্ৰুগড়ৰ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰিব ।
আনহাতে, মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰাৰ বিপৰীতে ৰাজ্যপালে গুৱাহাটীত কৰিব গণৰাজ্য দিৱসৰ পতাকা উন্মোচন । ইতিমধ্যে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে ডিব্ৰুগড় জিলা প্ৰশাসনে । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰ কেইবা কোটি টকাৰ বাজেটেৰে অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে ।
গৌতম কনষ্ট্ৰাকচনে বিগত কেইবা বছৰৰ পৰা খনিকৰ খেলপথাৰ অত্যাধুনিক ৰূপত নিৰ্মাণৰ কাম কৰি আহিছে । গুৱাহাটীৰ সৰুসজাইৰ আৰ্হিত খনিকৰ খেলপথাৰ আৰু অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে । এই খেলপথাৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উন্মোচন কৰিব ।
ইফালে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ পৰিপ্ৰেক্ষিতত খনিকৰ খেলপথাৰত উপস্থিত হৈ প্ৰস্তুতি বুজ ল'লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে । আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত দায়িত্বত থকা বিষয়াৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় । আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলগা দলসমূহৰ অনুশীলনৰো পৰ্যবেক্ষণ কৰে ।
সঞ্চালক প্ৰধানগৰাকীৰ পৰিদৰ্শন কালত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে লোকনিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহণ আদি বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে । গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৰূপায়ণত যাতে কোনো ধৰণৰ বেমেজালি নহয় তাৰবাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ সকলো বিভাগক নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।
আনহাতে, যোৱা ২৩ ডিচম্বৰ তাৰিখে ডিব্ৰুগড়ত বিকাশৰ ১২ দিন শীৰ্ষক সামৰণী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গণৰাজ্য দিৱসৰ বাবে নিৰ্মীয়মাণ খনিকৰ ষ্টেডিয়াম আৰু খেলপথাৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি বুজ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
- ডিব্ৰুগড় হ'ব অসমৰ দ্বিতীয় ৰাজধানী
ডিব্ৰুগড়ত যোৱাটো বৰ্ষত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰা দিনটোত অনুষ্ঠিত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ডিব্ৰুগড়ত প্ৰতিবছৰে অনুষ্ঠিত হ'ব ২৬ জানুৱাৰীত কেন্দ্ৰীয় গণৰাজ্য দিৱস । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰ অত্যাধুনিক ৰূপত নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে ।