অসম

assam

ETV Bharat / state

প্ৰাৰ্থী ঘোষণা নহ’লেও প্ৰচাৰত নামিল পীযুষ হাজৰীকা; বিহালীৰ পৰা কংগ্ৰেছক কটাক্ষ

Assam Bye election: উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগেই অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।

By ETV Bharat Assamese Team

Published : 5 hours ago

ASSAM BY POLLS 2024
প্ৰাৰ্থী ঘোষণা নহ’লেও প্ৰচাৰত নামিল পীযুষ হাজৰীকা (ETV Bharat)

তেজপুৰ, ১৮ অক্টোবৰ: ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাচতে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দল ৷ বিশেষকৈ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বিহালী বিধানসভা সমষ্টিত বৃহস্পতিবাৰৰ পৰা মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷

কাতি বিহুৰ দিনটোতে বিহালীৰ ৰাংচালি, তিনিসুঁতি আৰু হাতীবন্ধাত মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ বিৰোধী দল কংগ্ৰেছে সাংসদ গৌৰৱ গগৈক বিহালীৰ দায়িত্ব দিয়াৰ সমান্তৰালকৈ বিহালীত বিজেপিয়ে সেনাপতি হিচাবে দায়িত্ব অৰ্পন কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাক । লোকসভা নিৰ্বাচনৰ সময়তো যোৰহাটত প্ৰচাৰৰ ক্ষেত্ৰত সমুখ সমৰত আছিল পীযুষ হাজৰীকা আৰু গৌৰৱ গগৈ ৷ এইবাৰ বিহালীতো সমুখ সমৰত অৱতীৰ্ণ হৈছে পীযুষ-গৌৰৱ ৷

প্ৰাৰ্থী ঘোষণা নহ’লেও প্ৰচাৰত নামিল পীযুষ হাজৰীকা (ETV Bharat)

বিৰোধীয়ে বিহালীত বিজেপিৰ অৱস্থা যোৰহাটৰ দৰেই হ’ব বুলি গৌৰৱে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীiৰাকীয়ে কয় যে, ‘‘বিৰোধীয়ে সমগ্ৰ অসমত ১৪ টা সমষ্টিৰ ৩ টাতহে জিকিছিল আৰু আমি ১১ টাত জিকিছিলোঁ ৷ কেইদিনমান আগত হাৰিয়ানাত জিকিম বুলি খানা ৰেডী কৰিছিল যদিও অৱশেষত মুখত চেঁচা পানী পৰিল ৷ ক’ৰবাত নিৰ্বাচনত হৰা-জিকা থাকেই ৷’’

তেওঁ পুনৰ কয়, "যোৰহাটত ব্যস্ত থকাৰ বাবে মোৰ সমষ্টিত মই এদিন প্ৰচাৰ চলাইছিলো ৷ কিন্তু মোৰ সমষ্টিত বিজেপিয়ে ৭৭ হাজাৰ ভোটৰ ব্যৱধানত আগুৱাইছিল ৷ ক’ৰবাত ভাল হ’লে ক’ৰবাত বেয়া হয় ৷ সেয়া থাকিবই, কিন্তু এইবাৰ বিহালীত আমাৰ ভাল হ’ব ৷ আমাৰ নতুন ৰণ কৌশল একো নাই ৷ মানুহৰ লগত থকাটোৱেই আমাৰ ৰণ কৌশল ৷ ৰাইজৰ পৰা আশীৰ্বাদ লোৱাটোৱেই আমাৰ ৰণ কৌশল ৷"

প্ৰাক নিৰ্বাচনী হিংসা:

আনহাতে, চামগুৰিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "চামগুৰিত এনেকুৱা পৰিস্থিতি কংগ্ৰেছ দলেই কৰে ৷ চামগুৰিত প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে বেয়া পৰিবেশৰ সৃষ্টি কৰে ৷ চামগুৰিৰ দৰে পৰিবেশ বেলেগ সমষ্টিত হ’ব নালগে, তাৰ বাবে মই অসমৰ ৰাইজক অনুৰোধ জনাম ৷ নিৰ্বাচন আহিলে মাৰ-পিট হয়েই ৰকিবুল হুছেইনৰ সমষ্টিত ৷ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীত ২০১৬ চনত আক্ৰমণ কৰিছিল ৷ আক্ৰমণ তেওঁলোকেই কৰে, এইবাৰ কেৱল বিজেপিৰ মানুহ অলপ তাত বৃদ্ধি পোৱাৰ বাবে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল ৷"

দিগন্ত ঘাটোৱাৰৰ প্ৰাৰ্থিত্বৰ সম্ভাৱনা:

যুৱ নেতা দিগন্ত ঘাটোৱাৰ বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি তথা এগৰাকী সক্ৰিয় সদস্য হোৱাৰ লগতে প্ৰাৰ্থিত্বৰ দাবীদাৰ । তেওঁ প্ৰথমবাৰৰ বাবে বিহালী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী । আনহাতে জয়ন্ত বৰাই এইবাৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।
দিগন্ত ঘাটোৱাৰৰ বিশ্বনাথ জিলাৰ লগতে স্থানীয় লোকৰ মাজত যথেষ্ট পৰিমাণে জনপ্ৰিয়তা আছে, সেই অনুসৰি পাৰ্টীৰ পৰা দিগন্ত ঘাটোৱাৰে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনীয়তা আছে ।

কংগ্ৰেছ নে চিপিআই এম এল :

আনহাতে বিৰোধী কংগ্ৰেছৰ তৰফৰ পৰা এই মুহূৰ্তত প্ৰাৰ্থিত্বৰ বাবে কাৰো নাম প্ৰচাৰ হোৱা নাই । কংগ্ৰেছ দলে বিজেপিৰ প্ৰাৰ্থিত্ব ঘোষণাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰে যদিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এই আসনখন ভাষাৰ দিশৰ পৰা বেছি গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনীয়তা আছে । এইবাৰ আম আদমী পাৰ্টিয়ে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনীয়তা আছে ।

কংগ্ৰেছে মিত্ৰদলসমূহৰ লগত নাথাকি অকলশৰীয়া হৈ যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ’লে সহযোগী দলসমূহেও প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । কাৰণ কংগ্ৰেছ দলটোৱে মিত্ৰদল তথা বিহালীত যথেষ্ট শক্তিশালী ভেটি থকা সত্বেও চিপিআই এম এল দলৰে কোনোধৰণৰ সম্পৰ্ক ৰক্ষা নকৰাকৈয়ে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ চিপিআই এম এল দলেও একাধিক ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ লগতে গণসংযোগ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিবেক দাসে চিপিআই এম এলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ পৰিছে ।

সমষ্টিৰ ভোটাৰ প্ৰণালী :

আনহাতে, বিহালী সমষ্টিৰ যোৱা ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি ভাষিক জনগোষ্ঠীৰ ভোটাৰ তালিকা মতে মুঠ ১,২৫,৪৬ ভোটাৰ আছে । ইয়াৰ ভিতৰত অসমীয়া ভোটাৰ ১,৯১,১৬৫; চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ভোটাৰ ৫৬,৩৯২; গোর্খা ভোটাৰ ২৪০৮৭; বঙালী ভোটাৰ ৯৫৭৩; বড়ো ভোটাৰ ৪৯২৬; কাৰ্বি ভোটাৰ ৫৬৫৪; হিন্দী ভাষী ভোটাৰ ৫৩৩১ গৰাকী সমষ্টিটোত আছে ।

লগতে পঢ়ক:চামগুৰিত ৰকিবুলৰ পুত্ৰৰ জয় বিচৰা নাই খোদ ভূপেন বৰাই: কোনে ঘটালে এই বিস্ফোৰণ ?

ABOUT THE AUTHOR

...view details