অসম

assam

ETV Bharat / state

ৰাজনীতি সাহিত্য়ৰ ধৰ্ম হ'ব নোৱাৰে: অসম গ্ৰন্থমেলাত ক্ষোভ উজাৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে

আৰম্ভ হ'ল গ্ৰন্থৰ বতৰ । যোৰহাটত অসম গ্ৰন্থমেলাত অসম সাহিত্য় সভাৰ সভাপতি নিৰ্বাচন প্ৰসংগক লৈ চৰ্চা ।

Assam Book Fair in Jorhat
যোৰহাটত অসম গ্ৰন্থমেলা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

যোৰহাট:শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে 'অসম গ্ৰন্থমেলা '। অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত শুকুৰবাৰৰ পৰা যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত দহদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম গ্ৰন্থমেলা ।

ওড়িশাৰ বিশিষ্ট সাহিত্যিক সুভাষ চন্দ্ৰ শতপঠী, সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লেখক ড৹ অদিতি বেজবৰুৱাৰ উপস্থিতিত আজি সন্ধিয়া অসম গ্ৰন্থমেলাৰ বাকৰি পাঠক ৰাইজ তথা গ্ৰন্থপ্ৰেমীৰ বাবে মুকলি কৰা হয় ।

যোৰহাটত অসম গ্ৰন্থমেলা (ETV Bharat Assam)

অসম গ্ৰন্থমেলা মুকলি কৰি বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়,"আজি লেখকৰ সংখ্যা বাঢ়িছে । ইয়াৰ বিপৰীতে পঢ়ুৱৈৰ সংখ্যা কমি আহিছে । মই অনুভৱ কৰো যে আমাৰ গ্ৰন্থ বাকী প্ৰজন্মই কিদৰে আকোঁৱালি লয়, লিখাৰ মান কিমান উন্নত সেই সমূহৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন । "

লগতে সাহিত্যিকগৰাকীয়ে কয়, "শিশুগ্ৰন্থ লিখাটো একাংশই সহজ বুলি ভাবে, কিন্তু শিশুগ্ৰন্থ লিখাটো ইমান সহজ নহয় । শিশুগ্ৰন্থ লিখাৰ সময়ত নিজৰ মানসিকতা সলনি কৰিব লাগিব । সেই সময়ত আমি ৬ পৰা ৮ বছৰীয়া শিশুলৈ ৰূপান্তৰিত হ'ব লাগিব ।" বিশিষ্ট সাহিত্যিকগৰাকীয়ে পুনৰ কয়," শিশুসকলৰ কল্পনা আৰু বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিহে আমি শিশুগ্ৰন্থ লিখাটো প্ৰয়োজন ৷ আমি প্ৰাপ্তবয়স্কৰ কথা ভাবি শিশুগ্ৰন্থ লিখাটো কাম্য নহয় ।"

পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি তথা নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে প্ৰথমতে অভিভাৱকসকল সচেতন হ'বই লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, "একাংশই এতিয়া ঘৰতে ডি টি পি কৰি কিতাপ উলিয়াই লেখক হয় ।" অসম সাহিত্য সভাৰ প্ৰসংগত সাহিত্যিকগৰাকীয়ে কয়," ৰাজনীতি সাহিত্য়ৰ ধৰ্ম হ'ব নোৱাৰে । ৰাজনীতিত গোপনীয়তা থাকে, সাহিত্য়ত নাথাকে । সত্য়ই সাহিত্য় । সৃষ্টিশীলতাত লিংগ বৈষম্য থাকিব নালাগে কাৰণে মই লেখিকা হিচাপে নহয়, লেখক হিচাপে পৰিচয় দিহে ভাল পাওঁ।"

উল্লেখ্য যে অহা ২৪ নৱেম্বৰত সামৰণি পৰিব অসম গ্ৰন্থমেলাৰ । এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ কৰ্ণাটকৰ বিশিষ্ট কবি পি মোহনে এই সভাত সন্মানীয় অতিথিৰূপে আৰু যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ৷ এই গ্ৰন্থমেলাত ৰাজ্যখনৰ আগশাৰীৰ কেইবাটাও প্ৰকাশন প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ বাহিৰৰ প্ৰকাশন প্ৰতিষ্ঠানেও যোগদান কৰিছে ।

লগতে পঢ়ক:উৰণ সেতু বনাম গ্ৰন্থমেলা: ক’ত হ’ব অসম গ্ৰন্থমেলা ? চানমাৰী নে খানাপাৰাত ?

চিয়াং নদী সাংস্কৃতিক মহোৎসৱৰ আৰম্ভণি

ABOUT THE AUTHOR

...view details