বাইহাটা:উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে । নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ টাকৈ সমষ্টিত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে । ইফালে উপ-নিৰ্বাচন চমু চাপি অহাৰ লগে লগে চামগুৰি সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক হিংসাও বৃদ্ধি পাইছে । সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে । শনিবাৰে নিশা বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ বাহনক লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰে । যাক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
"ৰকিবুলক গ্ৰেপ্তাৰ কৰিব লাগে"
এই ঘটনাক লৈ বিজেপি নেতাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো ৰকিবুল হুছেইনক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰে । ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয়, "ৰকিবুল হুছেইনক গ্ৰেপ্তাৰ কৰিব লাগে । বৰাক ভেলীত গুলী-বাৰুদৰ দুই এটা ঘটনা ঘটে । কিন্তু ব্ৰহ্মপুত্ৰ ভেলীত আমি প্ৰথমবাৰৰ বাবে এনে ঘটনা দেখিবলৈ পালো । ইয়াৰ মেইন 'নায়ক' হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া । মই নিৰ্বাচন আয়োগ আৰু প্ৰশাসনক আহ্বান জনাম বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে ।" ইফালে বিষয়টো সন্দৰ্ভত ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰাৰ কথাও উল্লেখ কৰে ভৱেশ কলিতাই ।