জোনাই, ২১ মে’ : চিমেন চাপৰি গাঁও পঞ্চায়তত ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জোনাই বিধানসভা সমষ্টিৰ মূৰ্কংচেলেক (জনজাতি) উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ পৰা আৰম্ভ কৰি চিমেন চাপৰি গাঁও পঞ্চায়তৰ কৰ্মচাৰীলৈকে পঞ্চায়তখনত ৰূপায়িত হৈ থকা পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়ণত বিত্তীয় অনিয়মৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰা অনুসৰি, তিনি লাখ টকা পুঁজিৰে মাছখোৱা চাৰিআলিত চি এম এছ চি (কমিউনিটি মেনেজ চেনিটাৰী কমপ্লেক্স) নিৰ্মাণ, তিনি লাখ টকাৰ পুঁজিৰে যোৰহটীয়া প্ৰাথমিক বিদ্যালয়ত চি এম এছ চি নিৰ্মাণ, তিনি লাখ টকা পুঁজিৰে বাঘগাঁও বৰনামঘৰত চি এম এছ চি নিৰ্মাণ, চিমেন চাপৰি আঞ্চলিক আটাছুৰ কাৰ্যালয়ত তিনি লাখ টকা পুঁজিৰে চি এম এছ চি নিৰ্মাণ, তিনি লাখ টকা পুঁজিৰে জেউতি প্ৰাথমিক বিদ্যালয়ৰ উন্নীতকৰণ, তিনি লাখ টকা পুঁজিৰে অঞ্জলী বড়ো প্ৰাথমিক বিদ্যালয়ৰ উন্নীতকৰণ আৰু এক লাখ ন হাজাৰ টকা পুঁজিৰে সন্দিকৈ মিলন অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতিৰ নামত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
এই আঁচনিকেইখনৰ সভাপতি আৰু সভানেত্ৰীসকল কয় যে চিমেন চাপৰি গাঁও পঞ্চায়তত ৰূপায়ণ হৈ থকা আঁচনি কেইখনৰ বিপৰীতে ৯০,০০০ হাজাৰ টকাৰ পৰা ৭৫,০০০ হাজাৰ টকালৈ ধন মোকলাই দিয়াৰ নামত খণ্ড উন্নয়ন বিষয়াই ৫ শতাংশ, পঞ্চায়তৰ সচিব আৰু এ ইয়ে ৬ শতাংশ ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।