গোলাঘাট,২৯ জুন:এটা জৰাজীৰ্ণ পঁজা । পঁজাটোৱেই শোৱনী কোঠা, পঁজাটোৱেই পাকঘৰ । আকাশখনেই যেন পঁজাটোৰ চাল । পঁজাটোৰ ফুটা চালেৰে আকাশখনলৈ চাই সপোন দেখে এগৰাকী প্ৰচুৰ সম্ভাৱনা থকা যুৱতীয়ে । পিচে ফুটা চালেৰে পৰা বৰষুণৰ টোপালে সেমেকাই তোলে যুৱতীগৰাকীৰ সপোনবোৰ । বোকাময় কৰি তোলে সপোনৰ আলিটো । ছবিখন বোকাখাতৰ বিহৰা চাহ বাগিচাৰ ৪ নম্বৰ লাইনৰ । বিভীষণ তাঁতীৰ পঁজাটি দেখিলে চকু সেমেকিব আপোনাৰো ।
পিচে বোকাত পদুম ফুলে । জীৱনৰ কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হৈ এখোজ-দুখোজ কৈ আগবাঢ়িছে বিভীষণ তাঁতীৰ কন্যা আচিমা তাঁতী । বিহৰা চাহ বাগিচাৰ ৪ নম্বৰ লাইনৰ বিভীষণ তাঁতী আৰু ফুলন তাঁতীৰ কন্যা আচিমা তাঁতী বিহৰা মডেল হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী । সৰুৰে পৰাই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আচিমা । ভাল পায় ফুটবল খেলি । বৰ্তমান গুৱাহাটীৰ ছাই একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আচিমাই ।
সকলো সচেতন ব্যক্তিৰ অজ্ঞাতেই ইতিপূৰ্বে অসম মহিলা ফুটবল দলৰ হৈ ঝাৰখণ্ডত যোৱা ১২ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ অনুষ্ঠিত পঞ্চম নেচনেল ৰুৰেল ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে আচিমাই । তাৰ পূৰ্বে গোলাঘাট আৰু গুৱাহাটীতো ফুটবল খেলি গৌৰৱ কঢ়িয়াইছে তেওঁ । পুনৰ ২ জুলাইৰ পৰা তিনিচুকীয়াত আৰম্ভ হ'ব আচিমাৰ আন এক যুঁজ আৰু তিনিচুকীয়াত নিৰ্বাচিত হ'লে তেওঁলোকৰ দলটোৱে খেলিবলৈ যাব মুম্বাইত । পিচে আচিমাৰ ঘৰখনে আচিমাক এই যাত্ৰাত যেন সহায় কৰিবলৈ অপাৰগ । আচিমাৰ আছে আঙুলি মূৰত গণিব নোৱাৰা অভাৱৰ তালিকা ।