যোৰহাট, 27 জানুৱাৰী: অসমৰ লোক-সংস্কৃতিলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই অহা লোক-সংস্কৃতিৰ সাধক, নীৰৱ শিল্পীসকলক বকুলবন ন্যাস, অসমে প্ৰত্যেক বছৰে প্ৰদান কৰি আহিছে আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুলবন বঁটা ৷ বিগত বর্ষ সমূহৰ দৰে এই বেলিও যোৰহাটত প্ৰদান কৰা হয় বকুলবন বঁটা ৷ বকুলবন ন্যাস, অসমৰ উদ্যোগত আজি যোৰহাটৰ বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বকুলবন বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানত অসমৰ লোক-সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা, লোক বাদ্য নিৰ্মাতা, বাদক, শিল্পী তথা চিত্ৰকৰ ডিব্ৰুগড়ৰ নিবাসী কিৰণ অভয়পুৰীয়াক 2024 বৰ্ষৰ বকুলবন বঁটা প্ৰদান কৰা হয় ৷
বকুলবন ন্যাস, অসমৰ সভাপতি ড৹ সৌমিত্ৰ পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বকুলবন বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট শিল্পী, লোকবাদ্য নিৰ্মাতা, বাদক, শিল্পী কিৰণ অভয়পুৰীয়াক বকুলবন বঁটা প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই ৷ এই বঁটাত আছে গামোচা, চেলেং, অংগ বস্ত্ৰ, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু নগদ ধন ৷ আনহাতে বঁটা প্ৰদান কৰি দিয়া ভাষণত উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই কয় যে, বকুলবন ন্যাসৰ এই পদক্ষেপ প্ৰসংশনীয় ৷ এই পদক্ষেপে লুকাই থকা প্ৰতিভা সমূহক ৰাইজৰ আগত উন্মোচন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে ৷