মৰাণ, 6 ছেপ্টেম্বৰ:অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীয়ে জোকাৰি গৈছে ৰাজ্য । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰা ঘটনাই সচেতন ৰাইজৰ চকু কপালত তুলিছে । অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ লাগিছে । একাংশ লোকক অনলাইন ট্ৰেডিঙৰ জৰিয়তে অধিক লাভ দেখুৱাই প্ৰৱঞ্চনা কৰি আহিছিল অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডে । ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বহুকেইটা প্ৰৱঞ্চক ৷ কোটি কোটি টকা লুণ্ঠন কৰি আত্মগোপন কৰি আছে আন বহু প্ৰৱঞ্চকে ।
অনলাইন ট্ৰেডিঙৰ ব্যৱহাৰ কঠোৰভাৱে বন্ধ কৰিবলৈ দাবী জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । তেওঁ কয়, ‘‘এইটো এটা ভয়াৱহ ঠগ-প্ৰৱঞ্চনাৰ বিষয় । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুন্ঠন কৰি লৈ গৈছে । এই বিষয়টো উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে । প্ৰয়োজন সাপেক্ষে ই ডি আৰু কেন্দ্ৰীয় ইনকম টেক্স ডিপাৰ্টমেন্টে গোটেই বিষয়টো চাই ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।’’
অজাপৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘এতিয়াও এই ঘটনাৰ লগত জড়িত বহু অপৰাধী মুকলি আকাশৰ তলত । চৰকাৰৰ ইমান স্মাৰ্ট আৰক্ষী বিষয়া থকাৰ পাছতো মুখ্যমন্ত্ৰীৰ নাকৰ তলতে ঘূৰি ফুৰিছে অপৰাধী । মুখ্যমন্ত্ৰীৰ ঘৰৰ ওচৰ-পাজৰে অপৰাধী ঘূৰি ফুৰিছে । এই বিষয়টোত চৰকাৰৰ পৃষ্ঠপোষকতা আছে নেকি ? ৰাজনৈতিক নেতাৰ হস্তক্ষেপ ৰক্ষণাবেক্ষণত এইসকল অপৰাধী মুকলি আকাশৰ তলত ঘূৰি আছে নেকি ৰাইজৰ সন্দেহ হৈছে । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ পত্নী ইয়াত জড়িত আছে, যাৰ ফলত ট্ৰেডিঙৰ প্ৰৱঞ্চক মুকলি আকাশৰ তলত থাকিব পাৰিছে ৷’’