মৰাণ, ২৪ জুন : যোৰহাট লোকসভাত সমষ্টিত বিজেপি পৰাজিত হোৱাটো আজিও ৰাজ্যৰ ৰাজনীতিত চৰ্চিত বিষয় হৈ আছে । কিয়নো যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ পাচতেই বিজেপি দলৰ ভিতৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।
মুখ্যমন্ত্ৰী সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰণ (ETV Bharat Assam) গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ পাচতে ৰাজ্যিক বিজেপিয়ে যোৰহাট লোকসভা সমষ্টিত এখনৰ পাচত আন এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো মন্ত্ৰী-বিধায়কক লগত লৈ পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছে ।
কিয়নো, লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যোৰহাট লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ লক্ষণীয় হৈ উঠিছিল । যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়ী কৰাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো কেবিনেট মন্ত্ৰী-বিধায়ক ব্যস্ত হৈ পৰিছিল । গৌৰৱ গগৈক পৰাস্ত কৰাটো বিজেপিয়ে লক্ষ্য হিচাপে লৈছিল ।
ইয়াৰ মাজতে সোমবাৰে চৰাইদেউৰ সোণাৰিত উপস্থিত হৈ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ।
অখিল গগৈয়ে কয়, যোৰহাট লোকসভা নিৰ্বাচনৰ ফলাফলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ককাঁলত ভালকৈয়ে একোব দিলে । হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰী মনোভাব নোহোৱা হৈ গৈছে । যোৰহাটৰ আসনত বিজেপি প্ৰাৰ্থী পৰাজিত হোৱাটো হিমন্ত বিশ্বৰ বাবে এক বৃহৎ ক্ষতি । নিজকে ৰজা বুলি ভবা হিমন্ত বিশ্ব শৰ্মাক যোৰহাটত তপন গগৈ পৰাজিত হোৱাৰ পাচতে ভালকৈয়ে হতাশ কৰি তুলিছে ।
আনহাতে, লোকসভা নিৰ্বাচনৰ পাচত 'ৰাজনৈতিক কথা নকওঁ, এতিয়া উন্নয়নৰ কথা আলোচনা কৰিম' বুলি কোৱা মুখ্যমন্ত্ৰীয়ে পুনৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে বুলিও অখিল গগৈয়ে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে । লগতে শিৱসাগৰৰ বিধায়কগৰাকীয়ে বিজেপি চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে সততে সংখ্যালঘু ৰাইজক তুচ্ছ-তাচ্ছিল্য কৰা হিমন্ত বাহিনীয়ে লোকসভা নিৰ্বাচনত কৰিমগঞ্জৰ আসনখন সংখ্যালঘু ৰাইজৰ ভোট দ্বাৰাই জয়ী হৈছে ।
অখিল গগৈয়ে আন কেইবাটাও বিষয় উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে । তেওঁ কয় যে কৰিমগঞ্জৰ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু একাংশ বেদখলকাৰীক মাতি আনি বিজেপিক ভোট দিবলৈ সকীয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে । ইয়াৰ অন্যথা বেদখলকাৰীৰ বাসগৃহ ভাঙি দিয়া হ'ব বুলি ভয় খুৱাইছিল । লগতে কৰিমগঞ্জত ড্ৰাগছ, কয়লা আৰু চুপাৰি চিণ্ডিকেট কৰা মানুহক ব্লেকমেইলিং কৰি হিমন্ত বিশ্ব শৰ্মাই ভোট লোৱা বুলিও বিস্ফোৰক মন্তব্য অখিল গগৈৰ ।
লগতে পঢ়ক :সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ উদগীৰণ : সমগ্ৰ অসমখন দখল কৰাৰ লক্ষ্য বাংলাদেশী মূলৰ মুছলমানৰ ! - Himanta Biswa Sarma
লগতে পঢ়ক :লোকসভা নিৰ্বাচনত বিজেপিৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ঝাৰখণ্ডৰ জনতাই: হিমন্ত বিশ্ব শৰ্মা - CM Himanta in Jharkhand