গুৱাহাটী:আন্দোলনৰ প্ৰসংগকলৈ এইবাৰ সৰৱ হ'ল প্ৰদেশ কংগ্ৰেছ । ৰাজনৈতিক দলে ৰাজপথৰ আন্দোলন কৰিব নালাগে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ এদিন পাছতে শনিবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপি দলে । যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছে ।
শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী প্ৰণতি ফুকন আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ।
সংবাদমেলত প্ৰণতি ফুকনে কয়, "ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব নালাগে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ এদিন পাছতে আজি বিজেপিৰ মহিলা মৰ্চাৰ নেত্রীসকলে লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদ কৰিছে । প্ৰতিবাদ কৰাৰ কথাটো হৈছে যে ৰাহুল গান্ধীয়ে এগৰাকী সাংসদৰ গাত হাত দিছে । যদি সেইটোৱেই হয় তেন্তে নিশ্চয় ফুটেজ থাকিব আৰু সেইটো চালেই হয় । কিন্তু তাকে নকৰি মিছা কিছুমান অপব্যাখ্যা কৰি আমাৰ নেতাগৰাকীক দোষ দিবলৈ যোৱাটো অতি হাস্যকৰ আৰু ঘৃণনীয় কথা ।"
ফুকনে লগতে কয়, "তেওঁলোকে কয় যে কংগ্ৰেছত মহিলা সুৰক্ষিত নহয় । কংগ্ৰেছত মহিলা সুৰক্ষিত হয় নে নহয় সেইটো কথা বিজেপিয়ে আমাক শিকাব নালাগে । কাৰণ সৌ সিদিনা সকলোৱে দেখিছে যে জোনমণি ৰাভাক কেনেকৈ হত্যা কৰা হ'ল । তেওঁলোকৰ দলৰ এগৰাকী নেত্রী ইন্দ্ৰানী তহবিলদাৰে কেনেকৈ আত্মহত্যা কৰিবলগীয়া হ'ল । তেওঁ মৃত্যুৰ কাৰণো লিখি থৈ গৈছে ।’’
‘‘জোনমণি ৰাভাই ন্যায় নাপালে, মাকে আজিও কান্দে । আজি সেই দলৰ নেতৃসকলে কোনখন মুখেৰে কয় যে মহিলা সুৰক্ষিত নহয় । তেওঁলোকৰে এগৰাকী মহিলা নেত্রীয়ে কৈছিল যে বাজপেয়ী ভৱনত সন্ধিয়া ৭ বজাৰ পাছত মহিলা যাব নালাগে । সেয়া আমি কোৱা কথা নহয় ।" ফুকনে কয় ৷