মৰাণ, 1 মাৰ্চ:বৰ্তমানেও ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আৱদ্ধ হৈ আছে ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিং সহ আন 10 খালিস্তানী নেতা ৷ শেহতীয়া জানিব পৰা মতে ডিব্রুগড় কাৰাগাৰ কৰ্তৃপক্ষই যোগান ধৰা খাদ্য গ্ৰহণ কৰা নাই খালিস্তানপন্থী নেতা অমৃতপাল সিং আৰু তেওঁৰ কাৰাবন্দী সহযোগীসকলে ৷ প্ৰাপ্ত তথ্য মতে সুৰক্ষাৰ দোহাই দি জেল কৰ্তৃপক্ষই দিয়া আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত আছে অমৃতপাল সিং আৰু সহযোগীসকল ৷
ইয়াৰ বিপৰীতে জেল কৰ্তৃপক্ষৰ এক সূত্ৰ মতে নিজে তৈয়াৰ কৰা খাদ্য খাই আছে কাৰাবন্দী খালিস্তানী নেতাকেইজনে ৷ গ্ৰহণ কৰা নাই ডিব্রুগড় কাৰাগাৰ কৰ্তৃপক্ষই যোগান ধৰা খাদ্য ৷ ইয়াৰ বিপৰীতে জেল কৰ্তৃপক্ষৰ এক সূত্ৰ মতে নিজে তৈয়াৰ কৰা খাদ্য খাই আছে কাৰাবন্দী খালিস্তানী নেতাকেইজনে ৷
শেহতীয়াকৈ অমৃতপাল সিঙক ৰখা NSA চেলত নিষিদ্ধ সামগ্ৰী জব্দ হোৱাৰ পাচতেই ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হয় অমৃতপাল সিঙৰ অধিবক্তা তথা প্ৰাক্তন সাংসদ ৰাজদেৱ সিং খালছা । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিংসহ তেওঁৰ সহযোগীক সাক্ষাৎ কৰিবলৈ অহা জ্যেষ্ঠ অধিবক্তা ৰাজদেৱ সিং খালছাই সংবাদ মাধ্যমৰ আগত অমৃতপাল সিঙৰ লগতে 9 কাৰাবন্দীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি তেওঁলোকক পঞ্জাৱলৈ প্ৰত্যাৱৰ্তন কৰাৰ দাবী তুলিছিল ৷
এই দাবী উত্থাপন হোৱাৰ পাচৰে পৰা অমৃতপাল সিঙৰ লগতে 9 কাৰাবন্দীয়ে জেল কৰ্তৃপক্ষই যোগান ধৰা খাদ্য গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে । আনহাতে জেল কৰ্তৃপক্ষই দিয়া খাদ্য গ্ৰহণ নকৰিলেও তেওঁলোকে নিজেই বনোৱা ৰুটী আৰু পাউৰুটী ফল-মূল আদি খাই আছে বুলি কাৰাগাৰ কৰ্তৃপক্ষৰ এক বিশেষ সূত্ৰই জানিবলৈ দিছে ।