মাজুলী :স্বাধীন অসমৰ লক্ষ্যৰে এসময়ত হাতত অস্ত্ৰ তুলি লৈছিল একাংশ যুৱকে । সেই যুৱকসকলক আলফা বুলিয়ে জানিছিল অসমৰ ৰাইজে । কিন্তু সেই বিদ্ৰোহ এৰি এতিয়া কৃষি বিপ্লৱ আৰম্ভ কৰিছে সেই যুৱকসকলে । হয়, আমি আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা সদস্যসকলৰ কথা ক'ব বিচাৰিছো । অস্ত্ৰ এৰি আজি তেওঁলোকে মাজুলীক সলনি কৰাৰ পণ লৈছে । যাৰ বাবে সকলোৱে কৃষিকৰ্মত নামি পৰিছে । ব্ৰহ্মপুত্ৰৰ চাপৰিত বিশাল ভূমিত সৰিয়হ, আলু, ভোট জলকীয়া, নহৰুৰ খেতিৰে প্ৰাক্তন আলফা সদস্যসকলে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ।
কৃষিকৰ্মত ব্যস্ত মাজুলীৰ প্ৰাক্তন আলফা
জানিব পৰা মতে প্ৰাক্তন আলফা সদস্যসকলে ২০০ বিঘা ভূমিত সৰিয়হৰ খেতি, ৫ বিঘাত কেৰেলা, ৫ বিঘাত বৰ সৰিয়হ আৰু ৭ বিঘাত জলকীয়া খেতি কৰিছে । তাৰ মাজতে প্ৰাক্তন আলফা সদস্যসকলক প্ৰেৰণা আৰু উৎসাহ যোগাবলৈ মাজুলীত উপস্থিত হৈছে প্ৰাক্তন আলফা নেতা জিতেন দত্ত । প্ৰাক্তন আলফা নেতাজনে কয়, "মাজুলীৰ প্ৰাক্তন আলফা কেডাৰসমূহক একগোট কৰি ৰখাৰ লগতে কৃষিৰ জৰিয়তে এইসকল প্ৰাক্তন আলফা কেডাৰক স্বাৱলম্বী কৰি তোলাৰ বাবে এই প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছে । মাজুলীৰ জিলা আয়ুক্তই এইসকল প্ৰাক্তন আলফা কেডাৰক কৃষিৰ জৰিয়তে আগবাঢ়ি যাবৰ বাবে যথেষ্ট সুবিধা কৰি দিছে, তাৰ বাবে তেওঁক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো ।"