গুৱাহাটী,২১ আগষ্ট: স্মাৰ্ট মিটাৰত বিদ্যুৎ মাচুল বেছিকৈ অহাৰ অভিযোগকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইফালে মুখ্যমন্ত্রীকে ধৰি চৰকাৰী পক্ষই স্মাৰ্ট মিটাৰত মাচুল বেছিকৈ অহাৰ কথাটো সম্পূৰ্ণৰূপে নসাৎ কৰিছে । স্মাৰ্ট মিটাৰৰ প্ৰসংগত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ নামত চৰকাৰে ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ।
প্ৰদেশ কংগ্ৰেছে স্মাৰ্ট মিটাৰ আৰু সৌৰশক্তিৰ ক্ষেত্রত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰে । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, "স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ ৰাইজৰ পৰা আগতীয়াকৈ ধন লৈ লুণ্ঠন চলোৱা অসম চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামতো ব্যাপক অনিয়ম কৰিছে । দীনদয়াল সৌৰশক্তি আঁচনিৰ নামত ৰাজ্য চৰকাৰে ৩১ খন জিলাত প্ৰায় ১৫০০ কোটি টকা ব্যয় কৰি ৰাজ সাহায্যযুক্ত আঁচনি ৰূপায়ণ কৰিছিল যদিও এতিয়া সেইবোৰৰ কোনো চিন-মোকাম নাই । গুৱাহাটীৰ জালুকবাৰীৰ পৰা হাজো আৰু ছয়গাঁও দিশলৈ সৌৰশক্তি চালিত লাইটপোষ্টৰ ব্যৱস্থা কৰিছিল যদিও তাকো এতিয়া বিচাৰি পাবলৈ নাই । স্মাৰ্ট মিটাৰৰ যোগেদি অসমৰ ৰাইজক লুণ্ঠন চলাই থকা এইখন চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামত ৪০০০ কোটি টকা অপব্যয় কৰাৰ ষড়যন্ত্ৰ কৰিছে। আমি প্ৰদেশ কংগ্ৰেছে শক্তি বিভাগৰ আয়-ব্যয়ৰ খতিয়ান ৰাজহুৱা কৰিবৰ বাবে দাবী জনাইছো ।"
বেদব্ৰত বৰাই লগতে কয়, "কাৰ্বি আংলং জিলাত ১০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবৰ বাবে চৰকাৰে ৪০০০ কোটি টকাৰ এক আঁচনি গ্ৰহণ কৰিছে আৰু এই সমগ্ৰ কাম আদানি গ্ৰুপক দিবলৈ প্ৰস্তুতি চলাইছে । ইয়াৰ পূৰ্বে অসমত চলি থকা সাতটা সৌৰশক্তি প্ৰকল্প সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । অসমৰ জলবায়ু সৌৰশক্তি আহৰণ কৰিব পৰাকৈ অনুকূল নহয় ।"
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয়,"স্মাৰ্ট মিটাৰৰ নামত আদানি গ্ৰুপক ৮৪৪.৬৩ কোটি টকা ইতিমধ্যে আদায় দিয়া হৈছে আৰু আদানি ট্ৰেন্সমিশ্যনক ৭ লাখ ৭৩ হাজাৰ ৭২ টা স্মাৰ্ট মিটাৰ সংযোগৰ ঠিকা দিছিল । ইয়াৰ বিপৰীতে জয়পুৰৰ জেনাছ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকছাৰক ১৪ লাখ ৫৯ হাজাৰ ৯০৮টা স্মাৰ্ট মিটাৰ, দিল্লীৰ ইণ্টেলস্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকছাৰ ২১ লাখ ৯৯৮টা, জয়পুৰৰ হাইপ্ৰিণ্ট মিটাৰিঙক ১৪ লাখ ৯১ টা আৰু দিল্লীৰ অ’ প্ৰভা এনাৰ্জিক ৬ লাখ ৯৩ হাজাৰটা স্মাৰ্ট মিটাৰ সংযোগৰ ঠিকা দিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ খাটিখোৱা ৰাইজৰ ওপৰত অভাৰস্মাৰ্ট লুণ্ঠন চলাইছে । চহৰৰ উপকণ্ঠ অঞ্চলত ৩০০ টকা বিদ্যুতৰ মাচুল অহা এলেকাত এতিয়া ১৭০০ টকা মাচুল আহিছে । গুৱাহাটী মহানগৰত ৬০০০ টকা মাচুল অহা লোকৰ বিদ্যুৎ মাচুল বৃদ্ধি হৈ ১১ হাজাৰ টকা হৈছে । এই গোটেই বিষয়টো তদন্ত কৰা উচিত ।"