শিৱসাগৰ, ২৮ আগষ্ট :ধিঙত সংঘটিত জঘন্য অপৰাধ যে এতিয়া ৰাজনৈতিক লাভালাভৰ অংক হৈ পৰিছে সেয়া স্পষ্ট হৈ উঠিছে । এই অংকত অৰাজনৈতিক সংগঠনক আওপকীয়াকৈ জড়িত কৰাৰ এক চেষ্টাও প্ৰতিফলিত হৈছে । যাৰ বাবে শিৱসাগৰৰ একাংশ সংগঠনে বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে ।
একাংশ লোকে ৰাজনৈতিক আৰু ব্যক্তিগত মুনাফাৰ বাবে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই সামাজিক পৰিৱেশ বিনষ্ট কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম ছাত্ৰ যুৱ সন্মিলনে ৷
অবৈধ প্ৰৱজনকাৰীৰ নামত ভাৰতীয় মুছলমানৰ বিৰুদ্ধে যুঁজ দিয়া নাই জাতীয় সংগঠনে (ETV Bharat Assam) শিৱসাগৰত অনা অসমীয়াৰ দপদপনি প্ৰসংগত বক্তব্য
সংগঠনটোৰ নেতা জিণ্টু মেচে কয়, "আমি অতি উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে যোৱা সংসদীয় নিৰ্বাচনৰ পিচত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ গৈ বিজেপি আৰু ইয়াৰ অনুগত বিভিন্ন শক্তিয়ে অসমত হিন্দু-মুছলিমৰ মাজত বিভেদ আনি এক অতি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খুজিছে । মুখ্যমন্ত্ৰীয়ে নিজেই গৃহ বিভাগৰো দায়িত্ব লৈ ৰাজ্যত শান্তি-শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ লগতে ৰাজ্যৰ নাৰী সমাজৰ নিৰাপত্তাও নিশ্চিত কৰিব পৰা নাই । কিছুদিন পূৰ্বে শিৱসাগৰ চহৰত ভৰদূপৰীয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিশোৰী খেলুৱৈক কেইজনমান অনা-অসমীয়া বেপাৰীয়ে গুৰুলা-গুৰুলকৈ মাৰপিট কৰাৰ লগতে দেহৰ কাপোৰ পৰ্যন্ত ফালি পেলালে । ইয়াৰ পিচত কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰিব নোৱৰাত স্বাভাৱিকতে শিৱসাগৰৰ সচেতন ৰাইজ চিন্তিত হৈছিল আৰু এই আক্ৰমণৰ প্ৰতিবাদ কৰিছিল ।"
নেতাগৰাকীয়ে লগতে কয়, "এই প্ৰতিবাদ স্বাভাৱিকতে এক চিন্তাৰ দ্বাৰা হৈছিল, যিটো হৈছে অসমৰ খিলঞ্জীয়া জনগণৰ নিৰাপত্তাৰ প্ৰশ্ন, মাটি, সম্পদ তথা ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন । গতিকে শিৱসাগৰৰ জনগণ স্বতস্ফূৰ্তভাৱে নামি পৰিছিল প্ৰতিবাদত । আমি অসম ছাত্ৰ যুৱ সন্মিলনেও অনান্য জাতীয় সংগঠনৰ সৈতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলোঁ ।"
ধিং-কাণ্ড প্ৰসংগত জিণ্টু মেচৰ প্ৰতিক্ৰিয়া
ধিং-কাণ্ড প্ৰসংগত নেতাগৰাকীয়ে কয়, "ইয়াৰ দুদিন পিচতেই গৃহ বিভাগৰ চূড়ান্ত বিফলতা প্ৰকাশ কৰি ধিঙত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছিল । এই ঘটনাৰ তীব্ৰ গৰিহণা দি ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো তীব্ৰ প্ৰতিবাদ হৈছিল । প্ৰতিবাদৰ মাজতেই আমাৰ মাজৰে দুই-এক সংগঠনৰ কোনো নেতৃত্বই ধিং-কাণ্ডৰ সমালোচনা কৰিবলৈ গৈ শিৱসাগৰৰ পৰা মিঞা যাব লাগিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল । উক্ত বক্তব্য ৩০ সংগঠনৰ বুলি সৰ্বত্ৰে প্ৰকাশ পাইছে । ইয়াৰ পিচতেই সকলোকে আচৰিত কৰি শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা মিঞা খেদা হ’ব বা হৈছেজাতীয় বাতৰি প্ৰকাশ কৰি এক অতি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰা হ’ল ।"
মিঞা খেদিম বুলি বক্তব্য দিয়া নাই অসম ছাত্ৰ যুৱ সন্মিলনে
খিলঞ্জীয়াৰ অধিকাৰ প্ৰসংগত নেতাগৰাকীয়ে কয়, "অসম ছাত্ৰ যুৱ সন্মিলনে যিহেতু খিলঞ্জীয়াৰ ভূমি আৰু সম্পদৰ অধিকাৰ বাবে যুঁজি আহিছে. সেয়ে উক্ত আন্দোলনত ৩০ সংগঠনৰ সৈতে আমিও জড়িত আছিলোঁ । গতিকে এই কথা আমি অসম ছাত্ৰ যুৱ সন্মিলনে স্পষ্ট কৰি দিছোঁ যে মিঞা খেদিম ধৰণৰ বক্তব্য আমি দিয়া নাই বা আমাৰ সংগঠনৰ বক্তব্য নহয় । কিন্তু অবৈধ বিদেশী বিতাড়ন আৰু খিলঞ্জীয়াৰ অধিকাৰ ক্ষেত্ৰত কোনো আপোচ নকৰোঁ । এই ক্ষেত্ৰত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম ।
মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজনৈতিক পাশাখেল আৰম্ভ কৰিছে
তেওঁ লগতে কয়, "মূলত খিলঞ্জীয়াৰ মাটি আৰু সম্পদৰ অধিকাৰ আন্দোলনৰ ক্ষোভক অন্য দিশে পৰিচালিত কৰি অসমত খিলঞ্জীয়া বনাম মিঞা, হিন্দু বনাম মুছলমানৰ এক ভাবধাৰা সৃষ্টি কৰিবলৈ কিছু প্ৰতিক্ৰিয়াশীল শক্তিয়ে প্ৰচেষ্টা চলাইছে । ইয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক পাশাখেল আৰম্ভ কৰিলে । তেওঁ গোটেই অসমত এটা সাম্প্ৰদায়িক বাতাবৰণ তৈয়াৰ কৰিলে । তেওঁ মিঞাৰ বিৰুদ্ধে এই আন্দোলনটোক এক সাম্প্ৰদায়িক পৰিৱেশ কৰিবলৈ চেষ্টা কৰিলে । যাৰ ফলশ্ৰুতিত তিনিচুকীয়াত আমাৰ খিলঞ্জীয়া মৰিয়া মানুহক মিঞা বুলি মাৰধৰ কৰা হ'ল । মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই আন্দোলনটোক এটা অন্য় ৰূপ দিবলৈ কি কাৰণত চেষ্টা কৰিলে । তেওঁ নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে । এই সাম্প্ৰদায়িক ৰহণেৰে যাতে তেওঁ ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হয় তাৰবাবে এক পাশাখেল আৰম্ভ কৰিছে ।"
সংগঠনটোৰ নেতাগৰাকীয়ে এনে শক্তিক সংযম ৰক্ষা কৰি পৰিৱেশ বিনষ্ট নকৰিবলৈ সকীয়াই দি কয়, "আজি উজনিৰ বহু মানুহ মিঞাপ্ৰধান বিভিন্ন অঞ্চলত কৰ্মৰত হৈ থকাৰ লগতে বহু মিঞা মানুহো উজনিৰ লগতে অসমৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছে । সেয়েহে এনে বিৰোধ আৰু ইজনে সিজনক খেদাৰ পৰিৱেশ সৃষ্টি কৰিলে আটাইতকৈ বেছি প্ৰভাৱিত হ’ব সাধাৰণ জনগণ ৷"
বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি প্ৰতিহত কৰিছিল উজনি অসমৰ জাতীয় সংগঠন আৰু সাধাৰণ ৰাইজে
জিণ্টু মেচে উল্লেখ কৰে যে বিজেপিৰ বিগত সময়ৰ সাম্প্ৰদায়িক ৰাজনীতিক আটাইতকৈ বেছিকৈ প্ৰতিহত কৰিছিল উজনি অসমৰ জাতীয় সংগঠন আৰু সাধাৰণ ৰাইজে ৷ সেইবাবেই উজনি অসম দখল অভিযান চলাবৰ বাবেই বিজেপি আৰু ইয়াৰ এজেণ্টসমূহে উজনিত এক অতি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খুজিছে ।
এই সন্দৰ্ভত তেওঁৰ সকীয়নি, "অসমৰ খিলঞ্জীয়া জনগণৰ অধিকাৰ ৰক্ষা কৰিব নোৱৰা বিজেপি চৰকাৰে অসমৰ জাতীয় সংগঠনসমূহক বিপথে পৰিচালিত কৰিবৰ বাবে এই খিলঞ্জীয়া বনাম মিঞা ভাবধাৰাৰ সৃষ্টি কৰিছে । অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষা, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দাবী কৰাৰ লগতে অসমৰ সকলো জনগণৰ নিৰাপত্তা দাবী কৰোঁ ।"
তেওঁ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদানৰ লগতে ৰাজ্যৰ প্ৰকৃত উন্নতিত গুৰুত্ব দিবলৈ আহ্বান জনায় । "ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ’বলৈ বিশেষ সময় নালাগে, সেয়েহে সকলো পক্ষই যেন এই মুহূৰ্তত সংযম ৰক্ষা কৰি ৰাজ্যৰ সামূহিক উন্নতিত গুৰুত্ব দিয়ে ।" তেওঁ কয় ।
আনহাতে, এই বিষয় সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি অনুসূচিত জাতি ছাত্র সন্থাৰ নেতা পৰশজ্যোতি দাসে অবৈধ প্ৰৱজনকাৰীৰ সলনি ভাৰতীয় নাগৰিকত্ব থকা মুছলমান খেদাত সংগঠনৰ সমৰ্থন নাই বুলি উল্লেখ কৰে ।