অসম

assam

ETV Bharat / state

এনেকুৱা চৰকাৰী বিদ্যালয় হ’লে আপোনাৰো মন যাব শিশুটিক নাম লগাই দিবলৈ - ASSAM GOVT SCHOOL

চাৰিওফালে সেউজীয়া পৰিৱেশে আৱৰা এখন বিদ্যালয় ৷ কি নাই বিদ্যালয়খনত ! আহকচোন আমিও যাওঁ প্ৰত্যেক বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড পোৱা বিদ্যালয়খনলৈ...

An attractive Smart learning govt primary school in Darrang
চাৰিওফালে সেউজীয়া পৰিৱেশে আৱৰা এখন বিদ্যালয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 2:10 PM IST

Updated : Nov 8, 2024, 3:35 PM IST

মঙলদৈ:চৰকাৰী বিদ্যালয় নহয় যেন উদ্যান অথবা বাগিচাহে ! দৰঙৰ দলগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ দৃশ্য দেখিলে আপুনিও হ'ব মন্ত্ৰমুগ্ধ । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিদ্যালয়খনত নাই কি ? ব্যক্তিগত বিদ্যালয়তকৈ এখোজ আগবঢ়া বিদ্যালয়খনে সম্প্ৰতি লাভ কৰিছে সৰ্বত্ৰে চৰ্চা ।

আমি উল্লেখ কৰা এই বিদ্যালয়খন হৈছে দৰঙৰ দলগাঁও শিয়ালমাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৪ নং বৰুৱাঝাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয় ৷ ২০০‍৬ চনত স্থাপিত হোৱা এই প্ৰাথমিক বিদ্যালয়খনৰ এই দৃষ্টিনন্দন দৃশ্যই আকৰ্ষিত কৰিছে সকলোকে ।

চাৰিওফালে সেউজীয়া পৰিৱেশে আৱৰা এখন বিদ্যালয় (ETV Bharat Assam)

বিদ্যালয়খনৰ চাফ-চিকুণতা, এশিঙীয়া গঁড় সংৰক্ষণ, বৰটোকোলা সংৰক্ষণৰ সজাগতা সৃষ্টিৰে প্ৰতীকী গঁড় আৰু বৰটোকোলা স্থাপন, বিদ্যালয়খনৰ বেৰত থকা জাতীয় সংস্কৃতিৰ ছবি, সৌৰজগত, বৰ্ণমালা, মহৎলোকৰ বাণী, কবিতা, CCTV কেমেৰা, অকণিৰ ৰংগমঞ্চ, প্লাষ্টিক-ধূমপান নিষিদ্ধ নেমপ্লেট, চাৰিওফালে সেউজীয়া পৰিৱেশ আদিয়ে সকলোকে আকৰ্ষিত কৰিছে ।

লগতে পঢ়ক :শৈশৱ বিচাৰি যোৰহাটৰ বাল্যভৱন বিদ্যালয়ত এগৰাকী আমেৰিকান

বিদ্যালয়খনৰ এনে দৃষ্টিনন্দন পৰিৱেশৰ মাজতে কণ-কণ শিশুৱে লৈছে জীৱনৰ প্ৰাথমিক শিক্ষা । কিন্তু সম্প্ৰতি বিদ্যালয়খনত অভাৱ হৈছে শ্ৰেণী কোঠাৰ ৷ যাৰ ফলত এটা শ্ৰেণী কোঠাতে দুটাকৈ শ্ৰেণীৰ পাঠদান কৰি থাকিব লগীয়া হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

ইপিনে বিদ্যালয়ত শিক্ষকৰ অভাৱত শিক্ষাৰ্থীয়ে কৰিবলগীয়া হৈছে নাম হাজিৰা, দিছে পাঠদান । বিদ্যালয়খনত প্ৰায় ২০০ শিক্ষাৰ্থীৰ বিপৰীতে আছে মাথোঁ দুগৰাকী শিক্ষক । পূৰ্বতে বিদ্যালয়খনত চাৰিগৰাকী শিক্ষক আছিল যদিও দুগৰাকী শিক্ষক হস্তান্তৰ হোৱাৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণত বহু অসুবিধাৰ সন্মুখীন হৈছে ।

উল্লেখযোগ্য যে, বিদ্যালয়খনৰ সৌন্দৰ্য আৰু শৈক্ষিক পৰিৱেশো উন্নত । প্ৰত্যেক বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড পাই আহিছে বিদ্যালয়খনে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক উৱাজ উদ্দিন আহমেদৰ সপোন, শাৰীৰিক কষ্ট, আৰ্থিক বিনিয়োগৰ ফলত প্ৰাণ পাই উঠা বিদ্যালয়খনক লৈ সম্প্ৰতি সকলোৱে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ: শিক্ষকৰ অভাৱত বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে
Last Updated : Nov 8, 2024, 3:35 PM IST

ABOUT THE AUTHOR

...view details