অসম

assam

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:58 PM IST

ETV Bharat / state

কংগ্ৰেছৰ দিনত হোৱা অনিয়মৰ তদন্ত চিবিআইলৈ : সিদ্ধান্ত ৰাজ্যিক কেবিনেটত - Bordikorai Hydro Electric Project

Failed Hydropower projects in Assam : বৰদিকৰাই সংৰক্ষিত বনাঞ্চলত হাইড্ৰ’পাৱাৰ প্ৰজেক্টৰ বাবে ক্ষতিপূৰণ ভৰিবলগীয়া হৈছিল চৰকাৰে ৷ কংগ্ৰেছৰ দিনত হোৱা সেই ঘটনাৰ তদন্ত আৰম্ভ কৰা হ’ব এতিয়া ৷ তদন্তৰ দায়িত্ব দিয়া হ’ব চি বি আইক ৷

Failed Hydropower projects in Assam
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ৩ জুলাই : কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা এটা বৃহৎ অনিয়মৰ তদন্ত চি বি আইক দিয়াৰ সিদ্ধান্ত আজি ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কংগ্ৰেছৰ দিনত শক্তিখণ্ডত হোৱা এটা অনিয়মৰ তদন্ত চি বি আইক দিয়াৰ সিদ্ধান্ত লোৱা হয় ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

বৈঠকৰ অন্তত কেবিনেটত লোৱা সিদ্ধান্তটোৰ বিষয়ে সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয় যে ২০০৯ চনত বৰদিকৰাই সংৰক্ষিত বনাঞ্চলত হাইড্ৰ’পাৱাৰ প্ৰজেক্ট এটা স্থাপনৰ সিদ্ধান্ত লৈ কামটো কৰাৰ দায়িত্ব নেকন পাৱৰছক দিয়া হৈছিল । সেই মতে কামো আৰম্ভ হৈছিল । কিন্তু পৰিৱেশ তথা ফৰেষ্ট ক্লিয়াৰেন্স নোহোৱাকৈ কামটো কৰাৰ বাবে ২০১৫ চনত অসম চৰকাৰে প্ৰকল্পটো বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ।

ফৰেষ্ট ক্লিয়াৰেন্স নোহোৱাকৈ প্ৰকল্পটো কৰাটো অসম চৰকাৰৰ ভুল আছিল । যিটো ভুলৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অসম চৰকাৰে নেকন পাৱৰছক ক্ষতিপূৰণ হিচাপে দিবলগীয়া হ'ল । সেই সময়ত গোটেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নহ'ল বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

ড৹ শৰ্মাই কয় যে ২০০৯ চনত আৰম্ভ কৰা প্ৰকল্পটোৰ বেক ডেটতো ক্লিয়াৰেঞ্চ নকৰি প্ৰকল্পটো বন্ধ কৰি দিয়া হ'ল ৷ ৫ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে কৰা প্ৰকল্পটোৰ কাম ২০১২ চনত বন বিভাগে ফৰেষ্ট ক্লিয়াৰেঞ্চ নাই বুলি বন্ধ কৰিবলৈ কৈছিল । পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অসম চৰকাৰে ১০০ কোটি টকা কোম্পানীটোক দিবলগীয়া হৈছিল ।

মুখ্যমন্ত্ৰীয়ে কয় যে ক্ষতিপূৰণ দিবলগীয়া হোৱা সমগ্ৰ প্ৰেক্ষাপট সন্দৰ্ভত তদন্ত কৰাৰ বাবে আজিৰ কেবিনেটে চি বি আইক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । ২০১৫ চনত সেইসময়ৰ মুখ্যমন্ত্ৰীৰ অনুমোদনত প্ৰকল্পটো বন্ধ হৈ কৰা হৈছিল । ড৹ শৰ্মাই কয় যে সেই সময়ত যিসকল আমোলাই কামটো কৰিছিল সেইসকল আমোলা এতিয়াও আছে আৰু তেওঁলোকে কথাখিনি ভালদৰে ক'ব পাৰিব । এই ঘটনাত কোনো ৰাজনৈতিক ব্যক্তি জড়িত নাই বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়েই শক্তিমন্ত্ৰীৰ দায়িত্বত আছিল ।

আনহাতে চহী কৰাজন বৰ্তমান এই পৃথিৱীত নাই বুলি সদৰী কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে সেই সময়ৰ আমোলা-বিষয়াসকলেহে উত্তৰ দিব লাগিব ।

লগতে পঢ়ক:১৫ আগষ্টৰ পূৰ্বে প্ৰদান কৰা হ’ব বানত ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণ : আৰু কি কি সিদ্ধান্ত কেবিনেটৰ ?

ABOUT THE AUTHOR

...view details