গুৱাহাটী: অসমলৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে সম্প্রতি জাপান ভ্রমণত ব্যস্ত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্রীগৰাকীয়ে এই সময়ছোৱাত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে অসমৰ অর্থনৈতিক সম্ভাৱনীয়তা আৰু সুচল বিনিয়োগ সম্পর্কে বাৰ্তালাপ কৰে ৷
- অসমলৈ জাপানৰ পর্যটকৰ বাট মুকলিৰ চেষ্টা :
জাপানৰ সৈতে অসমৰ সম্পর্ক সুদৃঢ় কৰাৰ লগতে উদ্যোগীকৰণ আৰু অর্থনৈতিক বিকাশৰ দিশ মুকলি কৰাৰ অর্থে বৃহস্পতিবাৰে টকিঅ’ত জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পর্যটন বিভাগৰ ৰাজ্যিক মন্ত্রী ফুৰুকাৰা য়াজুছিক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
এই সাক্ষাৎকালত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই জাপান আৰু অসমত পর্যটনৰ সম্ভাৱনা আৰু প্রচাৰ সম্বন্ধে জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পর্যটন বিভাগৰ ৰাজ্যিক মন্ত্রীগৰাকীৰ সৈতে আলোচনা কৰে ৷
এই প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে অন্তর্ভুক্ত চৰাইদেউ মৈদাম, সুবিশাল তথা সেউজ চাহ বাগিচা আৰু অতুলনীয় জৈৱ-বৈচিত্রৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গ'ল্ফ খেলপথাৰলৈকে বিভিন্ন উপাদানেৰে অসমৰ পৰ্যটনৰ ক্ষেত্রখন সমৃদ্ধ । এই পর্যটনস্থলীসমূহত উপলব্ধ সা-সুবিধাই জাপানৰ পর্যটকসকলক আকর্ষিত কৰিবলৈ সক্ষম হ'ব ।’’
আনহাতে, মুখ্যমন্ত্রীগৰাকীয়ে বৃহস্পতিবাৰে জাপানৰ ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্রী কোমুৰা মাছাহিবোকো সাক্ষাৎ কৰে । এই সাক্ষাৎকালত মূল্যবোধ, নীতি-নিয়ম তথা বিশেষকৈ গৌতম বুদ্ধৰ আদর্শই ভাৰত আৰু জাপানৰ মাজত কেনেকৈ আধ্যাত্মিক সেতু গঢ়ি তুলিছে সেই বিষয়কে ধৰি বিভিন্ন কথা আলোচনা কৰা হয় ।
বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে কয়, “জাপানী কোম্পানীসমূহৰ বাবে এখন ঔদ্যোগিক ক্ষেত্র স্থাপনৰ বাবে অসম চৰকাৰ আগ্রহী আৰু এই দিশত ৰাজ্য চৰকাৰে অগ্রাধিকাৰ ভিত্তিত কাম-কাজ আগবঢ়াই নিব । অসমৰ প্রতিভাবান যুৱক-যুৱতীসকলে জাপানত দক্ষ শ্রমিকৰ চাহিদা পূৰ কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়েও এই বৈঠকত আলোচনা কৰা হয় ।”
ইয়াৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে ‘‘পৰাক্ৰম দিৱস’’ উপলক্ষে টকিঅ'ত থকা ভাৰতীয় দূতাবাসত নেতাজী সুভাষ চন্দ্র বসুৰ প্রতিকৃতিত পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধা জ্ঞাপন কৰি দেশৰ চিৰস্মৰণীয় ব্যক্তিসত্তাগৰাকীৰ দেশ সেৱাৰ বাবে সাহস আৰু অতুলনীয় সংকল্পৰ লগতে ব্রিটিছ শাসনৰ বিৰুদ্ধে সংগ্রামৰ উদ্দেশ্যে নেতাজীয়ে জাপানতে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণৰ কথা স্মৰণ কৰে ।
মুখ্যমন্ত্রীয়ে বুধবাৰে ঐতিহাসিক হিৰোছিমা শান্তি স্মৰক দর্শন কৰি হিৰোছিমাত বোমা বিস্ফোৰণৰ ঘটনাত নিহতসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰি পুষ্পাঞ্জলি অর্পণ কৰে। তেওঁ লগতে এই শান্তি স্মাৰকৰ সমীপতে স্থাপিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূর্তিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ।