অসম

assam

ETV Bharat / state

হস্ততাঁতৰ প্ৰশিক্ষণৰ নামতো চলিছে প্ৰৱঞ্চনা - WEAVERS TRAINING CENTRE

তাঁতশালত জহি-খহি গৈছে অসমীয়াৰ স্বাভিমান গামোচা, চেলেং, চাদৰ-মেখেলা, শালৰ সূতা । মুখ্য প্ৰাধিকাৰীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ।

Allegations of cheating in of Weavers Training and Production Centre
উৱেভাৰ্চ ট্ৰেইনিং এণ্ড প্ৰডাকচন চেণ্টাৰৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 3:44 PM IST

গোলাঘাট:ভাৰত চৰকাৰৰ ৱেভাৰ্চ ট্ৰেইনিং এণ্ড প্ৰডাকচন চেণ্টাৰৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ । গোলাঘাট জিলাৰ বোকাখাতৰ গ্ৰামাঞ্চলত ১০ টাকৈ প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ নিৰ্মাণ কৰি গ্ৰামাঞ্চলৰ বহু সংখ্যক শিপিনী মহিলা আৰু গৃহ নিৰ্মাণ কৰা ঠিকাদাৰক চৰম প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই অভিযোগ কেন্দ্ৰসমূহৰ মুখ্য প্ৰাধিকাৰীজনৰ বিৰুদ্ধে ।‌

বৰ্তমান কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব নোৱাৰা কেন্দ্ৰসমূহৰ অনুৰাগ গগৈ নামৰ মুখ্য প্ৰাধিকাৰীগৰাকী প্ৰকৃততে কোন বুলিও ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে । বঞ্চিত আৰু প্ৰৱঞ্চিত বোকাখাতৰ গ্ৰামাঞ্চলৰ একাংশ মহিলাই উক্ত কেন্দ্ৰসমূহৰ মুখ্য প্ৰাধিকাৰী বুলি চিনাকী দিয়া অনুৰাগ গগৈৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

এই সন্দৰ্ভত বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, গোলাঘাটৰ জিলা আয়ুক্ত আৰু বোকাখাত সমজিলাৰ আয়ুক্তক সমগ্ৰ বিষয়টো অৱগত কৰাৰ পাছতো কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি ভুক্তভোগী মহিলাসকলে অভিযোগ কৰে । ধন বিচাৰি যোগাযোগ কৰিব নোৱাৰাত ঠিকাদাৰ আৰু বোৱনীসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

উৱেভাৰ্চ ট্ৰেইনিং এণ্ড প্ৰডাকচন চেণ্টাৰৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ (ETV Bharat Assam)

এই সন্দৰ্ভত ভাৰত চৰকাৰৰ হস্ততাঁত বিভাগৰ উত্তৰ-পূব সংমণ্ডলৰ বিষয়াৰ কাষ চপাত অনুৰাগ গগৈ নামৰ কোনো চাকৰিয়াল নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে । ইতিমধ্যে কেন্দ্ৰসমূহৰ তাঁত শালত জহিছে খহিছে অসমীয়াৰ বাপতিসাহোন গামোচা, চেলেং, চাদৰ মেখেলা আদি বস্ত্ৰ আৰু শালৰ সূতা ।

সমগ্ৰ ঘটনাৰ বিষয়ে ভুক্তভোগী এগৰাকী মহিলাই কয়, "চলিত বৰ্ষৰ ৭ জুনৰ পৰা এই স্থানত এটা প্ৰশিক্ষণ শিবিৰ হৈছিল তাত আমি ৪৫ দিন প্ৰশিক্ষণ গ্ৰহণ কৰিলো ৷ তাৰ পাছতো দহ দিন মান প্ৰতিগৰাকী শিপিনীয়ে এদিন এদিন কাম কৰিলে ৷ প্ৰতিদিনে ৩০০ টকা মজুৰি দিম বুলি কৈছিল, কিন্তু বৰ্তমান অন্তৰ্ধান হৈ আছে । এই বিষয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছো । আমাৰ প্ৰাপ্য আমাক দিব লাগিব ।"

মহিলাগৰাকীয়ে লগতে কয়, "ইয়াৰ উপৰিও ইতিমধ্যে তাঁতশাল জহি খহি যাবলৈ ধৰিছে যাৰ পৰিপ্ৰেক্ষিতত ব’বলৈ বহু কষ্ট হ'ব । এই প্ৰশিক্ষণ কেন্দ্ৰত ২২ গৰাকী শিপিনীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । গতিকে আৰক্ষীয়ে অতি সোনকালে অনুৰাগ গগৈক আটক কৰি আমাৰ প্ৰাপ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে ।"

আনহাতে এই সমগ্ৰ ঘটনাৰ বিষয়ে স্থানীয় এজন লোকে জানিবলৈ দিয়া মতে অনুৰাগ গগৈ নামৰ ব্যক্তিজন শিৱসাগৰ জিলাৰ বাসিন্দা । ২০২৪ চনৰ ২২ জানুৱাৰীত বোকাখাতৰ আমটেঙাত ভাৰত চৰকাৰৰ ৱেভাৰ্চ ট্ৰেইনিং এণ্ড প্ৰডাকচন চেন্টাৰ নামত এটা কাৰ্যালয় মুকলি কৰিছিল । উক্ত কাৰ্যালয়ত কাৰিকৰী সহায়ক হিচাপে তেওঁক নিয়োগ কৰিছিল । সেই সময়ত বোকাখাতৰ বিভিন্ন প্ৰান্তৰ শিপিনী সকলৰ সৈতে সভা অনুষ্ঠিত কৰি এই কাৰ্যালয়ত প্ৰশিক্ষণ দিছিল ।

মুখ্য প্ৰাধিকাৰীগৰাকীৰ মুখেৰে জানিব পৰা মতে উজনি অসমত প্ৰায় ৬০ খন কেন্দ্ৰ স্থাপন কৰিছে । এই সমগ্ৰ ঘটনাৰ বিষয়ে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত খবৰ কৰাত গম পোৱা গৈছে যে ইতিমধ্যে তেখেতক বিচাৰি বহু লোক তাত উপস্থিত হৈছিল আৰু তেওঁ এজন প্ৰৱঞ্চক বুলি উক্ত কাৰ্যালয়ৰ লোকে জানিবলৈ দিছিল । কিন্তু দুৰ্ভাগ্যজনক কথা তেখেতৰ ওপৰত কোনো লোকে লিখিত অভিযোগ দাখিল কৰা নাছিল যাৰ পৰিপ্ৰেক্ষিতত ৯ নৱেম্বৰত গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত তেখেতৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰা হৈছিল ।

সেই অভিযোগ পত্ৰৰ উত্তৰত তেওঁলোকক জনাইছিল যে অনুৰাগ গগৈৰ উক্ত কাৰ্যালয়ৰ লগত কোনো সম্পৰ্ক নাই । তাৰ পাছতে এখন ৰাজহুৱা সভাৰ জড়িয়তে তেখেতক এটা সময়সীমা বান্ধি দিয়া হৈছিল আৰু উক্ত সময়সীমা অতিক্ৰম কৰাব পাছত বোকাখাত আৰক্ষী থানাত শিপিনী আৰু কৰ্মচাৰী সকলে গোচৰ ৰুজু কৰিছিল ইয়াৰ উপৰিও বোকাখাত সমজিলা আয়ুক্ত, কৃষিমন্ত্ৰী অতুল বৰা আদিৰ ওচৰতো অভিযোগ দাখিল কৰিছিল ।

কিন্তু শেহতীয়াকৈ গুৱাহাটী কাৰ্যালয়ৰ পৰা তেওঁলোকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, য'ত লিখা আছে অনুৰাগ গগৈ এজন ঠগ আৰু প্ৰবঞ্চক । যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান অসম আৰক্ষী শেষ ভৰষা যতে অতি সোনকালে অনুৰাগ গগৈক গ্ৰেপ্তাৰ কৰি এই শিপিনীসকলক ন্যায় প্ৰদান কৰিবলৈ ।

লগতে পঢ়ক:গুৰিয়াই নাৱৰ পৰা পেলাই দিয়া মনোজৰ নিথৰ দেহ উপঙিল মাতমৰাত

কলাক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে নটসূর্য নাট সমাৰোহ

ABOUT THE AUTHOR

...view details