অসম

assam

ETV Bharat / state

প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাওত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান - Heavy Storm in Dima Hasao - HEAVY STORM IN DIMA HASAO

Educational institutions closed in Dima Hasao : ডিমা হাছাও জিলাত অব্যাহত আছে প্ৰচণ্ড ধুমুহা, বজ্ৰপাতৰ লগতে বৰষুণ ৷ ব্যাহত হৈ পৰিছে ডিমা হাছাওবাসীৰ জন-জীৱন ৷ প্ৰতিকূল বতৰৰ বাবে তিনি দিনৰ বাবে জিলাখনৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

Etv Bharat
Etv Bharat

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:38 AM IST

হাফলং, 2 মে’ :আকৌ 2022 চনৰ অৱস্থা হ’ব নেকি ডিমা হাছাওত ? আকৌ হেৰুৱাব লাগিব নেকি আপোন মানুহবোৰক, হেৰুৱাব লাগিব নেকি আপোন ঘৰখনক ! পুনৰ ডিমা হাছাওবাসীৰ মনত ভয় আৰু আশংকাই দেখা দিছে ৷ কিয়নো বিগত কেবাদিন ধৰি পাহাৰীয়া জিলাখনত হৈ আছে প্ৰবল বৃষ্টিপাত ৷ যাৰ ফলত ব্যাহত হৈ পৰিছে ডিমা হাছাওবাসীৰ স্বাভাৱিক জন-জীৱন ৷

প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাও জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা

ইপিনে প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাও জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ তথা ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে জাৰি কৰিছে এক নিৰ্দেশনা ৷ এই নিৰ্দেশত উল্লেখ কৰা মতে, ডিমা হাছাও জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠান বৃহস্পতিবাৰে বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসন আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে ।

শেহতীয়া খবৰ অনুসৰি, যোৱা নিশা হোৱা প্ৰচণ্ড বৰষুণৰ ফলত জিলাখনত ব্যাপক ক্ষয়ক্ষতি হৈছে । গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰয়ো ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহা বজ্ৰপাত আৰু বৰষুণ সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছে । ইয়াৰ বাবে 2 মে’ৰ পৰা 4 মে’লৈকে জিলাখনৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে ।

ইফালে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে এই নিৰ্দেশ জাৰি কৰি তিনিদিনৰ বাবে পাহাৰীয়া জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰাৰ উপৰিও কোনো মানুহক বিনা কামত বাহিৰলৈ ওলাই নাযাবলৈ আহ্বান জনাইছে । জিলাখনত অভাৱনীয় পৰিস্থিতৰ সন্মুখীন হ’লে লগে লগে জিলা দুৰ্যোগ প্ৰশমন বিভাগক জনাবলৈ আহ্বান জনোৱা হৈছে ৷ ইয়াৰ বাবে হেল্প লাইন নম্বৰো জাৰি কৰিছে জিলা প্ৰশাসনে ।

ইপিনে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা হাৰেংজাওলৈকে বিয়লি চাৰি বজালৈকে যানবাহন চলাচলৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । প্ৰচণ্ড বৰষুণৰ বাবেই এই সময়ত যানবাহন চলাচল সম্পূৰ্ণ বন্ধ থাকিব বুলি উল্লেখ কৰিছে প্ৰশাসনে । প্ৰচণ্ড বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনত ৰে’ল চলাচলো ইতিমধ্যে বন্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে ।

প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাও জিলাত সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধৰ ঘোষণা

উল্লেখ্য যে, 2022 চনতো এনে নেৰানেপেৰা বৰষুণৰ বাবে ডিমা হাছাও জিলাখন প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছিল । যাৰ ফলত বৃহৎ ক্ষতি হৈছিল জিলাখনৰ ৷ কি স্থলপথ, কি ৰে’লপথ ৷ মুহূৰ্ততে সকলো ধ্বংস হৈ গৈছিল ৷ ডিমা হাছাওৰ অপৰূপ সৌন্দৰ্যৰ সেই ম্লান পৰা দৃশ্যই সকলোকে কন্দোৱাইছিল ৷ দুটা বছৰ পূৰ্বে সংঘটিত হোৱা সেই ঘটনা পুনৰাবৃত্তি হোৱাৰ আশংকাত শংকিত হৈ পৰিছে সকলো ৷

ইপিনে ভূমিস্খলনৰ ফলত মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ থকাৰ বাবে ত্ৰিপুৰাৰ পৰা এখন নৈশ বাছ ডিমা হাছাও জিলাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ গুৱাহাটী অভিমুখে গৈ আছিল ৷ তেনেতে প্ৰতিকূল বতৰৰ বাবেই বুধবাৰে নিশা প্ৰায় 12 বজাত ডিমা হাছাও জিলাৰ হাৰেংগাজাও আৰু ডিটেকছৰাৰ মধ্যৱৰ্তী স্থানত দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ বাহনখনৰ নম্বৰ হৈছে AS01NC 0243 ৷

দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ এগৰাকী যাত্ৰী নিহত হোৱাৰ উপৰি বহু যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, নিহত লোকজন ত্ৰিপুৰাৰ মহাৰাণী কামালপুৰৰ বাসিন্দা দেৱৰাজ দেৱবাৰ্মা (33) ৷

লগতে পঢ়ক :ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ধুমুহাত বিস্তৰ ক্ষতিসাধন - Heavy Storm In Assam

ABOUT THE AUTHOR

...view details