অসম

assam

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 9:03 PM IST

ETV Bharat / state

326 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এম জি ৰোডৰ বিকল্প পথ মুকলি মুখ্যমন্ত্ৰীৰ

North Guwahati bridge : গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ দক্ষিণপাৰৰ কৰিডৰ মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ 326 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই কৰিডৰ ৷

Guwahati North Guwahati bridge
গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ দক্ষিণপাৰৰ কৰিডৰ মুকলি

এম জি ৰোডৰ বিকল্প পথ মুকলি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 4 মাৰ্চ : গুৱাহাটীৰ মাছখোৱা আৰু ভূতনাথক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে নিৰ্মাণ কৰা উৰণ সেতুখন ( বিকল্প পথ) সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি‌ কৰে ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়- "গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ এলিভেটেড দক্ষিণ দিশৰ পথছোৱা 326 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৷ ভূতনাথৰ পৰা মাছখোৱালৈ সংযোগ কৰি নিৰ্মাণ কৰা এই পথছোৱাই যান-বাহনৰ গতিপথ সলনি কৰি নদীৰ কাষেৰে যাতায়ত সহজ কৰি তুলিব ৷"

তেওঁ কয় যে ক’ভিড পৰিস্থিতিৰ বাবে নিৰ্মাণ কাৰ্য অলপ লেহেমীয়া হৈছিল ৷ এতিয়া দলংখনৰ নিৰ্মাণ কাৰ্য 82 শতাংশ সম্পূৰ্ণ হৈছে ৷ ডিচেম্বৰত এই দলংখন‌ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈ নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ৷ পুৱা আঠ‌বজাৰ পৰা এই পথছোৱাৰে বাহন চলাচল‌ কৰিব বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ আৰু কয় যে মালিগাঁৱৰ পৰা কামাখ্যা মন্দিৰলৈ নদীৰ‌ পাৰে পাৰে বিকল্প পথ নিৰ্মাণ হ'ব ৷ এই কাম সোনকালে আৰম্ভ হ'ব ৷ ভৱিষ্যতে এই পথছোৱা উজানবজাৰলৈ নিৰ্মাণ কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ আধাৰশিলা 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল ৷ ইয়াৰ পিচত 2020 চনৰ পৰা দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ হয় ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাৰ্ণ কৰি থকা দলংখনৰ বাবে নিউ ডেভেল'পমেন্ট বেংক চমুকৈ এন ডি বিয়ে 2000 কোটি টকাৰ ঋণ দিছে ৷ দলংখনৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন চমুকৈ ডি পি আৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তত কৰিছে ৷ এই দলংখন ছয়লেনযুক্তকৈ নিৰ্মাণ কৰা হ'ব ৷ দলংখন নদীৰ ওপৰত ধেনুভিৰীয়াকৈ নিৰ্মাণ কৰা হ'ব ৷ দলংখনৰ মুঠ ব্যয় 2187.03 কোটি টকা ধাৰ্য কৰা হৈছে ৷

ডি পি আৰ মতে, এটি ৰোড আৰু এম জি ৰোডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণ কৰি থকা হৈছে ৷ উত্তৰ গুৱাহাটীৰ পৰা দলংখনে এ টি ৰোডৰ ওচৰত থকা স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ পইন্টত স্পৰ্শ কৰিব ৷ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টৰ পৰা উত্তৰ গুৱাহাটীমুখী যান-বাহন যাব পাৰিব আৰু বিপৰীতে উত্তৰ গুৱাহাটীৰ পৰা অহা বাহনবোৰ আই টি এ কমপ্লেক্স পইন্টলৈ আহিব পাৰিব ৷ দুয়োটা পথ একেমুখী আৰু ছয়লেনযুক্ত হ’ব ৷

দলংখন গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী 'ৱাই' ৰ দৰে নিৰ্মাণ কৰা হ'ব ৷ দলংখনৰ দক্ষিণ দিশত অৰ্থাৎ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ পইন্টক সংযোগ কৰি নদীৰ পাৰে পাৰে বিকল্প পথছোৱা নিৰ্মাণ কৰা হৈছে ৷ উল্লেখযোগ্য যে আজি স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্স সংযোগ কৰি নদীৰ পাৰে পাৰে বিকল্প পথছোৱা মুখ্যমন্ত্ৰীয়ে‌ মুকলি‌ কৰাৰ পিচত জালুকবাৰীৰ দিশৰ পৰা অহা বাহনবোৰ এই পথছোৱাৰে মাছখোৱালৈ যাব ৷ আকৌ‌ পাণবজাৰ দিশৰ পৰা অহা বাহন‌বোৰ পোনে পোনে আগৰ এম জি ৰোডেৰে ভূতনাথলৈ আহিব পাৰিব ৷

লগতে পঢ়ক :আজাৰা জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details