অসম

assam

ETV Bharat / state

কংগ্ৰেছে কেতিয়া চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা ? জনালে ভূপেন বৰাই

নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ বৰাৰ ৷

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 9:33 PM IST

APCC PRESIDENT BHUPEN BORAH
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

গুৱাহাটী, ১৫ অক্টোবৰ: অসমৰ পাঁচটা বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ সৈতে দেশৰ ৪৮ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে ।

দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । অসমত ১৩ নবেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে পঢ়ক:১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই কয়, "প্ৰদেশ কংগ্ৰেছ বহুদিনৰ পৰাই উপ-নিৰ্বাচনৰ বাবে সাজু হৈ আছে । কিন্তু অত্যন্ত দুখ আৰু দুৰ্ভাগ্যৰ কথা যে উপ-নিৰ্বাচন ঘোষণা হোৱাৰ দিনটোতে ৰাজ্যখনৰ আইন-শৃংখলাৰ অৱনতি আৰু পুলিচৰ নিয়ন্ত্রণহীন অৱস্থা প্ৰকাশ পাইছে । চামগুৰিত কংগ্ৰেছৰ শান্তিপূৰ্ণ সমদলত বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰিছে । এইটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক জংঘলৰাজলৈ পৰিৱৰ্তিত কৰিব বিচৰা হৈছে । সেইবাবে মই ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাইছো যে শান্তি অব্যাহত ৰখাৰ স্বাৰ্থত নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীক শাস্তিমূলক বদলি দিব লাগে । কাৰণ কংগ্ৰেছৰ সমদলত ঢাল-তৰোৱাল, যাঠি-জোং, লাঠি লৈ দিন-দুপৰতে আক্ৰমণ কৰাৰ বিজেপিৰ গুণ্ডাবিলাকে সাহস ক'ত পাইছে ? কাইলৈ জাকিৰ হুছেইন শিকাদাৰৰ নেতৃত্বত আমাৰ এটা দলে মুখ্য সচিবক সাক্ষাৎ কৰি নগাঁৱৰ এছ পিক শীঘ্ৰে বদলিৰ বাবে স্মাৰকপত্র দিব । বিজেপিৰ এই আক্ৰমণত আমাৰ শিৱামণি বৰা আহত হৈছে । বিজেপিৰ গুণ্ডাগিৰি ৰাজনীতি অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে ।"

উপ-নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাই কয়, "পাঁচটা সমষ্টি চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও আৰু চিদলীৰ বাবে আমি পাঁচখন কমিটী কৰি দিছিলো । ইয়াৰে তিনিখন কমিটীয়ে প্ৰাৰ্থিত্বকেন্দ্ৰিক প্ৰতিবেদন আমাক দিছে । প্ৰদ্যুৎ বৰদলৈ আৰু জাকিৰ হুছেইন শিকদাৰে আজি নিশালৈ প্ৰতিবেদন দিব । কাতি বিহুৰ আগদিনা নাইবা পিছদিনা প্ৰাৰ্থিত্বকেন্দ্ৰিক সিদ্ধান্ত আমি চূড়ান্ত কৰিম । আনহাতে অসম সন্মিলিত মঞ্চৰ মাজতো আলোচনা চলি আছে । অখিল গগৈয়ে বঙাইগাঁৱৰ ক্ষেত্রত উত্থাপন কৰা দাবী সন্দৰ্ভত আলোচনা হৈছে আৰু এটা ভাল বুজাবুজি হৈছে । সেইদৰে বিহালীৰ ক্ষেত্রত আমাৰ দলৰো কেইবাগৰাকী প্ৰাৰ্থী আছে আৰু চি পি আই এম এল দলেও প্ৰাৰ্থিত্ব বিচাৰি আছে । গতিকে জীতেন্দ্ৰ সিঙৰ উপস্থিতিত আমাৰ দলৰ পাঁচগৰাকী নিৰ্বাচনী কমিটীৰ অধ্যক্ষৰ লগত আলোচনা হ'ব । গৌৰৱ গগৈ বিহালীৰ দায়িত্বত আছে । দলৰ উপৰি অসম সন্মিলিত মঞ্চৰ লগত আলোচনা হ'ব । তাতেই প্ৰাৰ্থিত্বকেন্দ্ৰিক বিষয়টোৰ চূড়ান্ত ৰূপ দিয়া হ'ব । ১৯ অক্টোবৰৰ বিয়লিলৈ এইক্ষেত্রত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি আমি আশা কৰিছো ।"

লগতে পঢ়ক:বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

বিজেপিয়ে চাৰিখন আসন লাভ কৰিম বুলি দাবী কৰা সন্দৰ্ভত ভূপেন বৰাই কয়, "চামগুৰিত আজি তেওঁলোকে যিখন যুঁজ আৰম্ভ কৰিছে সেইখনৰ পৰা আঁতৰি থাকিবলৈ মই বিজেপিক আহ্বান জনাইছো । বেলট বাকচৰ যুঁজখনৰ ভাগ্য বিধাতা হৈছে ৰাইজ । সেই যুঁজত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন, স্মাৰ্ট মিটাৰ আদি কথাবোৰ থাকিব ।"

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সামাজিক মাধ্যমত দিয়া পোষ্ট সন্দৰ্ভত ভূপেন বৰাই কয়, "দেৱব্ৰত শইকীয়াই কিবা ভুল কথা কৈছে বুলি মই নাভাবো । আনে কৰা ভুলটোৰ পৰা যদি আমি শিক্ষা লও সেইটো কেনেকে বেয়া হ'ব । আমি নিজে ভুল কৰাতকৈ আনে কৰা ভুলৰ পৰা শিক্ষা ল'ব লাগে । তেওঁ কোৱা কথাৰ কোনোবাই অপব্যাখ্যা কৰিছে ।"

লগতে পঢ়ক:হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল; কাক কি ক’ব খুজিছে দেৱব্ৰত শইকীয়াই !

প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰাৰ প্ৰসংগত ভূপেন বৰাই কয়, "সভাপতি মই থকা-নথকাটো কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত হ'ব । জীতেন্দ্ৰ সিঙে ইতিমধ্যে স্পষ্ট কৰি দিছে । এতিয়া চলি থকা অপপ্ৰচাৰ বিজেপিয়ে কৰি আছে । সেইটো বিজেপিয়ে কিয় কৰি আছে মই জানো । হাৰিয়ানাৰ নিৰ্বাচনত জয়ী হোৱাত অসমৰ এজন নেতাৰ সুদক্ষ নেতৃত্ব প্ৰদান কৰা বুলি ৰাজহুৱাকৈ আলোচনা হৈছে । বিজেপিৰ ভিতৰত বৰ্তমানৰ মুখ্যমন্ত্রীগৰাকীতকৈ ৰাজনৈতিকভাৱে বিচক্ষণ নেতা থকাৰ কথাটো ৰাজহুৱা হোৱাত বিজেপিয়ে কাঁড়পাট মোৰ ফালে টোৱাব বিচাৰিছে ।"

বিজেপিৰ সদস্যভৰ্তি অভিযান সন্দৰ্ভত ভূপেন বৰাই কয়, "বিজেপিয়ে ভাবুকি দি সদস্যতা দিছে । তেনেকে সদস্যতা দিয়ে নেকি । আমাৰ ইতিমধ্যে ৩৩ লাখ সদস্য কৰা আছে । আমাৰ নতুন সদস্যভৰ্তিৰ বাবে দুৱাৰ খোলা আছে । আমাৰ সদস্যতা ১০০ টকা দি লৈ আছে । আমি জোনাইৰ পৰা সোণাইলৈ যাত্রা উপ-নিৰ্বাচনৰ বাবে স্থগিত ৰাখিছো । উপ-নিৰ্বাচনৰ পাছত আৰম্ভ হ'ব । তাৰ লগতে সদস্যভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব ।"

ভূপেন বৰাই লগতে কয়, "কংগ্ৰেছত কোনো নেতৃত্বকেন্দ্রিক সংঘাত নাই । কংগ্ৰেছৰ ইতিহাসত এই কথা স্পষ্ট হৈ আছে যে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতহে কোন মুখ্যমন্ত্রী হ'ব সেয়া গণতান্ত্রিকভাৱে সিদ্ধান্ত লোৱা হয় । কাৰোবাক ভালপোৱা কোনোবা অত্যুৎসাহী কংগ্ৰেছীয়ে কাৰোবাৰ নাম কোৱাটো কংগ্ৰেছৰ জনপ্রিয়তাৰেই এক অংশ । একাংশ সংবাদমাধ্যমে আৰু একাংশ ৰাজনৈতিক নেতাই কংগ্ৰেছৰ জনপ্ৰিয়তাত আতংকিত হৈ দলৰ ভিতৰত নেতৃত্বকেন্দ্ৰিক সংঘাত আছে বুলি প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে । এই উপ-নির্বাচনত অসমৰ ৫টা সমষ্টিৰ ৰাইজে সিদ্ধান্ত ল'ব যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা ছিণ্ডিকেটৰাজ, গুণ্ডাৰাজ, স্মার্ট মিটাৰ আৰু আন আন মাচুল বৃদ্ধিৰ দ্বাৰা লুণ্ঠন তথা এটা পৰিয়ালৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সম্পত্তি আহৰণৰ কথাটো মানি ল'ব নে নলয় । এই উপ-নির্বাচন হ'ব গণতান্ত্রিক প্ৰমূল্যবোধ আৰু ভাতৃত্ববোধক জীয়াই ৰখাৰ এক নির্বাচন ।"

লগতে পঢ়ক:হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল; কাক কি ক’ব খুজিছে দেৱব্ৰত শইকীয়াই !

ABOUT THE AUTHOR

...view details