ETV Bharat / state

বৰপেটা আছুৰ ২৬ ঘন্টীয়া অনশন - AASU HUNGER STRIKE IN BARPETA

গণৰাজ্য দিৱসৰ এদিন পূৰ্বে বৰপেটাত আছুৰ ২৬ ঘন্টীয়া অনশন ৷ সত্ৰনগৰী বৰপেটাক ৰে’লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবী আছু নেতৃত্বৰ ।

AASU HUNGER STRIKE IN BARPETA
বৰপেটা আছুৰ ২৬ ঘন্টীয়া অনশন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 5:39 PM IST

বৰপেটা: সত্ৰনগৰী বৰপেটাক ৰে’লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই শনিবাৰৰ পৰা ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই শনিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰা অনশন কাৰ্যসূচী ২৬ জানুৱাৰীৰ পুৱা ৯ বজাত অন্ত পৰিব ৷

অসমৰ শতিকাপ্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাক ৰে’ল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেই এনেদৰে ২৬ জানুৱাৰীৰ পূৰ্বে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ সন্থাই ৷

বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কুমাৰ (ETV Bharat Assam)

বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কুমাৰে কয়, "বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল লাইনৰ কোনো ব্যৱস্থা নথকাৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে জিলাবাসীৰ লগতে চহৰখনত চাকৰি কৰা অন্য জিলাৰ চাকৰিয়ালসকল ৷ বৰপেটা চহৰক ৰে’লপথেৰে সংযোগ কৰাৰ বাবে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে জৰীপ সম্পূৰ্ণ কৰিছিল যদিও ৰে’লপথ নিৰ্মাণৰ ক্ষেত্ৰত আজিলৈকে কোনো ব্যৱস্থা নল'লে ৷ যাতায়তৰ ক্ষেত্ৰত বৰপেটাৰ নাগৰিকে সন্মুখীন হৈ অহা সমস্যাৰ সমাধানৰ দাবীত আজি আমি এনেদৰে অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছো ৷"

বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কুমাৰে জানিবলৈ দিয়া মতে, দেওবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উৰুওৱাৰ লগে লগেই এই অনশন কাৰ্যসূচীৰ সামৰণি পৰিব ৷ তেওঁ লগতে কয়, "আমি বিভিন্ন সময়ত বৰপেটাক ৰে’ল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবী উত্থাপন কৰি আহিছিলো ৷ ইয়াৰ লগতে গণ স্বাক্ষৰ অভিযানো ৰূপায়ণ কৰি জিলা আয়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলো ৷"

লগতে পঢ়ক: কাৰ দ্বাৰা প্ৰহৃত হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ! বিক্ষোভ ছাত্ৰসমাজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.